বহু আকৰ্ষণীয় বৈশিষ্ট্যযুক্ত Vivo V50e মুকলি হ’ল ভাৰতীয় বজাৰত; দাম কিমান ?
ভাৰতীয় বজাৰত মুকলি হ’ল Vivo V50e । বহু বৈশিষ্ট্যযুক্ত এই ফোনটোৰ বিষয়ে বিতংভাৱে জানো আহক---

Published : April 10, 2025 at 2:21 PM IST
হায়দৰাবাদ: ভিভ’ই মুকলি কৰিছে নতুন স্মাৰ্টফোন ভিভ’ V50E । 2025 চনৰ ফেব্ৰুৱাৰী মাহত মুকলি কৰা ভিভ’ V50 ৰ দৰেই ষ্টেণ্ডাৰ্ড ছিৰিজত অহা এই ফোনটো ফ্লিপকাৰ্টত বিক্ৰীৰ বাবে উপলব্ধ হ’ব । আজিৰ পৰাই আৰম্ভ হ’ব Vivo V50e ৰ প্ৰি-বুকিং । এই ফোনটো মিডিয়াটেক ডাইমেনচিটি 7300 এছ অ’ চি চিপছেটৰ দ্বাৰা চালিত । ফোনটোৰ অধিক বৈশিষ্ট্য আৰু দাম জানো আহক---
Vivo V50e: মূল্য, বিক্ৰী, ৰং
আজিৰ পৰা আৰম্ভ হ’ব Vivo V50e ৰ প্ৰি-বুকিং । 17 এপ্ৰিলৰ পৰা আৰম্ভ হ’ব ইয়াৰ বিক্ৰী । এই ফোনটো ফ্লিপকাৰ্ট, ভিভ’ৰ ৱেবছাইট আৰু অফলাইন ষ্ট’ৰত উপলব্ধ হ’ব । V50e দুটা ষ্ট’ৰেজ বিকল্পত উপলব্ধ হ’ব - 8GB + 128GB আৰু 8GB + 256GB । 8GB + 128GB ষ্ট’ৰেজ অপচনৰ মূল্য 28,999 টকা, আনহাতে 8GB + 256GB ভেৰিয়েন্টৰ মূল্য 30,999 টকা ।
বিশেষ অফাৰ
Check out the new vivo V50e. Luxury never looked better and now you can own it with exclusive offers.
— vivo India (@Vivo_India) April 10, 2025
Prebook Now https://t.co/iiBfuyz1EB#vivoV50e #PortraitSoPro pic.twitter.com/cPFlx37DLA
কোম্পানীটোৱে ঘোষণা কৰিছে যে অনলাইনযোগে ফোনটো বুকিং কৰাসকলে 10 শতাংশ পৰ্যন্ত বেংক ৰেহাই আৰু এক্সচেঞ্জ অফাৰ লাভ কৰিব । ইফালে অফলাইনত ফোনটো ক্ৰয় কৰাসকলে 10 শতাংশ পৰ্যন্ত বেংক ৰেহাই আৰু 9 মাহৰ শূন্য ডাউন পেমেণ্ট ফাইনেন্স বিকল্প লাভ কৰিব ।
Vivo V50E: স্পেচিফিকেশন
ডিছপ্লে: ভিভ’ V50e ত 120Hz ৰিফ্ৰেছ ৰেট আৰু 1300 নিট ব্রাইটনেছৰ সৈতে 6.7 ইঞ্চি আল্ট্ৰা-স্লিম কোৱাড কাৰ্ভড ডিছপ্লে আছে । 7.3 মিলিমিটাৰ ডাঠ ডিছপ্লেটোত Low Light Blue প্ৰমাণপত্ৰও দিয়া হৈছে ।
কেমেৰা: এই ফোনটোৰ কেমেৰা চিষ্টেমত অপটিকেল ইমেজ ষ্টেবিলাইজেচন সমৰ্থনৰ সৈতে 50 এমপি চ’নী IMX882 মেইন চেন্সৰ, 116 ডিগ্ৰী ফিল্ড অৱ ভিউৰ সৈতে আল্ট্ৰা-ৱাইড এংগেল লেন্স আৰু 50 এমপি ফ্ৰন্ট কেমেৰা আছে । ইয়াৰ উপৰিও কম পোহৰৰ পৰিস্থিতিত ভাল ছবি তোলাৰ বাবে Aura Light বৈশিষ্ট্য আছে । ইয়াৰ উপৰিও সন্মুখ আৰু পিছফালৰ দুয়োটা কেমেৰাতে 4K ভিডিঅ’ ৰেকৰ্ডিং বৈশিষ্ট্য উপলব্ধ । ইয়াৰ উপৰিও Vivo V50e ফোনটোৱে Wedding Portrait Studio নামৰ এটা বিশেষ প’ৰ্ট্ৰেইটও লাভ কৰিব ।

প্ৰচেছৰ: Vivo V50e 4 nm মিডিয়াটেক ডাইমেনচিটী 7300 SoC চিপছেটৰ দ্বাৰা চালিত ।
বেটাৰী আৰু চাৰ্জিং: ফোনটোত 5,600 mAh ৰ আল্ট্ৰা লাৰ্জ বেটাৰী আছে যিয়ে 90 ৱাটৰ ফাষ্ট চাৰ্জিং সমৰ্থন কৰে ।
অপাৰেটিং চিষ্টেম: ভিভ’ V50E এণ্ড্ৰইড 15 ৰ ওপৰত ভিত্তি কৰি ফানটাচ অ’এছ15 অপাৰেটিং চিষ্টেমত চলিব । কোম্পানীটোৱে দাবী কৰিছে যে ভিভ’ V50E 5 বছৰলৈকে মসৃণ প্ৰদৰ্শন আগবঢ়াব পাৰে ।
IP ৰেটিং: ফোনটোৱে পানী আৰু ধূলিৰ পৰা ৰক্ষা কৰিবলৈ IP68 আৰু IP69 ৰেটিং লাভ কৰিছে ।
ৰঙৰ বিকল্প: Vivo V50e দুটা ৰঙৰ বিকল্পত উপলব্ধ: পাৰ্ল হোৱাইট আৰু চেফায়াৰ ব্লু ।
অন্যান্য বৈশিষ্ট্যসমূহ: ফোনটোত বহুতো AI বৈশিষ্ট্যও আছে যেনে AI Image Expander, AI নোট এডিট, চাৰ্কল টু চাৰ্জ, AI ট্ৰানচস্ক্ৰীপ্ট এচ্ছিট, লাইভ কল অনুবাদ, AI ছুপাৰ লিংক ইত্যাদি ।
লগতে পঢ়ক

