হায়দৰাবাদ: মেটাৰ মালিকানাধীন হোৱাটছএপে বৃহস্পতিবাৰে ঘোষণা কৰে যে হলিডে’ চিজনৰ পূৰ্বে ডেস্কটপ আৰু মোবাইল প্লেটফৰ্মত অডিঅ’ আৰু ভিডিঅ’ কলৰ অভিজ্ঞতা উন্নত কৰাৰ বাবে কেইবাটাও নতুন বৈশিষ্ট্য মুকলি কৰিছে ।
ইনষ্টেণ্ট মেছেজিং প্লেটফৰ্মটোৱে এতিয়া ব্যৱহাৰকাৰীক ভিডিঅ’ কলত আৰু অধিক ইফেক্ট বাছি লোৱাৰ বিকল্প প্ৰদান কৰিছে । ইয়াৰ উপৰিও ই গ্ৰুপ চেটত কলৰ বাবে নিৰ্দিষ্ট অংশগ্ৰহণকাৰী নিৰ্বাচন কৰাৰ ক্ষমতাও যোগ কৰে । হোৱাটছএপে হাই ৰিজ’লিউচন ভিডিঅ’ প্ৰৱৰ্তন কৰি কলিং অভিজ্ঞতাও উন্নত কৰাৰ দাবী কৰিছে ।
ভিডিঅ’ কলৰ বাবে WhatsApp ত যোগ কৰা হৈছে 10 টা ইফেক্ট
এটা ব্লগ পোষ্টত হোৱাটছএপে ডেস্কটপ আৰু মোবাইল প্লেটফৰ্মত নতুন বৈশিষ্ট্যৰ বিষয়ে বিতংভাৱে প্ৰকাশ কৰিছে । কোম্পানীটোৱে আলোকপাত কৰে যে ব্যৱহাৰকাৰীয়ে এতিয়া ভিডিঅ’ কলত 10টা ইফেক্টৰ মাজৰ পৰা বাছি ল’ব পাৰে, য’ত আছে কুকুৰ পোৱালিৰ কাণ, পানীৰ তল আৰু কাৰাওকে মাইক্ৰ’ফোন । গ্ৰুপ চেটত ব্যৱহাৰকাৰীয়ে সমগ্ৰ চেটটোত বাধা নিদিয়াকৈ কলৰ বাবে নিৰ্দিষ্ট অংশগ্ৰহণকাৰী নিৰ্বাচন কৰিব পাৰে ।
কোম্পানীটোৱে হোৱাটছএপ ডেস্কটপ এপৰ কল টেবত অধিক বিকল্পৰ প্ৰৱৰ্তন কৰিছে । এতিয়া কল আৰম্ভ কৰি কল লিংক তৈয়াৰ কৰি নম্বৰ ডায়েল কৰাৰ বিকল্প আছে । ইয়াৰ উপৰিও ব্যক্তিৰ লগতে গ্ৰুপ কলত স্পষ্ট ছবিৰ সৈতে হাই-ৰিজ’লিউচন ভিডিঅ’ কলিঙৰ প্ৰৱৰ্তন কৰা হৈছে । মন কৰিবলগীয়া যে, যোৱা কেইমাহমানৰ পৰা হোৱাটছএপত প্ৰৱৰ্তন কৰা নতুন বৈশিষ্ট্যসমূহৰ ভিতৰত এই বৈশিষ্ট্যসমূহ অন্যতম ।
Chat ত ৰিয়েল টাইম এংগেজমেণ্টৰ বাবে চলিত মাহৰ আৰম্ভণিতে হোৱাটছএপে টাইপিং ইনডিকেটৰ প্ৰৱৰ্তন কৰিছিল । যেতিয়া এজন ব্যৱহাৰকাৰীয়ে এজনৰ পৰা এজনলৈ আৰু গোটৰ Chat ত সক্ৰিয় কথোপকথনত লিপ্ত হয়, তেতিয়া Chat ত টাইপ কৰা ব্যৱহাৰকাৰীৰ প্ৰফাইল ছবিৰ সৈতে দৃশ্যমান ইংগিতসমূহ ওলায় । এই বৈশিষ্ট্য বিশেষভাৱে উপযোগী বুলি কোৱা হয় যেতিয়া একাধিক ব্যৱহাৰকাৰীয়ে একেলগে গ্ৰুপ চেটত টাইপ কৰে ।
ইয়াৰ উপৰিও যোৱা মাহত হোৱাটছএপে ভইচ মেছেজৰ ট্ৰান্সক্ৰিপ্টৰো প্ৰৱৰ্তন কৰিছিল । এই বৈশিষ্ট্যৰ সহায়ত ভইচ মেছেজ প্ৰেৰণ কৰাটো আৰু অধিক সুবিধাজনক হৈ পৰিব । এই বৈশিষ্ট্যই ব্যৱহাৰকাৰীসকলক আনৰ পৰা লাভ কৰা ভয়েচ বাৰ্তাৰ এটা টেক্সট-ভিত্তিক ট্ৰান্সক্ৰিপচন প্ৰদান কৰে । কিন্তু ভইচ মেছেজৰ ট্ৰান্সক্ৰিপ্ট কেৱল গ্ৰহণ কৰাজনেহে চাব পাৰিব, প্ৰেৰকজনে নহয় ।