ধৰ্মঘটৰ তৃতীয় সপ্তাহ: প্ৰতিবাদী শ্ৰমিকৰ সৈতে আলোচনা কৰিবলৈ সাজু ছেমছাং - Workers Vs Samsung India
Samsung workers strike in Chennai: তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত ছেমছাঙৰ বিৰুদ্ধে চলি থকা ধৰ্মঘটে তৃতীয় সপ্তাহত ভৰি দিলে । ছেমছাং ইণ্ডিয়াই এই বিবাদ নিষ্পত্তিৰ বাবে শ্ৰমিকসকলৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰিবলৈ সাজু বুলি প্ৰকাশ কৰিছে ।

Published : September 28, 2024 at 11:01 AM IST
নিউজ ডেস্ক, 28 ছেপ্টেম্বৰ: তামিলনাডুৰ শ্ৰীপেৰুম্বুদুৰত থকা ছেমছাং ইণ্ডিয়াৰ প্লাণ্টত 1000 ৰো অধিক শ্ৰমিকৰ ধৰ্মঘটে তৃতীয় সপ্তাহত ভৰি দিয়াৰ লগে লগে শুকুৰবাৰে দক্ষিণ কোৰিয়াৰ ইলেক্ট্ৰনিকছ কোম্পানীটোৰ বিষয়া এগৰাকীয়ে কয় যে বিবাদৰ সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ বাবে পৰিচালনা সমিতিয়ে শ্ৰমিকসকলৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰিবলৈ ইচ্ছুক ।
মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ লগতে কাঞ্চিপুৰম জিলা আদালততো কোম্পানীটোক প্ৰতিনিধিত্ব কৰা ছেমছাং ইণ্ডিয়াৰ এজন অধিবক্তাই এক বিবৃতিযোগে কয় যে তামিলনাডুৰ কাৰখানাটোত শ্ৰমিকসকলে সকলো বিধিগত সুবিধা লাভ কৰে আৰু তেওঁলোকৰ মজুৰি চৰকাৰে ইলেক্ট্ৰনিকছ উদ্যোগৰ বাবে নিৰ্ধাৰণ কৰাতকৈ বহু বেছি ।
অধিবক্তাগৰাকীয়ে কয়, "মই আপোনালোকক জনাব বিচাৰো যে চলি থকা ধৰ্মঘট অবৈধ ৷ কাৰণ, শ্ৰমিকসকলে কৰা দাবী সন্দৰ্ভত আলোচনা প্ৰক্ৰিয়া চলি আছে আৰু শ্ৰমিক সংঘ আজিলৈকে পঞ্জীয়নহীন হৈ আছে ।"
অধিবক্তাগৰাকীয়ে পুনৰ কয়, "ছেমছাং ইণ্ডিয়াৰ পৰিচালনা সমিতিয়ে ধৈৰ্য্য ধৰিছে আৰু বিবাদৰ সৌহাৰ্দ্যপূৰ্ণ সমাধানৰ বাবে শ্ৰমিকসকলৰ সৈতে পোনপটীয়াকৈ আলোচনা কৰিবলৈ ইচ্ছুক । ছেমছাং ইণ্ডিয়াৰ পৰিচালনা সমিতিয়ে শ্ৰম বিভাগৰ বিষয়াসকলৰ উপস্থিতিত শ্ৰমিকসকলৰ সৈতে বৈঠকত বহিবলৈ ইচ্ছুক ।"
উল্লেখ্য যে, মজুৰি বৃদ্ধি, ইউনিয়নৰ স্বীকৃতি আৰু 8 ঘণ্টীয়া কামকে ধৰি দাবীসমূহ কাৰ্যকৰী কৰিবলৈ যোৱা 9 ছেপ্টেম্বৰৰ পৰা কৰ্মবিৰত শ্ৰমিকসকলে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে । কাৰখানাটোত হোৱা ধৰ্মঘটৰ ফলত টেলিভিছন, ফ্ৰীজ, ৱাশ্বিং মেচিন আদি সামগ্ৰীৰ উৎপাদনত বাধাপ্ৰাপ্ত হৈছে ।
অধিবক্তাগৰাকীৰ মতে, শ্ৰমিকসকলৰ সৈতে দীৰ্ঘম্যাদী মজুৰিৰ নিষ্পত্তি স্বাক্ষৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে পৰিচালনা সমিতিয়ে ।
অধিবক্তাগৰাকীয়ে এইদৰে কয় , "অৱশ্যে ছেমছাং ইণ্ডিয়াৰ মেনেজমেণ্টে তৃতীয় পক্ষৰ সৈতে নহয়, কেৱল আমাৰ কৰ্মীৰ সৈতেহে আলোচনা কৰিব । ছেমছাং ইণ্ডিয়া পৰিচালনাৰ হৈ মই শ্ৰমিকসকলক অনুৰোধ কৰিছো যে অবৈধ ধৰ্মঘট বাতিল কৰক, কামলৈ ঘূৰি আহক আৰু সকলো মতানৈক্য অতি সোনকালে সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ উদ্দেশ্যেৰে আলোচনাৰ বাবে আগবাঢ়ি আহক ।"

