ETV Bharat / technology

Vivo V50 Elite Edition ৰ সৈতে ভিভ’ই বিনামূলীয়াকৈ আগবঢ়াইছে 1899 টকা মূল্যৰ ইয়াৰবাড - VIVO V50 ELITE EDITION LAUNCHED

ভিভ’ই মুকলি কৰিছে এটা নতুন ফোন, যাৰ মূল্য 41,999 টকা । এই ফোনটোৰ বৈশিষ্ট্যৰ বিষয়ে জানো আহক ---

vivo-v50-elite-edition-launched-in-india-price-specs-and-details
Vivo V50 Elite Edition ৰ সৈতে ভিভ’ই বিনামূলীয়াকৈ আগবঢ়াইছে 1899 টকা মূল্যৰ ইয়াৰবাড (Vivo)
author img

By ETV Bharat Tech Team

Published : May 15, 2025 at 3:22 PM IST

4 Min Read

হায়দৰাবাদ: ভাৰতত মুকলি কৰা হৈছে Vivo V50 Elite Edition । ভাৰতৰ বহু স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে ভিভ’ৰ এই ’ ফোনটোৰ বাবে অপেক্ষা কৰি আছিল । চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত Vivo V50 মুকলি কৰা হৈছিল । এতিয়া কোম্পানীটোৱে এই লাইনআপত এটা নতুন ফোন মুকলি কৰিছে, যাৰ নাম Vivo V50 Elite Edition । এই ফোনটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে বক্সটোৰ ভিতৰতে এটা TWS অৰ্থাৎ ইয়াৰবাডো পাব, যাৰ নাম Vivo TWS 3e । এই ফোনটোৰ বিষয়ে আৰু ফোনটোৰ লগত বিনামূলীয়াকৈ অহা ইয়াৰবাডৰ বিষয়েও জানো আহক---

স্পেচিফিকেশন আৰু বৈশিষ্ট্যসমূহ

  • ডিছপ্লে: এই ফোনটোত আছে 6.77 ইঞ্চি FHD+ curved AMOLED স্ক্ৰীণ, যাৰ ৰিজ’লিউচন 2392 × 1080 পিক্সেল, ৰিফ্ৰেছ ৰেট 120Hz, টাচ চেম্পলিং ৰেট 480Hz আৰু শীৰ্ষ উজ্জ্বলতা 4500 নিট । এই ফোনটোত HDR10+ আৰু Diamond Shield Glass Protection আছে ।
  • কেমেৰা: এই ফোনটোৰ পিছফালে থকা কেমেৰা ছেটআপটো ZEISSৰ সৈতে অংশীদাৰিত্বৰে দিয়া হৈছে । এই চেটআপৰ মূল কেমেৰা 50MP, যাৰ এপাৰচাৰ f/1.88 । ইয়াৰ সৈতে অপটিকেল ইমেজ ষ্টেবিলাইজেচন অৰ্থাৎ OIS সমৰ্থন আছে । এই ফোনটোৰ দ্বিতীয়টো বেক কেমেৰাত আছে 50এমপি ছেমছাং জেএন1 চেন্সৰৰ আল্ট্ৰা ৱাইড এংগল লেন্স । এই চেন্সৰৰ এপাৰচাৰ f/2.0 আৰু ইয়াত 4K ভিডিঅ’ ৰেকৰ্ডিং আছে । এই ফোনত ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে কোম্পানীয়ে 50MP অটো ফ’কাচ ছেমছাং JN1 চেন্সৰ দিছে, যাৰ এপাৰচাৰ f/2.0 আৰু ইয়াত 4K ভিডিঅ’ ৰেকৰ্ডিং আছে । এই ফোনটোৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে পানীৰ তলত ফটোগ্ৰাফীও কৰিব পাৰিব।
  • প্ৰচেছৰ: এই ফোনত আছে 4nm Qualcomm Snapdragon 7 Gen 3 চিপছেট, যিটো Adreno 720 GPU ৰ সৈতে উপলব্ধ । ফোনটোত 12GB এলপিডিডিআৰ4এক্স ৰেম আৰু 512 জিবি ইউএফএছ 2.2 ষ্ট’ৰেজ আছে ।
  • ছফটৱেৰ: এই ফোনটো এণ্ড্ৰইড 15ৰ ওপৰত ভিত্তি কৰি Funtouch OS 15 ত চলিব । কোম্পানীটোৱে 3 বছৰৰ বাবে OS আৰু 4 বছৰৰ বাবে সুৰক্ষা সমৰ্থন প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে ।
  • বেটাৰী: এই ফোনত 6000mAh বেটাৰী আছে আৰু 90W তাঁৰযুক্ত ফাষ্ট চাৰ্জিং সমৰ্থিত ।
  • সংযোগ: এই ফোনত 5G, Dual 4G VoLTE, Wi-Fi 6 802.11 be, ব্লুটুথ 5.4, GPS আৰু USB Type-C 2.0কে ধৰি বহুতো বিশেষ বৈশিষ্ট্য প্ৰদান কৰা হৈছে ।
  • অন্যান্য বৈশিষ্ট্যসমূহ: এই ফোনত ইন-ডিছপ্লে অপটিকেল ফিংগাৰপ্ৰিণ্ট চেন্সৰ, ইউএছবি টাইপ-চি অডিঅ’, ষ্টেৰিঅ’ স্পীকাৰ, IP68 + IP69 ডাষ্ট আৰু পানী প্ৰতিৰোধী ৰেটিংকে ধৰি বহু বিশেষ বৈশিষ্ট্য প্ৰদান কৰা হৈছে।

মূল্য আৰু অফাৰ

কোম্পানীটোৱে এই ফোনটো টাইটানিয়াম গ্ৰে’, ৰোজ ৰেড, ষ্টাৰী নাইট ৰঙত মুকলি কৰিছে । কোম্পানীয়ে এই ফোনটো মুকলি কৰিছে 12GB ৰেম আৰু 512GB ষ্ট’ৰেজৰ সৈতে । এই ফোনটোৰ মূল্য 41,999 টকা । 15 মে’ৰ পৰা ফ্লিপকাৰ্ট, আমাজন আৰু সকলো অংশীদাৰ খুচুৰা বিপণীত এই ফোনটো বিক্ৰী ক্ৰয়ৰ বাবে উপলব্ধ হ’ব ।

এই ফোনত এইচডিএফচি, এছবিআই আৰু এক্সিছ বেংক কাৰ্ডেৰে পেমেণ্ট কৰিলে 3000 টকাৰ তৎক্ষণাত কেছবেক দিয়া হ’ব । ইয়াৰ উপৰিও এই ফোনটোৰ সৈতে 3000 টকাৰ এক্সচেঞ্জ বোনাছও দিয়া হৈছে । ব্যৱহাৰকাৰীয়ে এই ফোনটো 6 মাহৰ বিনামূলীয়া ইএমআইতো কিনিব পাৰিব । ইয়াৰ উপৰিও এই ফোনত বহুতো অফলাইন অফাৰো উপলব্ধ । অৱশ্যে এই সকলোবোৰ অফাৰৰ ভিতৰত আটাইতকৈ বিশেষ কথাটো হ’ল এই ফোনটোৰ বক্সত ইয়াৰবাডো উপলব্ধ, যাৰ নাম vivo TWS 3e । ই গাঢ় নীলা ৰঙত উপলব্ধ, যাৰ মূল্য প্ৰায় 1899 টকা ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.