ETV Bharat / technology

মুকলি হ’ল আপডেটেড Yamaha Ray ZR আৰু Fascino স্কুটাৰ; জানক দাম, বৈশিষ্ট্য

য়ামাহা ইণ্ডিয়াই Yamaha Ray ZR আৰু Fascino স্কুটাৰৰ আপডেট সংস্কৰণ মুকলি কৰিছে । ইয়াৰ ভিন্নতা উপলব্ধ মুঠ 5 টা শ্ৰেণীত ।

yamaha-fascino-125-ray-zr-125-updated-with-new-features-price-engine-and-other-details
2025 Yamaha Fascino 125 আৰু Ray ZR 125 (Yamaha India)
author img

By ETV Bharat Tech Team

Published : August 15, 2025 at 11:46 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: দুচকীয়া বাহন নিৰ্মাতা কোম্পানী য়ামাহা ইণ্ডিয়াই শেহতীয়াকৈ মুকলি কৰিছে ইয়াৰ Yamaha Ray ZR আৰু ফেচিনো স্কুটাৰৰ আপডেট সংস্কৰণ । এই আপডেটৰ জৰিয়তে কোম্পানীটোৰ নতুন ‘এনহান্সড পাৱাৰ এচিষ্ট’ চিষ্টেমকে ধৰি এই স্কুটাৰসমূহত বহু পৰিৱৰ্তন কৰা হৈছে । কোম্পানীটোৰ মতে এই ব্যৱস্থাটো ইয়াৰ মৃদু-হাইব্ৰিড ব্যৱস্থাৰ উন্নীত সংস্কৰণ । ইয়াৰ উপৰিও কোম্পানীটোৱে এই স্কুটাৰসমূহত কিছু নতুন বৈশিষ্ট্যৰ লগতে নতুন ৰঙৰ বিকল্পও মুকলি কৰিছে ।

যদিও কোম্পানীটোৱে বৰ্তমানৰ মৃদু-হাইব্ৰিড ব্যৱস্থাতকৈ উন্নত কাৰ্যক্ষমতা দাবী কৰিছে, তথাপিও য়ামাহাই এতিয়াও স্পষ্ট কৰা নাই যে ইয়াৰ নতুন ‘এনহান্সড পাৱাৰ এছিষ্ট’ ব্যৱস্থাত কি পৰিৱৰ্তন কৰা হৈছে ।

মডেলআৰম্ভণি মূল্য (এক্স-শ্ব’ৰুম, দিল্লী)
Yamaha Fascino S 125 Fi হাইব্ৰীড (ৰং TFT/TBT)1,02,790.00 টকা
ফেচিনো এছ 125 ফাই হাইব্ৰীড95,850.00 টকা
ফেচিনো 125 ফাই হাইব্ৰীড80,750.00 টকা
RayZR ষ্ট্ৰীট ৰেলী 125 ফাই হাইব্ৰীড92,970.00 টকা
RayZR 125 ফাই হাইব্ৰীড79,340.00 টকা

কোম্পানীটোৱে এক বিবৃতিত কয়, "উচ্চ-কাৰ্যক্ষম বেটাৰীৰ দ্বাৰা চালিত ই স্থায়ী উচ্চ টৰ্ক প্ৰদান কৰে, যাৰ ফলত দ্ৰুত ত্বৰণ আৰু উন্নত প্ৰদৰ্শন হয় । এই উচ্চ ত্বৰণে বিশেষকৈ স্থবিৰৰ পৰা আৰম্ভ কৰাৰ সময়ত, বোজা তুলি লোৱা বা ওপৰলৈ উঠাৰ ক্ষেত্ৰত সহায় কৰে ।"

yamaha-fascino-125-ray-zr-125-updated-with-new-features-price-engine-and-other-details
2025 Yamaha Fascino 125 (Yamaha India)

কোম্পানীটোৱে আৰু কয়, "এই স্কুটাৰবোৰত স্মাৰ্ট মটৰ জেনেৰেটৰ (এছএমজি) প্ৰযুক্তি, চাইলেণ্ট ষ্টাৰ্ট আৰু ষ্টপ এণ্ড ষ্টাৰ্ট চিষ্টেম (এছএছএছ) আছে । এই স্কুটাৰসমূহে উৎকৃষ্ট ৰাইডিং আৰামৰ লগতে শ্ৰেণীৰ অগ্ৰণী ইন্ধন কাৰ্যক্ষমতাও প্ৰদান কৰে ।"

yamaha-fascino-125-ray-zr-125-updated-with-new-features-price-engine-and-other-details
2025 Yamaha Fascino 125 (Yamaha India)

ইয়ামাহা ফাচিনো এছৰ বৈশিষ্ট্যসমূহ

ইয়াৰ উপৰিও ইয়ামাহা ফেচিনো S ত এতিয়া টাৰ্ণ-বাই-টাৰ্ণ নেভিগেচনৰ বৈশিষ্ট্য আছে, যাক নতুন ৰঙৰ টিএফটি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ দিয়া হৈছে । অন্যান্য পৰিৱৰ্তনৰ কথা ক’বলৈ গ’লে এই স্কুটাৰসমূহ নতুন ৰঙৰ বিকল্পত মুকলি কৰা হৈছে, য’ত মেট গ্ৰে’, মেটালিক লাইট গ্ৰীণ আৰু মেটালিক বগা শ্বেড অন্তৰ্ভুক্ত কৰা হৈছে ।

yamaha-fascino-125-ray-zr-125-updated-with-new-features-price-engine-and-other-details
2025 Yamaha Ray ZR 125 (Yamaha India)

পাৱাৰট্ৰেইন

yamaha-fascino-125-ray-zr-125-updated-with-new-features-price-engine-and-other-details
2025 Yamaha Ray ZR 125 (Yamaha India)

Yamaha Ray ZR 125 ফাই হাইব্ৰীড ষ্ট্ৰীট ৰেলী মেট গ্ৰে মেটালিক শ্বেডত উপলব্ধ, আনহাতে ৰে জেড আৰ 125 ফাই হাইব্ৰীড ডিস্ক ভেৰিয়েণ্ট ছিলভাৰ হোৱাইট ককটেল শ্বেডত উপলব্ধ । ইঞ্জিনৰ কথা ক’বলৈ গ’লে এই দুয়োখন স্কুটাৰতে 125 CC, এয়াৰ কুলড ইঞ্জিন ব্যৱহাৰ কৰা হৈছে, যিয়ে 8 বিএইচপি শক্তি আৰু 10.3 এনএম সৰ্বোচ্চ টৰ্ক উৎপন্ন কৰে । এই ইঞ্জিনটো চিভিটি গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে ।

লগতে পঢ়ক