ETV Bharat / technology

12 আগষ্টৰ দিনা মুকলি হ’ব Vivo V60; জানক প্ৰত্যাশিত দাম, বৈশিষ্ট্য

Vivo V60 ভাৰতত মুকলি কৰা হ’ব অহা 12 আগষ্টৰ দিনা । ফোনটোত Snapdragon 7 Gen 4, 6,500mAh বেটাৰীৰ লগতে বহু উন্নত বৈশিষ্ট্য আছে ।

vivo-v60-launch-date-expected-price-in-india-specifications-features-and-more
12 আগষ্টৰ দিনা মুকলি হ’ব Vivo V60; জানক প্ৰত্যাশিত দাম, বৈশিষ্ট্য (Vivo)
author img

By ETV Bharat Tech Team

Published : August 9, 2025 at 4:58 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰতত অতি সোনকালে মুকলি হ’ব Vivo V60 । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা ভিভ’ V50 ৰ প্ৰত্যাশিত উত্তৰাধিকাৰী হেণ্ডছেটটোৱেই হৈছে আগন্তুক এই হেণ্ডছেটটো । মুক্তিৰ তাৰিখ এতিয়া আনুষ্ঠানিক হোৱাৰ লগে লগে কোম্পানীটোৱে ফোনটোৰ বিষয়ে কেবাটাও সবিশেষ সন্দৰ্ভত ইংগিত দিছে । ভিভ’ V60 ত স্নেপড্ৰেগন 7 জেন 4 এছ’চি আৰু 6500 এমএএইচ বেটাৰী প্ৰদান কৰা হ’ব । ইয়াৰ উপৰিও ইয়াত জেইছ ব্ৰেণ্ডেড ট্ৰিপল ৰিয়াৰ কেমেৰা চিষ্টেম আৰু ইমেজিং আৰু উৎপাদনশীলতাৰ বাবে কেবাটাও কৃত্ৰিম বুদ্ধিমত্তা (এআই) সমৰ্থিত সঁজুলি আছে বুলিও কোম্পানীটোৱে ইংগিত দিছে ।

Vivo V60 India মুকলিৰ সবিশেষ

ভাৰতত Vivo V60 মুকলি কৰা হ’ব ভাৰতীয় সময় অনুসৰি 12 আগষ্টৰ দিনৰ 12 বজাত । অৱশ্যে এই মুকলি অনুষ্ঠান ডেডিকেটেড লাইভষ্ট্ৰীম ইভেণ্টৰ জৰিয়তে হ’ব নে কেনেদৰে হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই । লাইভষ্ট্ৰীম ইভেণ্ট হ’লে আপুনি হয়তো কোম্পানীটোৰ অফিচিয়েল ৱেবছাইট, ছ’চিয়েল মিডিয়া হেণ্ডেল আৰু ইউটিউব চেনেলত ভিভ’ V60 ইণ্ডিয়াৰ মুকলি অনুষ্ঠান লাইভ চাব পাৰিব ।

ভাৰতত Vivo V60 ৰ প্ৰত্যাশিত মূল্য আৰু বিক্ৰীৰ তাৰিখ

খবৰ অনুসৰি ভিভ’ V60 ইণ্ডিয়াৰ মূল্য হ’ব পাৰে 37,000 টকাৰ পৰা 40 হাজাৰ টকা পৰ্যন্ত । উল্লেখযোগ্য যে ভাৰতত Vivo V50 ৰ আৰম্ভণি মূল্য 8GB + 128GB ৰেম আৰু ষ্টৰেজ কনফিগাৰেচনৰ বাবে 34,999 টকা । মুকলি কৰাৰ পিছত ইয়াক ফ্লিপকাৰ্ট, আমাজন আৰু ভিভ’ ইণ্ডিয়া ই-ষ্ট’ৰৰ জৰিয়তে ক্ৰয় কৰিব পৰা যাব বুলি আশা কৰা হৈছে ।

vivo-v60-launch-date-expected-price-in-india-specifications-features-and-more
12 আগষ্টৰ দিনা মুকলি হ’ব Vivo V60; জানক প্ৰত্যাশিত দাম, বৈশিষ্ট্য (Vivo)

Vivo V60 বৈশিষ্ট্য আৰু স্পেচিফিকেশন

ভিভ’ V60 ক বেটাৰী, কেমেৰা, চিপছেট, ডিজাইন, ডিছপ্লে আৰু অধিক ক্ষেত্ৰত কেইবাটাও উন্নীতকৰণ পেক কৰিবলৈ ইংগিত দিয়া হৈছে ।

ডিজাইন

ভিভ’ V60 অস্পিচিয়াছ গোল্ড, মিষ্ট গ্ৰে, আৰু মুনলিট ব্লু ৰঙৰ বিকল্পত উপলব্ধ হ’ব । পিছৰফালে এটা টেক্সচাৰ প্ৰদান কৰা হৈছে যিটো সাগৰ সদৃশ । ফোনটোৰ পিছফালে ট্ৰিপল কেমেৰা ছেটআপ আছে, পিল শ্বেয়াৰ কৰা কেমেৰা আইলেণ্ডৰ ভিতৰত দুটা লেন্স ৰখা হৈছে ।

ইফালে তৃতীয় কেমেৰাৰ লেন্সটো কেমেৰা মডুউলৰ বাওঁফালে, এল ই ডি ফ্লেছ লাইটৰ ওপৰত ৰখা যেন লাগে । হেণ্ডছেটটো IP68 + IP69 ডাষ্ট আৰু ৱাটাৰ ৰেজিষ্টেন্স ৰেটিংৰ সৈতে প্ৰেৰণ কৰা হ’ব ।

vivo-v60-launch-date-expected-price-in-india-specifications-features-and-more
12 আগষ্টৰ দিনা মুকলি হ’ব Vivo V60; জানক প্ৰত্যাশিত দাম, বৈশিষ্ট্য (Vivo)

প্ৰদৰ্শন

জানিব পৰা মতে, Vivo V60 ত 1.5K ৰিজ’লিউচন আৰু 120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.67 ইঞ্চি AMOLED স্ক্ৰীণ থাকিব পাৰে । টিজাৰ ছবিৰ ভিত্তিত ইয়াক নূন্যতম বেজেলৰ সৈতে এটা বক্ৰ পেনেল যেন লাগে । ছেলফি কেমেৰা থকা স্ক্ৰীণখনত হোল-পাঞ্চ কাটাআউটও থকাৰ সম্ভাৱনা আছে ।

পৰিৱেশন আৰু ছফ্টৱেৰ

ভিভ’ই ইতিমধ্যে নিশ্চিত কৰিছে যে আগন্তুক হেণ্ডছেটটোত স্নেপড্ৰেগন 7 জেন 4 চিপছেট থাকিব । কোম্পানীটোৱে দাবী কৰিছে যে পূৰ্বৰ মডেলতকৈ চিপিইউত 27 শতাংশ, জিপিইউত 30 শতাংশ আৰু গেমিং পাৰফৰমেন্সত 25 শতাংশ উন্নতি সাধন কৰিব ।

ইয়াক এণ্ড্ৰইড 15 ৰ ওপৰত ভিত্তি কৰি Funtouch OS 15 ৰ সৈতে প্ৰেৰণ কৰা হ’ব বুলি কোৱা হৈছে । এই হেণ্ডছেটটোৱে কেইবাটাও AI বেকড ফিচাৰৰ সৈতে মুকলি কৰা হ’ব । ইয়াৰ ভিতৰত আছে জেমিনি লাইভ, এআই কেপচন, এআই স্মাৰ্ট কল এচিষ্টেণ্ট আৰু এআই মেজিক মুভ ।

কেমেৰা

vivo-v60-launch-date-expected-price-in-india-specifications-features-and-more
12 আগষ্টৰ দিনা মুকলি হ’ব Vivo V60; জানক প্ৰত্যাশিত দাম, বৈশিষ্ট্য (Vivo)

ভিভ’ V60 ত থাকিব জেইছ ব্ৰেণ্ডৰ ট্ৰিপল ৰিয়াৰ কেমেৰা ইউনিট । ইয়াত ছ’নী lMX766 চেন্সৰ আৰু OIS সমৰ্থনৰ সৈতে 50 মেগাপিক্সেলৰ মূল কেমেৰা, চ’নী lMX882 চেন্সৰৰ সৈতে 50 মেগাপিক্সেলৰ টেলিফ’টো লেন্স আৰু বৰ্তমানেও নিশ্চিত নোহোৱা আল্ট্ৰা-ৱাইড-এংগল কেমেৰা থাকিব । সন্মুখৰ ফালে হেণ্ডছেটটোত 50 মেগাপিক্সেলৰ ছেলফি শ্বুটাৰ পোৱাটো নিশ্চিত কৰা হৈছে ।

ভিভ’ V60 ৰ কেমেৰা চিষ্টেমে জেইছ মাল্টিফ’কেল প’ৰ্ট্ৰেইট, 10X ষ্টেজ টেলিফ’টো, এআই ফোৰ ছিজন প’ৰ্ট্ৰেইট আৰু এটা ৱেডিং ভিলগ মোডৰ দৰে বৈশিষ্ট্য সমৰ্থন কৰিবলৈ বিজ্ঞাপন দিয়া হৈছে ।

বেটাৰি

কোম্পানীটোৰ মতে, Vivo V60 ত 6,500mAh বেটাৰী পেক কৰা হ’ব । হেণ্ডছেটটোৰ মুকলিৰ দিন ওচৰ চাপি অহাৰ লগে লগে কোম্পানীটোৱে অধিক সবিশেষ তথ্য প্ৰকাশ কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক