মহাকাশ অভিযান: কেনে ধৰণৰ প্ৰভাৱ পৰে মানৱ শৰীৰত ?
এবছৰ ধৰি মহাকাশত আৱদ্ধ হৈ থাকিলে কি কি সমস্যাৰ সন্মুখীন হয় মহাকাশচাৰীসকল জানো আহক এই প্ৰতিবেদনযোগে ---

Published : March 9, 2025 at 1:12 PM IST
হায়দৰাবাদ: সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰে বিগত বৰ্ষত উপস্থিত হৈছিল আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত এটা নিয়মীয়া অভিযানৰ বাবে । এই অভিযানত অন্যান্য কাৰ্যকলাপৰ লগতে ষ্টেচন গৱেষণা, ৰক্ষণাবেক্ষণ আৰু ষ্টাৰলাইনাৰ ব্যৱস্থা পৰীক্ষণ আৰু তথ্য বিশ্লেষণক সমৰ্থন কৰা আদি জড়িত হৈ আছিল । দুয়োজন অভিজ্ঞ মহাকাশচাৰীক বয়িং ষ্টাৰলাইনাৰত উঠাই বিগত বৰ্ষৰ 5 জুনত মহাকাশলৈ পঠিওৱা হৈছিল ।
আঠ দিনৰ ভিতৰত এই অভিযান শেষ হ’ব বুলি আশা কৰা হৈছিল যদিও সেয়া হৈ নুঠিল । কাৰিকৰী বিজুতিৰ বাবে মহাকাশচাৰীসকল এতিয়াও আই এছ এছতেই আবদ্ধ হৈ আছে । তেওঁলোকৰ মহাকাশযান বয়িং ষ্টাৰলাইনাৰৰ কাৰিকৰী সমস্যাৰ বাবে মহাকাশচাৰীসকল পৃথিৱীলৈ ঘূৰি অহাটো অসুৰক্ষিত বুলি ঘোষণা কৰা হৈছিল আৰু শেহতীয়াকৈ দুয়োজন মহাকাশচাৰীয়ে 2025 চনৰ 19 বা 20 মাৰ্চত পুনৰ পৃথিৱীলৈ উৰা মাৰিব বুলি নিশ্চিত হৈছে ।
মহাকাশচাৰীয়ে সন্মুখীন হোৱা সমস্যা
উল্লেখযোগ্য যে, মহাকাশত বহু সময় থাকিলে মানুহৰ শৰীৰৰ ভৰ আৰু গতি-বিধি কম হৈ যাব পাৰে ৷ ইয়াৰ উপৰিও মাধ্যাকৰ্ষণ শক্তিৰ অহৰহ অনুপস্থিতিৰ বাবে মহাকাশচাৰীৰ শৰীৰত আন বহুতো কাৰকে প্ৰভাৱ পেলায় । উল্লেখ কৰা প্ৰয়োজন যে, সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম’ৰৰ বাহিৰেও একাংশ মহাকাশচাৰীয়ে আনকি এবছৰৰো অধিক সময় মহাকাশত আছিল । গতিকে, একেৰাহে বহু দিন মহাকাশত থকা মহাকাশচাৰীসকলৰ বিষয়ে তথা তেওঁলোকৰ শৰীৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে জানো আহক---
মহাকাশত একেৰাহে সৰ্বাধিক দিন থকাৰ ৰেকৰ্ড গঢ়া মহাকাশচাৰীসকল
- 1994 চনৰ জানুৱাৰীৰ পৰা 1995 চনৰ মাৰ্চ মাহলৈকে মিৰ মহাকাশ কেন্দ্ৰত আৱদ্ধ হৈ আছিল ভেলেৰী পলিয়াকোভ ৷ 438 দিন মহাকাশত সময় কটোৱা এওঁ এগৰাকী ৰাছিয়ান মহাকাশচাৰী । মহাকাশত এবাৰতে সৰ্বাধিক দিন কটোৱাৰ পলিয়াকোভৰ অভিলেখ এতিয়াও কোনোৱে ভংগ কৰিব পৰা নাই ।
- চাৰ্গেই আভদীভ- ৰাছিয়াৰ আন এজন মহাকাশচাৰী আছিল যিয়ে 1998 চনৰ আগষ্টৰ পৰা 1999 চনৰ আগষ্টলৈকে 379 দিন মিৰ মহাকাশ কেন্দ্ৰত কটায় ।
- দুজন ৰাছিয়ান মহাকাশচাৰী চাৰ্গেই প্ৰকোপিয়েভ আৰু ডিমিট্ৰি পেটেলিন আৰু এজন আমেৰিকান মহাকাশচাৰী ফ্ৰান্সিস্কো ৰুবিঅ', যিয়ে 2022 চনৰ পৰা 2023 চনলৈকে 371 দিন আই এছ এছ (আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ)ত আছিল ।
- আমেৰিকাৰ মহাকাশচাৰী ভাণ্ডে হেই আৰু ৰাছিয়ান মহাকাশচাৰী ডাব্ৰভ 2021 চনৰ এপ্ৰিলৰ পৰা 2022 চনৰ মাৰ্চলৈকে মহাকাশত 355 দিন, 7 ঘণ্টা আৰু 45 মিনিট সময় কটাইছিল ।
- স্কট কেলি - এজন আমেৰিকান মহাকাশচাৰী, ৰাছিয়ান মহাকাশচাৰী মিখাইল কৰ্ণিয়েংকো সৈতে 2015 চনৰ 27 মাৰ্চৰ পৰা 2016 চনৰ 2 মাৰ্চলৈকে মুঠ 340 দিন মহাকাশত থাকে ৷
- গেনাডি পাডালকা 2015 চনৰ 27 মাৰ্চত আই এছ এছলৈ পঠিওৱা হৈছিল ।
- ক্ৰীষ্টিনা কোচ মুঠ 328 দিনৰ বাবে মহাকাশলৈ গৈছিল আৰু মহাকাশত এগৰাকী মহিলাই সৰ্বাধিক দীঘলীয়া একক মহাকাশ উৰণৰ অভিলেখ গঢ়িছিল । 2019 চনৰ 14 মাৰ্চৰ পৰা মহাকাশত থকা তেওঁৰ অৱস্থান 2020 চনৰ 6 ফেব্ৰুৱাৰীলৈকে চলিছিল । প্ৰথম সৰ্বমহিলা মহাকাশ ভ্ৰমণতো অংশগ্ৰহণ কৰিছিল । ক্ৰীষ্টিনাক নাছাৰ আৰ্টেমিছ দ্বিতীয় মিছনৰ প্ৰথম মিছন স্পেচিয়েলিষ্ট হিচাপে নিযুক্তি দিয়া হৈছিল । 2019 চনৰ 14 মাৰ্চত বাইকনুৰ কচমোড্ৰমৰ পৰা ছয়ুজ মহাকাশযানত আই এছ এছলৈ প্ৰথম মহাকাশ অভিযানত নিক্ষেপ কৰা হয় ।
- ইউৰি ৰোমানেনকো - এজন ৰাছিয়ান (ছোভিয়েট) মহাকাশচাৰীয়ে 1987 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা 1987 চনৰ 29 ডিচেম্বৰলৈকে 326 দিনৰ বাবে মহাকাশত আছিল । তেওঁ কৈছিল যে মানুহে কিমান দিন মহাকাশত থাকিব পাৰে তাৰ কোনো সীমা নাই ।
মহাকাশত মানৱ শৰীৰৰ ওপৰত প্ৰভাৱ
- পেশী আৰু হাড়ৰ ওপৰত প্ৰভাৱ
মাধ্যাকৰ্ষণৰ অহৰহ টান অবিহনে আমাৰ অংগ-প্ৰত্যংগ, পেশী আৰু হাড়ৰ ভৰ মহাকাশত দ্ৰুতগতিত কমিবলৈ আৰম্ভ কৰে । পেশীবোৰেই হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ বেছি আক্ৰান্ত অংশ । পিঠি, ডিঙি, ভৰিৰ কলাফুল আৰু পেশীত আমাৰ ভংগীমা বজাই ৰখাত সহায় কৰে । মহাকাশ কেন্দ্ৰত মাইক্ৰ’গ্ৰেভিটিৰ বাবে পেশীবোৰে আগৰ দৰে প্ৰায় কঠোৰ পৰিশ্ৰম কৰিব নোৱাৰে আৰু ইহঁত সংকুচিত হ’বলৈ আৰম্ভ কৰে ।
মহাকাশত মাত্ৰ দুসপ্তাহ কটোৱাৰ পিছত মানৱ শৰীৰৰ পেশীৰ ভৰ 20 শতাংশ পৰ্যন্ত হ্ৰাস পাব পাৰে । তিনিৰ পৰা ছয় সপ্তাহলৈকে দীঘলীয়া অভিযানত পেশীৰ ভৰ 30 শতাংশলৈ হ্ৰাস পায় । কাৰণ মহাকাশত থকা মহাকাশচাৰীসকলে পৃথিৱীত আগতে যিমান যান্ত্ৰিক পাইছিল, সিমান যান্ত্ৰিক চাপ মহাকাশত নাপায় । উল্লেখযোগ্য যে, পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি হেৰুৱাৰ বাবে মহাকাশচাৰীৰ হাড়বোৰ ডিমিনেৰেলাইজ হ’বলৈ আৰম্ভ কৰে আৰু শক্তি কমি যায় ।
এজন মহাকাশচাৰীয়ে মহাকাশত থকাৰ সময়ত প্ৰতিমাহে হাড়ৰ ভৰৰ 1-2 শতাংশ আৰু ছমাহ থাকিলে 10 শতাংশতকৈ অধিক হাড়ৰ ভৰ হেৰুৱাব পাৰে । ইয়াৰ ফলত তেওঁলোকৰ হাড়ভঙাৰ আশংকা থাকিব পাৰে । পৃথিৱীত বয়সস্থ পুৰুষ-মহিলাৰ হাড়ৰ ভৰ প্ৰতি বছৰে 0.5 শতাংশৰ পৰা 1 শতাংশ হাৰত কমি যায় । মহাকাশৰ পৰা উভতি অহা মহাকাশচাৰীসকলে হাড়ৰ ভৰ দ্ৰুতভাৱে ক্ষয় হোৱাৰ বাবে সুস্থ হ’বলৈ বহু সময় লাগে । তদুপৰি পৃথিৱীলৈ ঘূৰি অহাৰ পিছত ইহঁতৰ হাড়ৰ ভৰ স্বাভাৱিক হ’বলৈ চাৰি বছৰ পৰ্যন্ত সময় লাগিব পাৰে ।
- ওজন হ্ৰাস
ওজন কমি যোৱাটো ইয়াৰ আন এক প্ৰভাৱ । 340 দিন মহাকাশত থকা নাছাৰ এজন মহাকাশচাৰী স্কট কেলিয়ে আটাইতকৈ বিস্তৃত অধ্যয়নত অংশগ্ৰহণ কৰিছিল, আই এছ এছত থকাৰ পিছত মহাকাশ উৰণৰ দীৰ্ঘম্যাদী প্ৰভাৱৰ বিষয়ে জানিব পাৰিছিল । পৃথিৱীক প্ৰদক্ষিণ কৰি থাকোঁতে তেওঁ শৰীৰৰ ভৰ 7 শতাংশ হেৰুৱাই পেলাইছিল ।
- দৃষ্টিশক্তি
পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ ফলত আমাৰ শৰীৰে তেজক জোৰকৈ তললৈ যোৱাত সহায় কৰে আৰু হৃদযন্ত্ৰই পুনৰ ওপৰলৈ পাম্প কৰে । কিন্তু মহাকাশত প্ৰদক্ষিণ কৰি থাকোঁতে এই প্ৰক্ৰিয়াটো অলপ বিশৃংখল হৈ পৰে (যদিও শৰীৰে ইয়াৰ লগত কিছু পৰিমাণে খাপ খাই পৰে) আৰু সাধাৰণতে মূৰত তেজ জমা হ’ব পাৰে । এই অত্যধিক তেজ সঞ্চয়ৰ ফলত চকুৰ পিছফালে আৰু চকুৰ স্নায়ুৰ চাৰিওফালে তৰল পদাৰ্থ সংগ্ৰহ হয় । ইয়াৰ ফলত প্ৰায়ে ইডিমা হয় । ইয়াত আক্ৰান্ত মহাকাশচাৰীসকলে দৃষ্টিশক্তিৰ পৰিৱৰ্তন যেনে দৃষ্টিশক্তি হ্ৰাস আৰু চকুৰ গাঁথনিগত পৰিৱৰ্তনৰ সন্মুখীন হয় ।
- ৰোগ প্ৰতিৰোধ ক্ষমতা
গৱেষকসকলে প্ৰকাশ কৰিছে যে মহাকাশচাৰীসকলে মহাকাশত প্ৰদক্ষিণ কৰাৰ সময়ত শ্বেত ৰক্তকণিকাৰ সংখ্যা কিছু হ্ৰাস পায় যিটো তেওঁলোকে লাভ কৰা বিকিৰণৰ মাত্ৰাৰ সৈতে মিল খায় ।
লগতে পঢ়ক

