ETV Bharat / technology

499 ডলাৰত মুকলি হ’ল ট্ৰাম্প অৰ্গেনাইজেশ্যনৰ স্মাৰ্টফোন - Trump mobile T1 Phone

ড’নাল্ড ট্ৰাম্পৰ পৰিয়ালে মোবাইল বজাৰত প্ৰৱেশ কৰি এটা নতুন স্মাৰ্টফোন মুকলি কৰিছে । ইয়াৰ বিষয়ে জানো আহক ---

us-president-donald-trump-family-launched-trump-mobile-t1-smartphone-made-in-america
499 ডলাৰত মুকলি হ’ল ট্ৰাম্প অৰ্গেনাইজেশ্যনৰ স্মাৰ্টফোন - Trump mobile T1 Phone (Trump Mobile)
author img

By ETV Bharat Tech Team

Published : June 21, 2025 at 3:15 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কোম্পানী ট্ৰাম্প অৰ্গেনাইজেশ্যনে স্মাৰ্টফোনৰ বজাৰত প্ৰৱেশ কৰিছে । এই কোম্পানীয়ে 2025 চনৰ 16 জুনত ট্ৰাম্প মোবাইল স্মাৰ্টফোন মুকলি কৰিছে । এই ফোনটোৰ মূল্য 499 ডলাৰ । কোম্পানীয়ে সোণালী ৰঙৰ এই ফোনটো মুকলি কৰিছে । ইয়াত AMOLED স্ক্ৰীণ, 120Hz ৰিফ্ৰেছ ৰেট, 50MP মেইন ৰিয়াৰ কেমেৰা আৰু 5000mAh বেটাৰীকে ধৰি বহুতো বিশেষ স্পেচিফিকেশন আছে । আহক আমি জানো ট্ৰাম্প মোবাইলৰ এই T1 Phone ৰ বিষয়ে ---

ফোনটোৰ স্পেচিফিকেশন

  • ডিছপ্লে: এই ফোনটোত কোম্পানীয়ে 6.78 ইঞ্চিৰ পাঞ্চ-হোল AMOLED স্ক্ৰীণ দিছে, যাৰ ৰিফ্ৰেছ ৰেট 120 হাৰ্টজ ।
  • কেমেৰা: কোম্পানীয়ে এই ফোনটোৰ পিছফালে ট্ৰিপল কেমেৰা ছেটআপ প্ৰদান কৰিছে । এই চেটআপৰ মূল কেমেৰা 50MP । ফোনটোৰ দ্বিতীয় বেক কেমেৰাত 2MP ডেপথ চেন্সৰ আৰু তৃতীয় বেক কেমেৰাতো 2MP মেক্ৰ’ লেন্স আছে । ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে এই ফোনত 16 MP ৰ ফ্ৰন্ট কেমেৰা প্ৰদান কৰিছে কোম্পানীয়ে ।
  • বেটাৰী: কোম্পানীয়ে এই ফোনত 5000mAh বেটাৰী প্ৰদান কৰিছে, যিটো 20W PD ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে আহে ।
  • অপাৰেটিং চিষ্টেম: এই ফোনটো এণ্ড্ৰইড 15 ভিত্তিক অপাৰেটিং চিষ্টেমত চলি থাকে । কিন্তু এই ফোনটোৰ চিপছেটৰ সবিশেষ কোম্পানীটোৰ ৱেবছাইটত উপলব্ধ নাছিল ।

এই ফোনত কোম্পানীয়ে সংযোগৰ বাবে ইউএছবি টাইপ-চি পৰ্ট প্ৰদান কৰিছে । ইয়াৰ উপৰিও ইয়াত 3.5 মিমি হেডফোন জেকও দিয়া হৈছে । এই ফোনত কোম্পানীয়ে 256GB ইণ্টাৰনেল ষ্ট’ৰেজও প্ৰদান কৰিছে, যিটো এছডি কাৰ্ডৰ জৰিয়তেও বৃদ্ধি কৰিব পাৰি । ইয়াৰ উপৰিও এই ফোনটোৰ সুৰক্ষাৰ বাবে কোম্পানীয়ে ইন-ডিছপ্লে ফিংগাৰপ্ৰিণ্ট চেন্সৰ আৰু এআই ফেচ আনলকৰ সুবিধাও প্ৰদান কৰিছে ।

মূল্য আৰু বেতাঁৰ সেৱা

এই ফোনটোৰ বেক ডিজাইন আইফোন 15 ৰ দৰে দেখা গৈছে কাৰণ ইয়াৰ কেমেৰা মডিউল একে । কোম্পানীয়ে এই ফোনটোৰ পিছফালে LED ফ্লেছ প্ৰদান কৰা নাই । কোম্পানীটোৰ অফিচিয়েল ৱেবছাইট অনুসৰি এই ফোনটোৰ মূল্য 499 ডলাৰ অৰ্থাৎ প্ৰায় 43,222 টকা । ব্যৱহাৰকাৰীয়ে 100 ডলাৰৰ ডাউন পেমেণ্ট কৰি এই ফোনটো প্ৰি-বুক কৰিব পাৰিব । কোম্পানীয়ে এই ফোনটো বিক্ৰীৰ বিষয়ে কোনো তথ্য আনুষ্ঠানিকভাৱে দিয়া নাই ।

এই কোম্পানীটোৰ ৱেবছাইট অনুসৰি মোবাইল ফোনৰ উপৰিও ট্ৰাম্পৰ কোম্পানীয়ে বেতাঁৰ সেৱাও আৰম্ভ কৰিছে । ইয়াৰ বাবে কোম্পানীটোৱে নিজৰ ৱেবছাইটত The 47 Plan নামৰ এটা সেৱাও আৰম্ভ কৰিছে । ইয়াৰ মূল্য প্ৰতিমাহে 47.45 ডলাৰ (প্ৰায় 4082 টকা)। এই মূল্যত এই সেৱাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে সীমাহীন টকটাইম, টেক্সট আৰু মোবাইল ডাটা আৰু 20GB পৰ্যন্ত হাই স্পীড মোবাইল ডাটা লাভ কৰিব । এই পৰিকল্পনাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে 100 টা স্থানলৈ আন্তঃৰাষ্ট্ৰীয় ফোন কৰিব পাৰিব বুলি কোম্পানীটোৱে জনাইছে । ইয়াৰ বাবে কোম্পানীয়ে আপোনাক কোনো চুক্তিত স্বাক্ষৰ কৰিবলৈ নিদিয়ে । ব্যৱহাৰকাৰীয়ে নিজৰ ইচ্ছা অনুসৰি যিকোনো সময়তে বাতিল কৰিব পাৰিব ।

লগতে পঢ়ক