সেনাৰ নিযুক্তি পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰি গ্ৰেপ্তাৰ বহিঃৰাজ্যৰ ১৩ পৰীক্ষাৰ্থী - ARMY RECRUITMENT EXAM
🎬 Watch Now: Feature Video

Published : March 2, 2025 at 10:44 PM IST
গুৱাহাটী: পৰীক্ষাগৃহত অসৎ পন্থা অৱলম্বন কৰি অসম আৰক্ষীৰ জালত পৰিছে বহিঃৰাজ্যৰ ১৩ গৰাকীকৈ পৰীক্ষাৰ্থী । দেওবাৰে নাৰেংগী সেনা শিবিৰত অনুষ্ঠিত হয় ভাৰতীয় সেনা বাহিনীৰ ফায়াৰমেন, চুইপাৰ আৰু ট্ৰেডমেনৰ পৰীক্ষা । এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হয় হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ মহিলাসহ ১৩ গৰাকী পৰীক্ষাৰ্থী । কিন্তু ৰাজ্য দুখনৰ ১৩ গৰাকী পৰীক্ষাৰ্থীয়ে নীতিবহিৰ্ভূতভাৱে পৰীক্ষাকেন্দ্ৰত ব্যৱহাৰ কৰিছিল মোবাইল ফোন, আইপেড, ডিভাইচকে ধৰি একাধিক সামগ্ৰী ।
ভাৰতীয় সেনা বাহিনীয়ে বহিঃৰাজ্যৰ পৰীক্ষাৰ্থী কেইগৰাকীয়ে নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰাটো ধৰা পেলোৱাৰ পিছত সেনাই পৰীক্ষাৰ্থী কেইগৰাকীক আটক কৰি সাতগাঁও আৰক্ষীক গতাই দিয়ে । আটকাধীন পৰীক্ষাৰ্থী কেইগৰাকী হৈছে হাৰিয়ানাৰ য়ুথবীৰ, মোহন, বিশ্বাস, তুষাৰ, অনিল, ৰিংকু, কুলদীপ, গুৰমীত, হৰিশ, সন্দীপ কুমাৰ,বিলু, ইনু আৰু উত্তৰ প্ৰদেশৰ প্ৰাণদ্বীপ কুমাৰ ।