ETV Bharat / technology

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 2025: ইতিহাস আৰু তাৎপৰ্য

আজি সমগ্ৰ দেশজুৰি পালন কৰা হ’ব ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে ৷ এই দিনটোৰ উদ্দেশ্য, তাৎপৰ্য তথা বিভিন্ন দিশৰ বাবে জানো আহক ---

why-is-national-science-day-celebrated-on-28-february-know-its-history-and-purpose-in-assamese
ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 2025: ইতিহাস আৰু তাৎপৰ্য (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : February 28, 2025 at 8:54 AM IST

6 Min Read
Choose ETV Bharat

হায়দৰাবাদ: বৈজ্ঞানিক বিকাশে মানুহৰ জীৱন বহু দিশত সলনি কৰি পেলাইছে । সমান্তৰালভাৱে বিজ্ঞানে মানৱ জীৱন উন্নত কৰি তোলাৰ লগতে মানৱ জীৱন বহু ক্ষেত্ৰত সহজ কৰি তুলিছে । বিজ্ঞানৰ সহায়তে আজি মানৱ জীৱনৰ সহায়কাৰী ৰবট, কম্পিউটাৰ, মোবাইল ডিভাইচ আদি উদ্ভাৱন কৰাটো সম্ভৱপৰ হৈছে । সেয়ে আমাৰ জীৱনত বিজ্ঞানৰ গুৰুত্ব যথেষ্ট । বিজ্ঞানৰ অগ্ৰগতিৰ ক্ষেত্ৰত ভাৰতে যথেষ্টখিনি অৱদান আগবঢ়াইছে ।

অনেক যশস্বী বিজ্ঞানীৰ জন্ম ভাৰততেই হৈছিল ৷ যিয়ে ভাৰতক বিজ্ঞানৰ অৱদানৰ ক্ষেত্ৰত স্বীকৃতি দিছিল আৰু ভাৰতকো এক সুকীয়া স্থান প্ৰদান কৰিছিল ।

  • ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 2025

‘‘ৰমন প্ৰভাৱ’’ৰ স্মৃতিত 28 ফেব্ৰুৱাৰীৰ দিনটো ভাৰতত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় । ভাৰত চৰকাৰে 28 ফেব্ৰুৱাৰীৰ দিনটো বিজ্ঞানী চি ভি ৰমণৰ স্মৃতিত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (NSD) হিচাপে ঘোষণা কৰে । কাৰণ ৰমণে 1930 চনৰ এই দিনটোতে ন’বেল বঁটা লাভ কৰিছিল ৷ চন্দ্ৰশেখৰ ভেংকট ৰমন চিভি ৰমন নামেৰেও পৰিচিত ৷

  • উদ্দেশ্য

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালনৰ মূল উদ্দেশ্য হৈছে বিজ্ঞানৰ গুৰুত্ব আৰু জনসাধাৰণৰ মাজত ইয়াৰ প্ৰয়োগ সন্দৰ্ভত বাৰ্তা প্ৰচাৰ কৰা । প্ৰতি বছৰে ভাৰতৰ অন্যতম প্ৰধান বিজ্ঞান উৎসৱ হিচাপে এই দিনটো পালন কৰা হয় তলত দিয়া উদ্দেশ্যসমূহৰ সৈতে -

  1. মানুহৰ দৈনন্দিন জীৱনত বৈজ্ঞানিক প্ৰয়োগৰ তাৎপৰ্য সম্পৰ্কে এক বাৰ্তা ব্যাপকভাৱে প্ৰচাৰ কৰা
  2. মানুহৰ কল্যাণৰ বাবে বিজ্ঞানৰ ক্ষেত্ৰখনত কৰা সকলো কাম-কাজ, প্ৰচেষ্টা, কৃতিত্ব প্ৰদৰ্শন কৰা
  3. সকলো বিষয়ৰ ওপৰত আলোচনা কৰি বিজ্ঞানৰ বিকাশৰ বাবে নতুন প্ৰযুক্তি ৰূপায়ণ কৰা
  4. ৰাইজক উৎসাহিত কৰাৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক জনপ্ৰিয় কৰি তোলা
  • বিজ্ঞান দিৱস 2025 ৰ উদ্দেশ্য

2025 বৰ্ষৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ থিম হ’ল বিকশিত ভাৰত গঢ়াৰ উদ্দেশ্য ভাৰতীয় যুৱ সমাজক বিশ্বৰ বিজ্ঞান আৰু উদ্ধাৱনক্ষেত্ৰৰ বাবে উন্নত কৰি তোলা ৷

ৰমণ প্ৰভাৱ কি ?

ৰমন প্ৰভাৱত কোৱা হৈছে যে যেতিয়া কোনো তৰল পদাৰ্থৰ পৰা পোহৰৰ তৰংগ ওলাই আহে তেতিয়া এই পোহৰৰ তৰংগৰ কিছু অংশ ভিতৰলৈ সিঁচৰতি হৈ পৰে আৰু সেই অহা পোহৰৰ তৰংগৰ দিশৰ পৰা পৃথক দিশ । তেওঁৰ গৱেষণাত দেখা গৈছে যে কিয় সাগৰৰ পানী নীলা দেখা যায় । ৰমন ইফেক্ট হৈছে ফ’টন কণিকাৰ নমনীয় বিতৰণৰ বিষয়ে ।

  • সংক্ষেপে চি ভি ৰমনৰ বিষয়ে
  1. ড° চি ভি ৰমনৰ জন্ম হৈছিল 1888 চনৰ 7 নৱেম্বৰত তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ মাদ্ৰাজ প্ৰেচিডেন্সি (তামিলনাডু)ত । তেওঁৰ পিতৃ গণিত আৰু পদাৰ্থ বিজ্ঞানৰ অধ্যাপক আছিল ।
  2. চি ভি ৰমনে মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজৰ পৰা বি এ সম্পূৰ্ণ কৰি পদাৰ্থ বিজ্ঞানত এম এ সম্পূৰ্ণ কৰে একেখন কলেজৰ পৰা ।
  3. চি ভি ৰমনে চৰকাৰী চাকৰি লাভ কৰে আৰু বিজ্ঞান ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়িবলৈ চেষ্টা কৰিছিল । বিভিন্ন বৈজ্ঞানিক প্ৰতিযোগিতাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল আৰু ভাৰত চৰকাৰৰ বিত্ত বিভাগে তেওঁক বৃত্তিৰ বাবে নিৰ্বাচন কৰিছিল ।
  4. তেওঁ ইণ্ডিয়ান এছ’চিয়েচন ফৰ কাল্টিভেচন অৱ চাইন্সৰ পৰীক্ষাগাৰ আৰু কলিকতা বিশ্ববিদ্যালয়ত গৱেষণা কৰিছিল ৷ তেওঁ তীখাৰ বৰ্ণালী প্ৰকৃতি, তীখাৰ গতিবিদ্যাৰ মৌলিক বিষয়, গঠন আৰু হীৰাৰ ধৰ্ম আৰু বহুতো ৰংযুক্ত পদাৰ্থৰ আলোকীয় আচৰণ আদি সন্দৰ্ভত গৱেষণা চলাইছিল । তেওঁ প্ৰথমে আৱিষ্কাৰ কৰিছিল তবলা আৰু মৃদংগমৰ হাৰমনিক প্ৰকৃতি ।
  5. ভাৰত চৰকাৰে 1954 চনত সৰ্বোচ্চ অসামৰিক বঁটা ভাৰতৰত্নৰে সন্মানিত কৰে ।
  • বিজ্ঞানৰ সমান্তৰালভাৱে ছাৰ চি ভি ৰমন আন কি বিষয়ৰ প্ৰতি আগ্ৰহী

এজন উল্লেখযোগ্য বিজ্ঞানী হোৱাৰ লগতে ছাৰ চি ভি ৰমন তেওঁৰ জীৱন আৰু কৰ্মৰ কেইবাটাও অনন্য আৰু আকৰ্ষণীয় দিশ আছিল । কেৱল মাত্ৰ পোহৰৰ নোবেল বঁটাই নহয়, অন্যান্য বিভিন্ন ক্ষেত্ৰৰ প্ৰতিও তেওঁৰ আগ্ৰহ আছিল ।

1/ সংগীতৰ প্ৰতি আগ্ৰহ: বিজ্ঞানৰ সমান্তৰালভাৱে চি ভি ৰমণৰ সংগীতৰ প্ৰতি আছিল বিশেষ আকৰ্ষণ ৷ বিশেষকৈ ভাৰতীয় ক্লাছিকেল সংগীত তেওঁৰ প্ৰিয় আছিল ৷ তেওঁ ভায়’লিন বজাইছিল আৰু ভাৰতীয় সাংগীতিক বাদ্য-যন্ত্ৰৰ সৈতে বিজ্ঞানৰ সম্বন্ধ বুজাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছিল ৷

2/ শিক্ষায়তনিক ক্ষেত্ৰত: তেওঁ নিজে চলোৱা গৱেষণাক্ষেত্ৰতকৈও বিস্তৃত আছিল শিক্ষাৰ প্ৰতি তেওঁৰ আগ্ৰহ ৷ ভাৰতত বহু গৱেষণা প্ৰতিষ্ঠান স্থাপনত ৰমণৰ ভূমিকা আছিল উল্লেখযোগ্য ৷ ইয়াৰ ভিতৰত বাংগালুৰুত স্থাপিত ৰমণ গৱেষণা কেন্দ্ৰও অৰ্ন্তভুক্ত ৷ বিজ্ঞানক্ষেত্ৰৰ পৰৱৰ্তী প্ৰজন্মবোৰ ৰমণৰ কাৰ্যৰ দ্বাৰা অনুপ্ৰাণিত হৈ আহিছে ৷ তেওঁ কেৱল বিজ্ঞান ক্ষেত্ৰতেই নহয়, এইক্ষেত্ৰত চৰ্চা চলাবৰ বাবেও বিভিন্ন প্ৰতিষ্ঠান গঠন কৰি থৈ গৈছে ৷

3/ অনুসন্ধিৎসু মন: ৰমণ শৈশৱকালৰে পৰা অনুসন্ধিৎসু মনৰ আছিল । তেওঁৰ মনত প্ৰায়ে প্ৰশ্ন উত্থাপন হৈছিল যে কেনেকৈ কামবোৰ হৈছিল আৰু তেওঁৰ চৌপাশৰ জগতখন বুজিবলৈ গভীৰ ইচ্ছা জাগিছিল ।

  • ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত প্ৰদান কৰা বঁটা

ৰাষ্ট্ৰীয় বিজ্ঞান জনপ্ৰিয়কৰণ বঁটাৰ লগতে অন্যান্য শাখাৰ ৰাষ্ট্ৰীয় বঁটাও প্ৰদান কৰা হয়

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস । ইয়াৰে কিছুমান হ’ল-

  1. • ৰাষ্ট্ৰীয় এছ এণ্ড টি যোগাযোগ বঁটা
  2. • আৰ্টিকুলেটিং ৰিচাৰ্চৰ বাবে লিখাৰ দক্ষতা বৃদ্ধি (AWSAR) বঁটা
  3. • SERB মহিলা উৎকৃষ্টতা বঁটা
  4. • ৰাজেন্দ্ৰ প্ৰভু সোঁৱৰণী প্ৰশংসা শ্বিল্ড
  • বঁটাৰ শিতানসমূহ

"ৰাষ্ট্ৰীয় বিদ্যান পুৰস্কাৰ"ত সাধাৰণতে "বিজ্ঞান ৰত্ন" (সৰ্বোচ্চ সন্মান), "বিজ্ঞান শ্ৰী"(বিশিষ্ট বিজ্ঞানীসকলৰ বাবে), "বিজ্ঞান যুৱ - শান্তি স্বৰূপ ভটনগৰ" (যুৱ বিজ্ঞানীসকলৰ বাবে), আৰু "বিজ্ঞান দল" (সহযোগিতামূলক গৱেষণাৰ বাবে) আদি শিতান অন্তৰ্ভুক্ত কৰা হয় ।

  • বিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰলৈ বঁটা

বঁটাৰ বাবে জৈৱ বিজ্ঞান, কৃষি বিজ্ঞান, পাৰমাণৱিক শক্তি, পৃথিৱী বিজ্ঞান, অভিযান্ত্ৰিক আৰু বহুতো ক্ষেত্ৰৰ পৰা লোক বাচনি কৰা হয় ।

2025 চনৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ বঁটাপ্ৰাপক: "ৰাষ্ট্ৰীয় বিজ্ঞান"ৰ অধীনত কিছু সম্ভাৱ্য বঁটাপ্ৰাপকৰ ভিতৰত আছে: অধ্যাপক গোবিন্দৰাজন পদ্মনাভন (জৈৱ বিজ্ঞান), ড৹ আনন্দৰমকৃষ্ণন চি (কৃষি বিজ্ঞান), ড° আবেশ কুমাৰ ত্যাগী (পাৰমাণৱিক শক্তি), অধ্যাপক উমেশ বৰ্ষনে (জৈৱবিজ্ঞান বিজ্ঞান), অধ্যাপক জয়ন্ত ভালচন্দ্ৰ উদগাঁওকাৰ (জৈৱ বিজ্ঞান) আৰু অধ্যাপক চৈয়দ ৱাজিহ আহমদ, নাকভি (পৃথিৱী বিজ্ঞান) ।

লগতে পঢ়ক

‘চিটী কিলাৰ’ এ ভাবুকি কঢ়িয়াইছে নেকি চন্দ্ৰলৈ; কি কয় নাছাই ?

Planetary Parade 2025: সৌৰজগতৰ সাতটা গ্ৰহক প্ৰত্যক্ষ কৰক বিশেষ অৱস্থানত

2025 বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ কেতিয়া; ভাৰতবাসীয়ে প্ৰত্যক্ষ কৰিব পাৰিবনে সেই দৃশ্য ?