হোৱাটছএপৰ নতুন বৈশিষ্ট্য; হোৱাটছএপৰ জৰিয়তে অহা ফটো-ভিডিঅ’ৰ কোৱালিটী নিয়ন্ত্ৰণ কৰিব পাৰিব নিজেই
হোৱাটছএপত এটা নতুন ফিচাৰ ৰোল আউট কৰা হৈছে, যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে নিজৰ ফোনটোৰ ষ্ট’ৰেজ ছেভ কৰিব পাৰিব ।

Published : June 7, 2025 at 2:28 PM IST
হায়দৰাবাদ: আজিকালি মানুহে নিজৰ ফোন ষ্ট’ৰেজক লৈ বহুত চিন্তিত । ফোনৰ ষ্ট’ৰেজ সোনকালে শেষ হৈ যোৱাৰ বাবে বহু ফোন ব্যৱহাৰকাৰী উদ্বিগ্ন হৈ পৰে । ফোন ষ্ট’ৰেজ বৃদ্ধিৰ বহু কাৰণৰ ভিতৰত অন্যতম হ’ল হোৱাটছএপৰ জৰিয়তে ফোনলৈ অহা ফটো আৰু ভিডিঅ’ । হোৱাটছএপৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ ফোনত বিভিন্ন ব্যক্তিগত চেট আৰু গ্ৰুপৰ পৰা বহু ফটো আৰু ভিডিঅ’ লাভ কৰে, যিবোৰৰ কোনো প্ৰয়োজন নাই অথবা এই ফটো-ভিডিঅ’ৰ আকাৰ ইমানেই ডাঙৰ যে ইয়াত অধিক ফোন ষ্ট’ৰেজ ব্যৱহাৰ কৰা হয় ।
ব্যৱহাৰকাৰীৰ এই সমস্যা সমাধানৰ বাবে WhatsApp য়ে মুকলি কৰিছে এক নতুন বৈশিষ্ট্য । এই বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ফোনত ডাউনলোড বা ছেভ কৰাৰ পূৰ্বে হোৱাটছএপৰ জৰিয়তে লাভ কৰা ফটো আৰু ভিডিঅ’ৰ মানদণ্ড বাছি ল’ব পাৰিব । ব্যৱহাৰকাৰীয়ে ইচ্ছা কৰিলে মানক বা HD মান বাছি ল’ব পাৰে । ষ্টেণ্ডাৰ্ড মানত ডাউনলোড কৰিলে কম ফোন ষ্ট’ৰেজ খৰচ হ’ব আৰু এইচডি মানত ডাউনলোড কৰিলে অধিক ফোন ষ্ট’ৰেজ খৰচ হ’ব ।
হোৱাটছএপত আহিবলগীয়া এই নতুন আৰু আগন্তুক বৈশিষ্ট্যৰ বিষয়ে তথ্য প্ৰদান কৰিছে হোৱাটছএপৰ আগন্তুক বৈশিষ্ট্যসমূহ অনুসৰণ কৰা ৱেবছাইট WABetaInfo য়ে । ৱেবছাইটটোৰ মতে, WhatsApp ৰ এই বৈশিষ্ট্যৰ নাম হৈছে Quality for Downloaded Photo and Videos । এই বৈশিষ্ট্য এণ্ড্ৰইড সংস্কৰণৰ বাবে মুকলি কৰা হৈছে । এই বৈশিষ্ট্যৰ WhatsApp beta সংস্কৰণ Android 2.25.18.11 ৰ বাবে মুকলি কৰা হৈছে । প্ৰতিবেদন অনুসৰি এই বৈশিষ্ট্য এণ্ড্ৰইড সংস্কৰণৰ কিছুমান বিটা পৰীক্ষকৰ বাবে উপলব্ধ কৰা হৈছে আৰু অনাগত কেইসপ্তাহমানৰ ভিতৰত ইয়াক অধিক ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰিব পৰা যাব ।
📝 WhatsApp beta for Android 2.25.18.11: what's new?
— WABetaInfo (@WABetaInfo) June 6, 2025
WhatsApp is rolling out a feature to choose the quality for downloaded photos and videos, and it's available to some beta testers!https://t.co/vczyUfYlBM pic.twitter.com/HfV5apzWuq
এণ্ড্ৰইড 2.25.18.11 আপডেটৰ শেহতীয়া হোৱাটছএপ বিটা সংস্কৰণ গুগল প্লে ষ্ট’ৰত উপলব্ধ কৰা হৈছে । ওপৰত সংলগ্ন X (পূৰ্বতে টুইটাৰ) পোষ্টটোত দেখাৰ দৰে কিছুমান বিটা পৰীক্ষকে ছেটিংছত ষ্টৰেজ আৰু ডাটা অংশলৈ গৈ মিডিয়াৰ মান নিয়ন্ত্ৰণ কৰিব পাৰে । আমি ওপৰত কোৱাৰ দৰে নতুন হোৱাটছএপ ছেটিংছত স্বয়ংক্ৰিয়ভাৱে ডাউনলোড হোৱা মিডিয়াত দুটা গুণগত বিকল্প আছে । প্ৰথমটো হ’ল ষ্টেণ্ডাৰ্ড গুণগত মান, য’ত ফটোখনৰ আকাৰ সংকোচিত কৰা হয়, যাৰ ফলত মিডিয়া ফাইলৰ আকাৰ হ্ৰাস পায় । ইয়াৰ বাবে ই দ্ৰুতভাৱে ডাউনলোড হয় আৰু লগতে কম ফোন ষ্ট’ৰেজ ব্যৱহাৰ কৰে । গুণগত মানৰ বাবে দ্বিতীয় বিকল্প হ’ল এইচডি । ইয়াত উচ্চ দৃশ্যমান বিৱৰণ আৰু ৰিজ’লিউচন আছে আৰু ই অধিক ফোন ডাটা আৰু ষ্ট’ৰেজ খৰচ কৰে । এতিয়া নতুন আপডেটৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে এই দুটা বিকল্পৰ যিকোনো এটা বাছি লৈ নিজৰ ফোন ষ্ট’ৰেজ নিয়ন্ত্ৰণ কৰিব পাৰিব ।
লগতে পঢ়ক

