ETV Bharat / technology

100X জুম সমৰ্থনৰ সৈতে চলিত মাহতেই বজাৰলৈ Vivo T4 Ultra - VIVO T4 ULTRA TO LAUNCH ON JUNE

জুন মাহত ভাৰতত মুকলি হ’ব Vivo T4 Ultra ৷ এইটো এই ছিৰিজৰ প্ৰথমটো হেণ্ডছেট যাৰ টেলিফ’টো মেক্ৰ’ জুম ক্ষমতা 10x বুলি কোম্পানীয়ে দাবী কৰিছে ।

vivo-t4-ultra-india-launch-date-set-for-june-11-colour-options-key-features-teased
চলিত মাহতেই বজাৰলৈ Vivo T4 Ultra (Vivo)
author img

By ETV Bharat Tech Team

Published : June 5, 2025 at 11:30 AM IST

3 Min Read

হায়দৰাবাদ: অৱশেষত নিশ্চিত হ’ল Vivo T4 Ultra ৰ ভাৰতত মুকলিৰ তাৰিখ । মুকলিৰ দিন নিশ্চিত কৰাৰ সমান্তৰালভাৱে কোম্পানীটোৱে ৰঙৰ বিকল্পসমূহ প্ৰকাশ কৰিছে আৰু হেণ্ডছেটটোৰ কিছুমান মূল বৈশিষ্ট্য সন্দৰ্ভতো ইংগিত দিছে । ইফালে, যোৱা কেইসপ্তাহমানৰ ভিতৰত ফাদিল হোৱা একাংশ ৰিপ’ৰ্টেও হেণ্ডছেটটোৰ প্ৰত্যাশিত মূল স্পেচিফিকেশন সন্দৰ্ভত ইংগিত দিছে । আগন্তুক ভিভ’ T4 আল্ট্ৰাই ক্ৰমে এপ্ৰিল আৰু মাৰ্চ মাহত দেশত মুকলি কৰা বেছ ভিভ’ T4 5G আৰু ভিভ’ T4X 5G ৰ সৈতে সংযুক্ত হ’ব ।

Vivo T4 আল্ট্ৰা ভাৰতত মুকলি

কোম্পানীটোৱে এক প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা অনুসৰি অহা 11 জুনৰ দিনা ভাৰতীয় সময় অনুসৰি দুপৰীয়া 12 বজাত ভাৰতত মুকলি কৰা হ’ব Vivo T4 Ultra । কোম্পানীটোৱে নিশ্চিত কৰিছে যে এই স্মাৰ্টফোনটো ফ্লিপকাৰ্ট, ভিভ’ ইণ্ডিয়া ই-ষ্ট’ৰ আৰু নিৰ্বাচিত অফলাইন খুচুৰা বিপণীৰ জৰিয়তে দেশত উপলব্ধ হ’ব ।

vivo-t4-ultra-india-launch-date-set-for-june-11-colour-options-key-features-teased
চলিত মাহতেই বজাৰলৈ Vivo T4 Ultra (Vivo)

টিজাৰত ভিভ’ T 4 আল্ট্ৰা হেণ্ডছেটটো ক’লা ৰঙৰ লগতে মাৰ্বলৰ আৰ্হিৰ বগা আৰু বাদামী ৰঙৰ ফিনিচিং দেখুওৱা হৈছে । কেমেৰা মডিউলৰ ডিজাইনে পূৰ্বৰ ভিভ’ টি 3 আল্ট্ৰাৰ কথা মনত পেলাই দিয়ে । পিছফালৰ পেনেলৰ ওপৰৰ বাওঁফালৰ চুকত আমি এটা কণী আকৃতিৰ কেমেৰা দ্বীপ দেখিবলৈ পাওঁ । মডিউলটোৰ ভিতৰত এটা বৃত্তাকাৰ স্লটত দুটা কেমেৰা চেন্সৰ থকা দেখা গৈছে । তৃতীয়টো, সম্ভৱতঃ টেলিফটো শ্বুটাৰ, বৃত্তৰ তলত ৰখা হয়, তাৰ পিছত আঙঠি আকৃতিৰ এল ই ডি ফ্লেছ ইউনিট ।

ভিভ’ই দাবী কৰিছে যে T4 Ultra হ’ব এই ছেগমেণ্টৰ প্ৰথমটো হেণ্ডছেট যাৰ টেলিফ’টো মেক্ৰ’ জুম ক্ষমতা 10x । অৱশ্যে এতিয়ালৈকে কোম্পানীটোৱে মূল্যৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই । পিছফালৰ কেমেৰা মডিউলত লিপিবদ্ধ থকাৰ পৰা অনুমান কৰিব পাৰি যে ফোনটোৱে 100x ডিজিটেল জুম পৰ্যন্ত সমৰ্থন কৰিব । কোম্পানীটোৱে লগতে কয় যে এই হেণ্ডছেটটোত 1.5K কোৱাড কাৰ্ভড ডিছপ্লে থাকিব ।

পূৰ্বৰ লিক অনুসৰি Vivo T4 Ultra ত 120Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.67 ইঞ্চি ডিছপ্লে আহিব পাৰে । অপটিক্সৰ বাবে ইয়াত 50 মেগাপিক্সেলৰ চ’নী IMX921 প্ৰাইমেৰী চেন্সৰ আৰু 50 মেগাপিক্সেলৰ পেৰিস্কোপ টেলিফ’টো শ্বুটাৰ পেক কৰা হৈছে । ফোনটোত মিডিয়াটেক ডাইমেনচিটি 9300 ছিৰিজৰ চিপছেট থকা বুলি কোৱা হৈছে । ই 90W তাঁৰযুক্ত ফাষ্ট চাৰ্জিং সমৰ্থিত । এই হেণ্ডছেটটো এণ্ড্ৰইড 15 ভিত্তিক ফানটাচ অ’ এছ 15 ৰ সৈতে প্ৰেৰণ কৰাৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.