ETV Bharat / technology

24,000 টকা মূল্যত বজাৰত মুকলি হ’ল - Vivo Y400 Pro 5G - VIVO Y400 PRO 5G LAUNCHED IN INDIA

ভিভ’ Y400 প্ৰ’ 5Gত 6.77 ইঞ্চিৰ থ্ৰীডি কাৰ্ভড এমোলেড ডিছপ্লে আছে য’ত 120 হাৰ্টজ পৰ্যন্ত ৰিফ্ৰেছ ৰেট আৰু 4500 নিট পৰ্যন্ত শীৰ্ষ উজ্জ্বলতা স্তৰ আছে।

Vivo Y400 Pro 5G With 50-Megapixel Rear Camera, 5,500mAh Battery Launched in India: Price, Specifications
24,000 টকা মূল্যত বজাৰত মুকলি হ’ল - Vivo Y400 Pro 5G (Vivo)
author img

By ETV Bharat Tech Team

Published : June 20, 2025 at 12:56 PM IST

3 Min Read

হায়দৰাবাদ: ভাৰতত মুকলি কৰা হৈছে Vivo Y400 Pro 5G । ইয়াত 90W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে 5,500mAh বেটাৰী আৰু ডুৱেল ৰিয়াৰ কেমেৰা ইউনিট আছে, যাৰ নেতৃত্বত আছে 50 মেগাপিক্সেল চ’নী IMX882 প্ৰাইমেৰী চেন্সৰ । হেণ্ডছেটটোত 8GB ৰেমৰ সৈতে সংযোগ কৰা হৈছে 4nm octa-core MediaTek Dimensity 7300 চিপছেট । ইয়াৰ ঘনত্ব 7.49 মিলিমিটাৰ আৰু থ্ৰীডি কাৰ্ভড ডিছপ্লেৰ সৈতে এই ছেগমেণ্টৰ আটাইতকৈ চিকন স্মাৰ্টফোন বুলি দাবী কৰা হৈছে । ভিভ’ Y400 প্ৰ’ত গুগলৰ চাৰ্কল-টু-চাৰ্চৰ সমৰ্থনকে ধৰি কেইবাটাও এআই-বেকড ফিচাৰ আছে ।

ভাৰতত Vivo Y400 Pro 5G ৰ ৰং, মূল্য, উপলব্ধতা

ভাৰতত Vivo Y400 Pro 5G ৰ মূল্য 8GB + 128GB বিকল্পৰ বাবে 24,999 ৷ আনহাতে 8GB + 256GB ভেৰিয়েন্টৰ মূল্য 26,999 টকা । ইয়াক ফ্ৰীষ্টাইল হোৱাইট, ফেষ্ট গোল্ড আৰু নেবুলা পাৰ্পল ৰঙৰ বিকল্পত প্ৰদান কৰা হয় । বৰ্তমান এই ফোনটো ভিভ’ ইণ্ডিয়া ৱেবছাইটত প্ৰি-অৰ্ডাৰৰ বাবে উপলব্ধ আৰু 27 জুনৰ পৰা অফিচিয়েল ৱেবছাইট ফ্লিপকাৰ্ট, আমাজন আৰু নিৰ্বাচিত খুচুৰা বিপণীৰ জৰিয়তে ক্ৰয় কৰিব পৰা যাব ।

ভেৰিয়েণ্টমূল্য
8GB + 128GB24,999 টকা
8GB + 256GB26,999 টকা

Vivo Y400 Pro 5G স্পেচিফিকেশন, বৈশিষ্ট্য

Vivo Y400 Pro 5G With 50-Megapixel Rear Camera, 5,500mAh Battery Launched in India: Price, Specifications
24,000 টকা মূল্যত বজাৰত মুকলি হ’ল - Vivo Y400 Pro 5G (Vivo)

Vivo Y400 Pro 5G ত 120Hz পৰ্যন্ত ৰিফ্ৰেছ ৰেট, 4,500 নিট পৰ্যন্ত শীৰ্ষ উজ্জ্বলতা স্তৰ, আৰু 300Hz পৰ্যন্ত টাচ চেম্পলিং ৰেটৰ সৈতে 6.77 ইঞ্চি ফুল-এইচডি+ 3D কাৰ্ভড AMOLED ডিছপ্লে আছে। ফোনটোত 8GB এলপিডিডিআৰ৪এক্স ৰেম আৰু 256GB পৰ্যন্ত ইউএফএছ 3.1 অনব’ৰ্ড ষ্ট’ৰেজৰ সৈতে সংযোগ কৰা হৈছে মিডিয়াটেক ডাইমেনচিটি 7300 SOC । ইয়াত এণ্ড্ৰইড 15 ভিত্তিক FuntouchOS 15 ৰ সৈতে প্ৰেৰণ কৰা হৈছে ।

কেমেৰা বিভাগত ভিভ’ Y400 প্ৰ’ 5G ত ডুৱেল ৰিয়াৰ কেমেৰা ইউনিট আছে, য’ত f/1.79 এপাৰচাৰৰ সৈতে 50 মেগাপিক্সেল চ’নী IMX882 প্ৰাইমেৰী চেন্সৰ, আৰু f/2.4 এপাৰচাৰৰ সৈতে 2 মেগাপিক্সেল চেন্সৰ আছে । ছেলফি আৰু ভিডিঅ’ কলৰ বাবে এই হেণ্ডছেটত f/2.45 এপাৰচাৰৰ সৈতে 32 মেগাপিক্সেলৰ চেন্সৰ আছে । সন্মুখ আৰু পিছফালৰ দুয়োটা কেমেৰাই 4K ভিডিঅ’ ৰেকৰ্ডিং সমৰ্থন কৰে ।

ভিভ’ Y400 প্ৰ’ 5Gয়ে এআই ফটো এনহান্স আৰু এআই ইৰেজ 2.0 ৰ দৰে এআই-ভিত্তিক ইমেজিং বৈশিষ্ট্য প্ৰদান কৰে । ইয়াত কেইবাটাও উৎপাদনশীলতা বৈশিষ্ট্য যেনে AI Note Assist, AI Transcript Assist, AI Screen Translation আৰু AI Superlink আদিও আছে । ইয়াৰ উপৰিও এই ফোনটোৱে গুগলৰ Circle to Search বৈশিষ্ট্যও সমৰ্থন কৰে ।

ভিভ’ই Y400 Pro 5G ত 5,500mAh বেটাৰী প্ৰদান কৰিছে আৰু ইয়াৰ সৈতে 90W তাঁৰযুক্ত ফাষ্ট চাৰ্জিঙৰ সমৰ্থন আছে । সংযোগৰ বিকল্পসমূহৰ ভিতৰত আছে ডুৱেল নেনো চিম, 5G, 4G, ৱাই-ফাই, ব্লুটুথ 5.4, জিপিএছ, অ’টিজি আৰু এটা ইউএছবি টাইপ-চি প’ৰ্ট । হেণ্ডছেটটোত IP65 ৰেটিংযুক্ত ধূলি আৰু পানী প্ৰতিৰোধী বিল্ড আছে । নেবুলা পাৰ্পল ভেৰিয়েন্টৰ আকাৰ 163.72×75.00×7.49 মিমি আৰু ওজন প্ৰায় 182 গ্ৰাম । ইফালে, ফেষ্ট গোল্ড আৰু ফ্ৰীষ্টাইল হোৱাইট বিকল্পৰ প্ৰফাইল ক্ৰমে 7.72 মিমি আৰু 7.74 মিমি ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.