জোনাইত শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে মৃত্যু দুজনৰ - Jonai road accident - JONAI ROAD ACCIDENT

🎬 Watch Now: Feature Video

thumbnail
জোনাইত শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে মৃত্যু দুজনৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 7, 2024 at 10:02 PM IST

1 Min Read
Choose ETV Bharat

জোনাই, 7 জুলাই: জোনাইৰ লাইমেকুৰীৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । এই পথ দুৰ্ঘটনাটোত থিতাতে দুজনকৈ বাইক আৰোহীয়ে প্ৰাণ হেৰুৱায় ৷ জানিব পৰা মতে পাচিঘাটৰ পৰা লখিমপুৰ অভিমুখে তীব্ৰ বেগত আহি থকা মাৰুতি ইগনিছ বাহন এখনে একেটা দিশেৰে গৈ থকা মটৰ চাইকেলখনক পিছফালৰ পৰা প্ৰচণ্ড জোৰত খুন্দা মাৰে ৷ যাৰ ফলত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ।

নিহত এজন বাইক আৰোহী জোনাইৰ লাইমেকুৰী টাক্ (Tako) গাঁৱৰ মনিকা পাতিৰ বুলি জানিব পৰা গৈছে ৷ ইফালে, আনজনৰ সঠিক পৰিচয় বাতৰি সংগ্ৰহ কৰা সময়লৈকে জানিব পৰা নাই যদিও অৰুণাচল প্ৰদেশৰ ৰায়াং গাঁৱৰ বুলি জানিব পৰা গৈছে ।

দুৰ্ঘটনা সংঘটিত হোৱা মাৰুটি ইগনিছ বাহনখনৰ নম্বৰ হৈছে AR-01S-4040 ৷ আনহাতে মটৰ চাইকেলখনৰ নম্বৰ হৈছে AR 09C 7419 ৷ ইতিমধ্যে ঘটনাস্থলীত জোনাই আৰক্ষী-প্ৰশাসন উপস্থিত হৈ দুৰ্ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: বন্যাৰ্তক সহায় কৰিবলৈ গৈ দুৰ্ঘটনাত পতিত চিকিৎসাকৰ্মী দলৰ এম্বুলেন্স - Accident in Kaliabor

বিশ্বনাথত দুটাকৈ পথ দুৰ্ঘটনা, থিতাতে মৃত্যু এজনৰ

ট্ৰাক-বলেৰ'ৰ মুখামুখি সংঘৰ্ষত থিতাতে প্ৰাণ হেৰুৱালে 9 জনে - Road Accident

ব্ৰহ্মপুত্ৰত ই-ৰিক্সাসহ উটি গ'ল তিনি যুৱক : এজনক জীৱিত অৱস্থাত উদ্ধাৰ - Missing In Brahmaputra

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details