পি এম কিষাণ আঁচনিত ১৮ লাখ কৃষকে ৩৮১ কোটি লাভ কৰিছে : অতুল বৰা - PM KISAN SCHEME
🎬 Watch Now: Feature Video

Published : November 9, 2024 at 1:28 PM IST
যোৰহাট : "ৰাজ্যত পি এম কৃষক আঁচনিৰ অধীনত ভুৱা কৃষক সৃষ্টি কৰি চৰকাৰী ধন লুণ্ঠন কৰা কৃষি উন্নয়ন বিষয়াৰ বিৰুদ্ধে বিভাগীয় তদন্ত আৰম্ভ হৈছে । সংবাদ মাধ্যমত প্ৰচাৰ হৈ থকা বাতৰিটো এটা পুৰণি বাতৰি । পূৰ্বতেই জিষ্ণু বৰুৱা নেতৃত্বত তদন্ত কৰা হ'ল । বিভাগীয় কৰ্তৃপক্ষক সংবাদ মাধ্যমত স্পষ্টীকৰণ দিবলৈ কোৱা হৈছে ।" এই মন্তব্য কৃষিমন্ত্ৰী অতুল বৰাৰ ।
শনিবাৰে যোৰহাটত কৃষি মন্ত্ৰীগৰাকীয়ে লগতে কয়, "পূৰ্বতে উজনি অসমৰ কৃষিপথাৰ ছন পৰি আছিল । কাৰণ খেতি কৰি কৃষকে উচিত মূল্য নাপাইছিল । কিন্তু মুখ্যমন্ত্ৰীয়ে এম এছ পি (MSP) ঘোষণা কৰাত কৃষকে উচিত মূল্য পালে আৰু দুবছৰ পৰা উজনি অসমৰ কৃষিপথাৰ বৰ্তমান ছন পৰি থকা নাই ।"
তেওঁ লগতে কয়, "পি এম কিষাণ আঁচনিয়ে ৰাজ্যৰ ১৮ লাখ কৃষকক সামৰি লৈছে আৰু ১৮ সংখ্যক কিস্তিত ৩৮১ কোটি টকা লাভ কৰিছে । বৰ্তমান পথাৰৰ পৰাই কৃষকৰ ধান ক্ৰয় কৰা হৈছে আৰু ৰাজ্য চৰকাৰে বাণিজ্যিক মূল্য থকা খেতিৰ ওপৰত অত্যধিক গুৰত্ব প্ৰদান কৰিছে ।"
ভুৱা কৃষক সন্দৰ্ভত অতুল বৰাই কয়, "সকলো কৃষকে ভুৱা নহয় ।"
| লগতে পঢ়ক :দাৱনীৰ ৰূপত অতুল বৰা, ল'লে ৰবাব টেঙাৰ জুতি |
| লগতে পঢ়ক :বিদেশৰ বজাৰ দখল কৰিবলৈ সাজু নলবাৰীৰ ৰঙালাও |