ETV Bharat / technology

উন্নত কেমেৰা আৰু আকৰ্ষণীয় বৈশিষ্ট্যৰ সৈতে ভাৰতত মুকলি হ’ল Vivo V50 - VIVO V50 LAUNCHED IN INDIA

আজি ভাৰতত মুকলি হ’ল ভিভ’ V50 ৷ 34,999 টকা আৰম্ভণি মূল্যৰ ফোনটোৰ বৈশিষ্ট্য, কেমেৰা আদিৰ বিষয়ে জানো আহক---

vivo-v50-with-zeiss-branded-camera-setup-launched-in-india-prices-specifications-features-more-in-assamese
উন্নত কেমেৰা আৰু আকৰ্ষণীয় বৈশিষ্ট্যৰ সৈতে ভাৰতত মুকলি Vivo V50 (Vivo India)
author img

By ETV Bharat Tech Team

Published : February 17, 2025 at 1:34 PM IST

3 Min Read

হায়দৰাবাদ: যোৱা বছৰৰ নৱেম্বৰ মাহত চীনত ভিভ’ S20 মডেল মুকলি কৰা চীনৰ কোম্পানী ভিভ’ই ইয়াক পুনৰ ব্ৰেণ্ড কৰি আজি ভাৰতীয় বজাৰত ভিভ’ V50 নামেৰে মুকলি কৰিছে । এই নতুন ফোনটো 40 হাজাৰ টকাতকৈও কম মূল্যত মুকলি কৰা হৈছে । Vivo V50 ৰ আৰম্ভণি মূল্য 34,999 টকা ।

আজি মুকলি কৰা ফোনটোৰ বহু স্পেচিফিকেশন পুৰণি মডেলটোৰ সৈতে মিল আছে ৷ কিন্তু কেইটামান গুৰুত্বপূৰ্ণ উন্নীতকৰণো প্ৰদান কৰা হৈছে । নতুন Vivo ফোনটো OnePlus 12R, iQOO Neo 9 Pro আদি জনপ্ৰিয় ফোনসমূহৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব ।

Vivo V50 লঞ্চ: মূল্য, বিক্ৰীৰ সবিশেষ

Vivo V50 ৰ আৰম্ভণি মূল্য 128GB ষ্ট’ৰেজ মডেলৰ বাবে 34,999 টকা । 256 GB মডেলৰ দাম হ’ব 36,999 টকা । ফ্লিপকাৰ্টৰ জৰিয়তে এই ডিভাইচটো বিক্ৰীৰ বাবে মুকলি কৰা হ’ব ।

Vivo V50: স্পেচিফিকেশন, বৈশিষ্ট্য

Vivo V50 ত ইয়াৰ পূৰ্বৰ ভিভ’ V40 ৰ কিছু বৈশিষ্ট্য পোৱা গৈছে । শেহতীয়া মডেলটোত স্নেপড্ৰেগন 7 জেন 3 প্ৰচেছৰ আছে, যিটো V30 স্মাৰ্টফোনেতো ব্যৱহাৰ কৰা হৈছিল । ইয়াত ডুৱেল ৰিয়াৰ কেমেৰা ইউনিট ৰখা হৈছে, য’ত দুটা 50 মেগাপিক্সেলৰ চেন্সৰ আছে । কেমেৰা চিষ্টেম পুৰণি মডেলৰ সৈতে একে হ’লেও কোম্পানীটোৱে দাবী কৰিছে যে নতুন সংস্কৰণত পূৰ্বৰ মডেলৰ তুলনাত 50 মেগাপিক্সেলৰ চেন্সৰ বেলেগ । ছেলফিৰ বাবে ইয়াত 50 মেগাপিক্সেলৰ কেমেৰা দিয়া হৈছে । VIVO V50 ত একেটা 6.78 ইঞ্চিৰ কোৱাড কাৰ্ভড এফএইচডি+ ডিছপ্লে আছে । পেনেলটো 120Hz ত ৰিফ্ৰেছ হয় । গতিকে, এই বৈশিষ্ট্যসমূহ পুৰণি মডেলৰ দৰেই ।

ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে V40 ছিৰিজৰ দৰে একে ডিজাইন ব্লুপ্ৰিণ্ট পাব, কিন্তু নতুন মডেলটো এতিয়া সতেজ ৰঙত আহিছে । ই ধূসৰ, গোলাপ ৰঙা আৰু তাৰকাযুক্ত নীলা ৰঙৰ বিকল্পত আহে । ডিভাইচটোৰ বেক পেনেল গ্লাছ আৰু V40 ৰ তুলনাত ইয়াৰ বডি খীণ । ইয়াৰ ঘনত্ব 7.39 মিলিমিটাৰৰ ওপৰত আৰু ওজন প্ৰায় 199 গ্ৰাম ।

নতুন সংস্কৰণটোৱে উন্নত চাৰ্জিং গতিৰ বাবে এটা ডাঙৰ বেটাৰী দিয়ে । পূৰ্বৰ মডেলত দেখা পোৱা 550mAh ইউনিটৰ তুলনাত ইয়াত 6000 mAh বেটাৰী আছে । Vivo V50 90W চাৰ্জিং সমৰ্থিত । শেষত, পানীৰ পৰা উন্নত সুৰক্ষাৰ বাবে ইয়াৰ IP68 আৰু IP69 ৰেটিং দুয়োটাৰে সমৰ্থন আছে (অৱশ্যে এটা নিৰ্দিষ্ট পৰ্যায়লৈকে)। আনকি ইয়াত চাৰ্কল টু চাৰ্চ, AI ট্ৰান্সক্ৰিপ্ট, এআই লাইভ কল ট্ৰেন্সলেচন আৰু বহুতো AI বৈশিষ্ট্যও আছে । কোম্পানীটোৱে লগতে দাবী কৰিছে যে ভিভ’ V50 ৰ সহায়ত ব্যৱহাৰকাৰীৰ কেমেৰা অভিজ্ঞতা উন্নত হ’ব ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.