GST ৰ প্ৰভাৱ: 16,000 তকৈ অধিক হ্ৰাস পালে Jawa Yezdi মটৰ চাইকেলৰ মূল্য
উৎসৱৰ বতৰত মটৰ চাইকেল কোম্পানীসমূহে গ্ৰাহকৰ বাবে ঘোষণা কৰিছে বাম্পাৰ অফাৰ । GST ৰ প্ৰভাৱত অকল্পনীয়ভাৱে হ্ৰাস পাইছে Jawa আৰু Yezdi বাইকৰ দাম ।

Published : September 9, 2025 at 3:16 PM IST
হায়দৰাবাদ: ক্লাছিক লিজেণ্ডছ (CL)-এ ঘোষণা কৰিলে Jawa Yezdi মটৰ চাইকেলৰ নতুন মূল্য । 350 CC ৰ তলৰ মটৰ চাইকেলৰ বাবে 28 শতাংশৰ পৰা 18 শতাংশলৈ জিএছটি হ্ৰাসে Jawa Yezdi মটৰ চাইকেল আৰু ইয়াৰ প্ৰতি আগ্ৰহী গ্ৰাহকক আটাইতকৈ বেছি লাভৱান কৰি তুলিছে ।
জাৱা য়েজদি মটৰ চাইকেলৰ সহ-প্ৰতিষ্ঠাপক অনুপম থাৰেজাই কয়, "চৰকাৰৰ সাহসী আৰু সময়োপযোগী জিএছটি সংস্কাৰে বৃহত্তৰ মংগলৰ বাবে টেকটনিক পৰিৱৰ্তন আনিব, যিয়ে 2 ষ্ট্ৰ'কৰ পৰা 4 ষ্ট্ৰ'ক ইঞ্জিনলৈ ঐতিহাসিক পৰিৱৰ্তনৰ প্ৰতিধ্বনি দিয়ে । ক্লাছিক লিজেণ্ডছে জিএছটিৰ এই হ্ৰাসৰ প্ৰতি আদৰণি জনাইছে ।"
ইয়াৰ উপৰিও তেওঁ লগতে কয়, "যদিও ই আমাৰ 652CC বিএছএ গোল্ড ষ্টাৰৰ দৰে উচ্চ চিচি মটৰ চাইকেলৰ বাবে কৰ বোজা বৃদ্ধি কৰে, আমি ইয়াক প্ৰগতিশীল কৰ সংগ্ৰহৰ চিহ্ন হিচাপে গ্ৰহণ কৰো । এই ট্ৰেড-অফে মিড-ছেগমেণ্ট বাইকসমূহক বৃহত্তৰ ৰাইডাৰ সম্প্ৰদায়ৰ বাবে সুলভ কৰি তুলিছে -- ভাৰতৰ চাইকেলিং সংস্কৃতিৰ বাবে এক জয় ৷ দশক দশক পূৰ্বে নীতিগত পৰিৱৰ্তনৰ বাবে আমাৰ ব্ৰেণ্ডসমূহ ম্লান হৈ পৰিছিল, আমি জিএছটিৰ সুবিধাৰ 100% আমাৰ গ্ৰাহকসকলক প্ৰদান কৰিম ।

ইয়াত Jawa Yezdi মটৰ চাইকেলৰ পুৰণি আৰু নতুন মূল্যৰ বিশদ তালিকা দিয়া হৈছে:
| মডেল | পুৰণি মূল্য | নতুন মূল্য | হ্ৰাসৰ পৰিমাণ |
| Jawa 42 Babur | 2,09,500 টকা | 1,93,133 টকা | 16,367 টকা |
| Java 42 | 2,10,142 টকা | 1,93,725 টকা | 16,417 টকা |
| Jawa 350 | 1,98,950 টকা | 1,83,407 টকা | 15,543 টকা |
| Java Perak | 2,16,707 টকা | 1,99,775 টকা | 16,930 টকা |
ইয়াৰ উপৰিও জাৱা 42 য়ে বিশেষ সঞ্চয়ৰ সুবিধাও আগবঢ়াইছে । পূৰ্বে 2,10,142 টকাত বিক্ৰী হোৱা এই বাইকখন এতিয়া উপলব্ধ 16,417 টকা ৰেহাইৰ সৈতে 1,93,725 টকাত । এই তালিকাত সৰ্বাধিক ৰেহাই পোৱা মডেলটো হ’ল জৱা পেৰাক । পূৰ্বে 2,16,707 টকাত উপলব্ধ হোৱা এই বাইকখন 16,930 টকা হ্ৰাস হৈ বৰ্তমান উপলব্ধ হৈছে 1,99,775 টকাত । জাৱা মডেলৰ লগতে জি এছ টি হ্ৰাসৰ লগে লগে য়েজদি মটৰ চাইকেলৰ দামও যথেষ্ট হ্ৰাস পাইছে ।

| মডেল | পুৰণি মূল্য | নতুন মূল্য | হ্ৰাসৰ পৰিমাণ |
| Roadster | 2,09,969 টকা | 1,93,565 টকা | 16,404 টকা |
| Yezdi Adventure | 2,14,900 টকা | 1,98,111 টকা | 16,789 টকা |
| Scrambler | 2,11,900 টকা | 1,95,345 টকা | 16,555 টকা |
পূৰ্বে 2,09,969 টকাত উপলব্ধ ৰ’ডষ্টাৰ বৰ্তমান উপলব্ধ হৈছে 1,93,565 টকাত । একেদৰে য়েজদি এডভেঞ্চাৰৰ মূল্যও যথেষ্ট হ্ৰাস পাইছে । পূৰ্বে 2,14,900 টকাৰ এই বাইকখন বৰ্তমান উপলব্ধ 1,98,111 টকাত উপলব্ধ । ভ্ৰমণ অনুৰাগী বাইক প্ৰেমীসকলৰ বাবে এয়া এক সুৱৰ্ণ সুযোগ ।

লগতে, পূৰ্বে 2,11,900 টকাত উপলব্ধ হোৱা Scrambler বৰ্তমান উপলব্ধ 1,95,345 টকাত । মূল্য কৰ্তনৰ ফলত কোম্পানীটোৰ বিক্ৰী বৃদ্ধি পাব বুলি আশা কৰা হৈছে । এই বৃহৎ মূল্য কৰ্তনৰ ফলত এতিয়া যুৱক-যুৱতীসকলে তেওঁলোকৰ সপোনৰ বাইকখন অধিক সুলভ মূল্যত ক্ৰয় কৰিব পাৰিব । এই উৎসৱৰ বতৰত ৰয়েল এনফিল্ডৰ বাবে এক শক্তিশালী প্ৰত্যাহ্বানকাৰী হ’ব পাৰে জাৱা ৱাই জে ডি মটৰ চাইকেল ।
লগতে পঢ়ক

