ETV Bharat / technology

2025 বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ কেতিয়া; ভাৰতবাসীয়ে প্ৰত্যক্ষ কৰিব পাৰিবনে সেই দৃশ্য ?

2025 চনত চাৰিটা গুৰুত্বপূৰ্ণ জ্যোতিৰ্বিজ্ঞানৰ ঘটনা সংঘটিত হ’ব । ইয়াৰে দুটা সূৰ্যগ্ৰহণ আৰু দুটা চন্দ্ৰগ্ৰহণ । ক’ত ক’ত দৃশ্যমান হ’ব এই পৰিঘটনা ?

year-2025-to-witness-four-eclipses-but-only-one-visible-in-india-know-dates-and-details
2025 বৰ্ষৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ কেতিয়া; ভাৰতবাসীয়ে প্ৰত্যক্ষ কৰিব পাৰিবনে সেই দৃশ্য ? (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : December 30, 2024 at 4:32 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: 2024 বৰ্ষক বিদায় দিয়াৰ সময় সমাগত । নতুন বছৰটোত চাৰিটা গুৰুত্বপূৰ্ণ জ্যোতিৰ্বিজ্ঞানৰ ঘটনা সংঘটিত হ’ব । ইয়াৰে দুটা সূৰ্যগ্ৰহণ আৰু দুটা চন্দ্ৰগ্ৰহণ হ’ব যদিও ইয়াৰে এটাহে ভাৰতৰ পৰা দেখা পোৱা যাব । এই সন্দৰ্ভত তথ্য প্ৰদান কৰে উজ্জয়িনস্থিত জীৱাজী মানৱ নিৰীক্ষণ কেন্দ্ৰৰ অধীক্ষক ৰাজেন্দ্ৰ প্ৰকাশ গুপ্তাই । PTI ৰ সৈতে হোৱা কথা-বতৰাত ৰাজেন্দ্ৰ প্ৰকাশ গুপ্তাই আগন্তুক সূৰ্যগ্ৰহণৰ বিষয়ে আৰু ইয়াক প্ৰত্যক্ষ কৰিবলৈ পোৱা ঠাইসমূহৰ বিষয়ে কয় । এইবোৰৰ বিষয়ে জানো আহক...

মাৰ্চ মাহত হ’ব প্ৰথম চন্দ্ৰগ্ৰহণ

2025 চনৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ 14 মাৰ্চত সংঘটিত হ’ব আৰু সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ হ’ব । দুৰ্ভাগ্যজনকভাৱে এই পৰিঘটনা ভাৰতত দেখা নাযায়, কিয়নো এয়া দিনৰ ভাগত হ’বলৈ গৈ আছে । গুপ্তাই কয়, "আমেৰিকা, পশ্চিম ইউৰোপ, পশ্চিম আফ্ৰিকা আৰু উত্তৰ আৰু দক্ষিণ আটলাণ্টিক মহাসাগৰৰ দৰে অঞ্চলত চন্দ্ৰগ্ৰহণ দেখা যাব ।"

মাৰ্চ মাহৰ পৰা আৰম্ভ হ’ব আংশিক সূৰ্যগ্ৰহণ

ইয়াৰ পিছত মাহৰ শেষত 29 মাৰ্চত আংশিক সূৰ্যগ্ৰহণ হ’ব । অৱশ্যে ভাৰতীয় আকাশ-পৰ্যবেক্ষকসকলেও ইয়াক দেখাৰ পৰা বঞ্চিত হ’ব । এই বিষয়ে তথ্য দি গুপ্তাই কয়,"এই গ্ৰহণ উত্তৰ আমেৰিকা, গ্ৰীণলেণ্ড, আইচলেণ্ড, উত্তৰ আটলাণ্টিক মহাসাগৰ, ইউৰোপ আৰু উত্তৰ-পশ্চিম ৰাছিয়াত দেখা যাব ।"

ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ

ভাৰতীয় জ্যোতিৰ্বিজ্ঞান অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰিব পাৰে 7-8 ছেপ্টেম্বৰলৈ, যেতিয়া সমগ্ৰ দেশতে সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ দৃশ্যমান হ’ব । গুপ্তাই কয় যে এই সম্পূৰ্ণ চন্দ্ৰগ্ৰহণ এছিয়াৰ অন্যান্য দেশৰ লগতে ইউৰোপ, এন্টাৰ্কটিকা, পশ্চিম প্ৰশান্ত মহাসাগৰ, অষ্ট্ৰেলিয়া আৰু ভাৰত মহাসাগৰ অঞ্চলতো দেখা যাব । নিশা 8:58 বজাৰ পৰা 2:25 বজালৈ চলিব এই গ্ৰহণ, যাৰ ফলত চন্দ্ৰৰ ৰং গাঢ় ৰঙা দেখা যাব ।

2025 চনৰ ছেপ্টেম্বৰ মাহত হ’ব শেষ সূৰ্যগ্ৰহণ

2025 চনৰ শেষৰটো জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা 21-22 ছেপ্টেম্বৰত হ’ব, যিটো আংশিক সূৰ্যগ্ৰহণ । এয়াও ভাৰতত দেখা নাযাব । গুপ্তাই কয় যে “নিউজিলেণ্ড, পূব মেলেনেছিয়া, দক্ষিণ পলিনেছিয়া আৰু পশ্চিম এন্টাৰ্কটিকাত আংশিক সূৰ্যগ্ৰহণ দেখা যাব ।”

তিনিবাৰকৈ দেখা যাব উল্কাপিণ্ড

ইয়াৰ উপৰিও ভাৰততো 3-4 জানুৱাৰীত কোৱাড্ৰেন্টিডৰ পৰা আৰম্ভ কৰি তিনিটা বৃহৎ উল্কাপিণ্ড দেখা যাব, য’ত প্ৰতি ঘণ্টাত 80-120 উল্কাপিণ্ডে নিশাৰ আকাশ পোহৰাই তুলিব । ইয়াৰ পিছত 12-13 আগষ্টত দেখা পোৱা পাৰ্চেইডত প্ৰতি ঘণ্টাত 100 টা উল্কাপিণ্ড আৰু 14-15 ডিচেম্বৰত জামিনী ৰাশিত প্ৰতি ঘণ্টাত 150 টা উল্কাপিণ্ড দেখা যাব । এই উল্কাপিণ্ডবোৰ চাবলৈ কোনো বিশেষ সঁজুলিৰ প্ৰয়োজন নহ’ব, গতিকে সকলোৱে এই দৃশ্য উপভোগ কৰিব পাৰিব ।

অন্যান্য জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনা

ইয়াৰ উপৰিও 2025 চনত আকাশত তিনিটা ছুপাৰমুনও দেখা যাব, যিটো 7 অক্টোবৰ, 5 নৱেম্বৰ আৰু 5 ডিচেম্বৰত হ’ব ।এইবোৰ সাধাৰণতকৈ বৃহৎ আৰু উজ্জ্বল দেখা যাব, যাৰ ফলত এক দৰ্শনীয় দৃশ্যৰ সৃষ্টি হ’ব । ইয়াৰ বাহিৰেও 16 জানুৱাৰীত ‘March Opposition’ (মংগল, সূৰ্য আৰু পৃথিৱী একে দিশত থাকে আৰু পৃথিৱী সূৰ্য আৰু মংগলৰ মাজত অৱস্থান কৰে), দেখা যাব যিটো প্ৰতি 2 বছৰ 50 দিনৰ মূৰে মূৰে ঘটে, য’ত ৰঙা গ্ৰহটো পৃথিৱীৰ ওচৰলৈ আহে ।

লগতে পঢ়ক: মহালয়াত সূৰ্যগ্ৰহণ ! কেতিয়া আৰু কেনেকৈ চাব? - Solar Eclipse 2024

পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ ৰোমাঞ্চকৰ দৃশ্য - Solar Eclipse 2024

৮ এপ্ৰিলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ, ভাৰতৰ পৰা দৃশ্যমান হ'ব নে ? - Solar Eclipse of 2024