হোৱাটচএপত উপলব্ধ নতুন বৈশিষ্ট্য়: ভাষা হৈ নপৰিব বাৰ্তালাপৰ সময়ত হেঙাৰ
এতিয়া হোৱাটছএপ বাৰ্তাসমূহ নিমিষতে আপোনাৰ পছন্দৰ ভাষালৈ অনুবাদ কৰাটো বহুত সহজ হৈ পৰিছে । এই নতুন বৈশিষ্ট্যৰ বিষয়ে অধিক জানো আহক ।

Published : September 24, 2025 at 4:58 PM IST
হায়দৰাবাদ: যোৱা কেইবাবছৰ ধৰি সমগ্ৰ দেশৰ লগতে বিশ্বৰ লাখ লাখ ব্যৱহাৰকাৰীয়ে অপেক্ষা কৰি থকা এটা বৈশিষ্ট্য উপলব্ধ হ’ব হোৱাটছএপত । হোৱাটছএপৰ জৰিয়তে দেশৰ বা বিদেশৰ মানুহৰ সৈতে নিমিষতে সংযোগ স্থাপন, কথা পতা, ফটো আৰু ভিডিঅ’ পঠোৱা, ডকুমেণ্ট পঠোৱা বা লোকেশ্যন পঠোৱা আদি অতি সহজ হৈ পৰে । কিন্তু হোৱাটছএপ চেটৰ সময়ত যেতিয়া সিফালৰ ব্যক্তিজনে বেলেগ ভাষাত কথা ক’বলৈ ওলাইছে তেতিয়া মানুহে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় । এনে পৰিস্থিতিত ব্যৱহাৰকাৰীসকলৰ বাবে চেটটো বুজিবলৈ বা আন ভাষাৰ বাৰ্তাসমূহ পঢ়িবলৈ অতি কঠিন হৈ পৰে । WhatsApp এ এই সমস্যাৰ সমাধান বিচাৰি পাইছে আৰু এতিয়া তেওঁলোকে Message Translation নামৰ এটা নতুন বৈশিষ্ট্য আনিবলৈ ওলাইছে, যিয়ে আড্ডাৰ সময়ত ব্যৱহাৰকাৰীৰ মাজত থকা ভাষাৰ বাধা দূৰ কৰিব ।
এতিয়া আপুনি WhatsApp ত পোৱা বাৰ্তাসমূহ বিভিন্ন ভাষাত নিমিষতে নিজৰ ভাষালৈ অনুবাদ কৰিব পাৰিব । যদি আপুনি আন ভাষাত হোৱাটছএপৰ বাৰ্তা এটা বুজিব বিচাৰে তেন্তে বাৰ্তাটোত দীঘলীয়াকৈ টিপি "অনুবাদ কৰক" বিকল্পটো টেপ কৰক আৰু তাৰ পিছত আপোনাৰ পছন্দৰ ভাষা নিৰ্বাচন কৰক । আপুনি বাৰ্তাটো ডাউনলোড কৰি ভৱিষ্যতে মেনশ্যনৰ বাবে সংৰক্ষণ কৰিব পাৰে ।
WhatsApp announced a message translation feature which will translate messages directly within the chat.
— Saadh Jawwadh (@SaadhJawwadh) September 23, 2025
Currently available in English, Spanish, Hindi, Portuguese, Russian, and Arabic for Android and 19 languages for iOS pic.twitter.com/pqEnFKb7q7
হোৱাটছএপৰ অটো অনুবাদৰ বৈশিষ্ট্য
এই নতুন WhatsApp বৈশিষ্ট্য ব্যক্তিগত চেটৰ লগতে গ্ৰুপ আৰু চেনেল আপডেটতো ব্যৱহাৰ কৰিব পাৰিব । যদি আপুনি এণ্ড্ৰইড ডিভাইচত হোৱাটছএপ ব্যৱহাৰ কৰে তেন্তে আপুনি এটা অতিৰিক্ত বৈশিষ্ট্যও পাব: আপুনি এটা সম্পূৰ্ণ চেট থ্ৰেডৰ বাবে স্বয়ংক্ৰিয় অনুবাদ অন কৰিব পাৰিব । আপুনি এবাৰ এই বৈশিষ্ট্য সামৰ্থবান কৰিলে, আপুনি সেই থ্ৰেডত (বা কথোপকথন) সকলো নতুন বাৰ্তা আপোনাৰ নিৰ্বাচিত ভাষাত পঢ়িব পাৰিব, কাৰণ সিহঁতক আপোনাৰ নিৰ্বাচিত ভাষালৈ স্বয়ংক্ৰিয়ভাৱে অনুবাদ কৰা হ'ব ।
we made it happen 😌
— WhatsApp (@WhatsApp) September 23, 2025
You can now translate messages right in your chats and they are translated on your phone, keeping them end-to-end encrypted (that’s the privacy respecting way to do it, after all) https://t.co/lBlRnCcu9v
WhatsApp এ ব্যৱহাৰকাৰীৰ গোপনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই বৈশিষ্ট্য ডিজাইন কৰিছিল । অনুবাদ প্ৰক্ৰিয়া আপোনাৰ ডিভাইচত ঘটে, গতিকে হোৱাটছএপ বা কোনো তৃতীয় পক্ষৰ এপে আপোনাৰ বাৰ্তাত প্ৰৱেশ কৰিব নোৱাৰে । ব্যৱহাৰকাৰীৰ গোপনীয়তা সুৰক্ষিত কৰাৰ বাবে ই অতি গুৰুত্বপূৰ্ণ ।
WhatsApp supports message translation in multiple languages.
— Shekhar (@shekhardotin) September 24, 2025
Long-press, tap 'More,' select 'Translate,' choose language, and download for future use. Works for 1:1 chats, groups, and Channel updates. #WhatsApp pic.twitter.com/CyE1HqZFaR
ক্ৰমান্বয়ে এণ্ড্ৰইড আৰু আইফোনৰ বাবে এই নতুন ফিচাৰটো ৰোল আউট কৰিছে হোৱাটছএপে । প্ৰথম অৱস্থাত এই বৈশিষ্ট্য এণ্ড্ৰইডত ছটা ভাষাত উপলব্ধ – ইংৰাজী, স্পেনিছ, হিন্দী, পৰ্তুগীজ, ৰাছিয়ান আৰু আৰবী । আইফোনত এই বৈশিষ্ট্য 19 তকৈও অধিক ভাষালৈ মুকলি হৈছে ।
লগতে পঢ়ক

