ETV Bharat / technology

ইছৰোৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ বিশিষ্ট বিজ্ঞানী ভি নাৰায়ণনৰ

ইছৰোৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰিলে ভি নাৰায়ণনে ৷ এক বিবৃতিযোগে জনায় ইছৰোৱে ৷

v-narayanan-assumes-charge-as-new-isro-chief-succeeding-s-somanath
ইছৰোৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ বিজ্ঞানী ভি নাৰায়ণনৰ (ISRO)
author img

By ETV Bharat Tech Team

Published : January 14, 2025 at 11:11 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ইছৰোৰ অধ্যক্ষ হিচাপে ভি নাৰায়ণনে দায়িত্ব গ্ৰহণ কৰিছে বুলি ভাৰতীয় মহাকাশ সংস্থাই জানিবলৈ দিয়ে ৷ এছ সোমনাথৰ ঠাইত ভি নাৰায়ণনে এই দায়িত্ব গ্ৰহণ কৰে । ইছৰোই এক বিবৃতিযোগে কয়, “2025 চনৰ 13 জানুৱাৰীৰ বিয়লি মহাকাশ বিভাগৰ সচিব, মহাকাশ আয়োগৰ অধ্যক্ষ আৰু ইছৰোৰ অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰে বিশিষ্ট বিজ্ঞানী (এপেক্স গ্ৰেড) ড০ ভি নাৰায়ণনে ।

ইয়াৰ পূৰ্বে নাৰায়ণনে ইছৰোৰ লিকুইড প্ৰপালচন চিষ্টেম চেণ্টাৰ (এল পি এছ চি)ৰ সঞ্চালক হিচাপে কাম কৰিছিল, যিটো বাহন উৎক্ষেপণ আৰু মহাকাশযানৰ বাবে প্ৰপালচন চিষ্টেমৰ বিকাশৰ বাবে দায়বদ্ধ । ভাৰতৰ অভিলাষী মানৱ মহাকাশ উৰণ অভিযান গগনিয়ান কাৰ্যসূচীৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ ৰেটেড চাৰ্টিফিকেশন ব’ৰ্ডৰ (এইচ আৰ চি বি) অধ্যক্ষ হিচাপেও তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ।

এগৰাকী প্ৰবীণ বিজ্ঞানী নাৰায়ণনে 1984 চনত ইছৰোত যোগদান কৰিছিল আৰু দশক দশক ধৰি ভাৰতৰ মহাকাশ অভিযানত যথেষ্ট অৰিহণা যোগাইছে । 2018 চনৰ জানুৱাৰী মাহত তেওঁ এল পি এছ চিৰ সঞ্চালক হিচাপে ৰকেট আৰু মহাকাশযান প্ৰপালচন প্ৰযুক্তিৰ ক্ষেত্ৰত আগশাৰীৰ হিচাপে নিজৰ সুনাম দৃঢ় কৰি তুলিছিল ।

নাৰায়ণন নম্ৰ পটভূমিৰ আৰু আই আই টি খৰ্গপুৰৰ প্ৰাক্তন ছাত্ৰ, য'ত তেওঁ ক্ৰাইজেনিক ইঞ্জিনিয়াৰিংত এম টেক আৰু এৰ'স্পেচ ইঞ্জিনিয়াৰিংত পি এইচ ডি সম্পূৰ্ণ কৰে । এম.টেক কাৰ্যসূচীত প্ৰথম পদবী লাভ কৰাৰ বাবে ৰূপৰ পদক লাভ কৰা তেখেতে 2018 চনত বিশিষ্ট প্ৰাক্তন ছাত্ৰ বঁটা আৰু 2023 চনত আই আই টি খড়গপুৰৰ পৰা লাইফ ফেল’শ্বিপ বঁটাও লাভ কৰিছে ।

ইছৰোত যোগদান কৰাৰ পূৰ্বে নাৰায়ণনে টি আই ডাইমণ্ড চেইন লিমিটেড, মাদ্ৰাজ ৰবৰ ফেক্টৰী, আৰু ত্ৰিচি আৰু ৰানিপেটত ভাৰত হেভি ইলেক্ট্ৰিকেলছ লিমিটেড (BHEL)ত কিছু সময়ৰ বাবে কাম কৰিছিল ।

লিকুইড প্ৰপালচন চিষ্টেমছ চেণ্টাৰ (এল পি এছ চি)ৰ সঞ্চালক হিচাপে সাত বছৰকে ধৰি ইছৰোত 40 বছৰীয়া কাৰ্যকালত তেওঁ ভাৰতৰ মহাকাশ কাৰ্যসূচীত যুগান্তকাৰী অৱদান আগবঢ়াইছে ।

লগতে পঢ়ক: ইছৰোৰ নতুন অধ্যক্ষ হ’ব ভি নাৰায়ণন

ইছৰোৰ আন এক সফলতা; মহাকাশত অংকুৰিত কৰিলে দালিৰ বীজ

সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হ’ব 100 সংখ্যক ৰকেটটো