দেৰগাঁৱত চুৰিৰ অভিযোগত অভিযুক্ত ১৩ বছৰীয়া ছাত্ৰৰ আত্মহত্য়া - Student Commits Suicide - STUDENT COMMITS SUICIDE

🎬 Watch Now: Feature Video

thumbnail
১৩ বছৰীয়া ছাত্ৰৰ আত্মহত্য়া (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : August 3, 2024 at 5:21 PM IST

2 Min Read
Choose ETV Bharat

গোলাগাট,৩ আগষ্ট: দেৰগাঁৱৰ পুলি কৰৈয়নিত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । শুকুৰবাৰে উক্ত অঞ্চলৰ সপ্তম শ্ৰেণীৰ এজন ছাত্ৰক চুৰিৰ অভিযোগত অভিযুক্ত কৰা হৈছিল । ৫০ টকা চুৰিৰ অভিযোগ উত্থাপন কৰাৰ লগতে ঘৰৰ ভিতৰত শৌচ কৰাৰ অভিযোগ উত্থাপন কৰিছিল চুবুৰীয়া এঘৰ লোকে । উক্ত ঘটনাৰ পাচৰে পৰা সন্ধানহীন হৈ আছিল ছাত্ৰজন । পৰিয়ালৰ লোকে বিভিন্ন অঞ্চলত ছাত্ৰজনক বিচাৰে যদিও কোনোধৰণৰ সন্ধান লাভ নকৰাত নিৰাশ মনেৰে ঘৰলৈ উভতি আহে ।  

কিন্তু শনিবাৰে ৰহস্যজনকভাৱে অঞ্চলটোৰ এটা পুখুৰীত উদ্ধাৰ হয় ছাত্ৰজনৰ মৃতদেহ । মৃতদেহ উদ্ধাৰ হোৱাৰ পিচতে অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি হৈছে । চুৰিৰ অভিযোগত মানসিকভাৱে ভীতিগ্ৰস্ত হৈ এই চৰমপন্থা বাচি ল'লে নেকি ছাত্ৰজনে ? সেয়া এক ৰহস্যৰ বিষয় । বৰ্তমান ঘটনাস্থলীত দেৰগাঁও আৰক্ষী থানাৰ এটা দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰকৃত সত্য ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ (সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ।)

লগতে পঢ়ক: আত্মহত্যা নে আন কিবা ! বিদ্যালয়ৰ আৱাসিক এলেকাত ৰহস্যজনকভাৱে উদ্ধাৰ ছাত্ৰৰ মৃতদেহ - Tinsukia suicide news

গৌৰাং নৈত জাঁপ দি আত্মহত্যা কৰা কিশোৰৰ মৃতদেহ উদ্ধাৰ - Suicide case in Bilashipara

চিকিৎসালয়ৰ আৱাসত চৰকাৰী চিকিৎসকৰ আত্মহত্যা - Doctor Commits Suicide

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details