জনপ্ৰিয় ৱেব ব্ৰাউজাৰ ক্ৰ’ম বিক্ৰী কৰাৰ বাবে গুগলক হেঁচা আমেৰিকাৰ; জানক সবিশেষ
মাৰ্কিন ন্যায় বিভাগে গুগলৰ জনপ্ৰিয় ৱেব ব্ৰাউজাৰ ক্ৰ’মক বিক্ৰী কৰাৰ বাবে হেঁচা প্ৰয়োগ কৰিছে ৷ কেইবাটাও টেক জায়ান্টে ক্ৰয় কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷

Published : April 27, 2025 at 10:57 AM IST
হায়দৰাবাদ: গুগলে অনলাইন চাৰ্চ মাৰ্কেটত নিজৰ আধিপত্যৰ অপব্যৱহাৰ কৰি অবৈধ একচেটিয়া অধিকাৰ সাব্যস্ত কৰি বিশ্বৰ ডিফল্ট চাৰ্চ ইঞ্জিন হোৱাৰ অভিযোগ উত্থাপন কৰিছে আমেৰিকাৰ ন্যায় বিভাগে । গুগলক ক্ৰ’ম ব্ৰাউজাৰ বিক্ৰী কৰিবলৈ বাৰে বাৰে হেঁচা প্ৰয়োগ কৰি আহিছে ন্যায় বিভাগে । ইফালে, OpenAI, Yahoo, Perplexityৰ দৰে কেইবাটাও কোম্পানীয়ে ক্ৰ’ম ব্ৰাউজাৰ ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে ।
আদালতে কিয় প্ৰদান কৰিছে এই হেঁচা ?
স্বাভাৱিকতেই এই কথা চৰ্চালৈ অহাৰ পাচত মনত এক প্ৰশ্ন উত্থাপন হয় যে কোনো চৰকাৰ বা আদালতে কিয় কোম্পানী এটাক নিজৰ সামগ্ৰী বিক্ৰী কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছে । উল্লেখনীয় বিষয় যে অনলাইন চাৰ্চ জগতত গুগলৰ একচেটিয়া অধিকাৰ আছে । গতিকে এই খণ্ডত আন কোম্পানীক সুযোগ দিয়া নহয় অথবা সুযোগ লাভ নকৰে । এনে পৰিস্থিতিত যদি ক্ৰ’ম ব্ৰাউজাৰ বিক্ৰী হয়, তেন্তে গুগলৰ জটিল চাৰ্চ পইণ্টৰ ওপৰত নিয়ন্ত্ৰণ হেৰাই যাব আৰু অন্যান্য চাৰ্চ কোম্পানীয়ে উচিত সুযোগ পাব । আনকি আমেৰিকাৰ ন্যায় বিভাগেও ক্ৰ’মক ডিফল্ট চাৰ্চ ইঞ্জিন হিচাপে ৰখা ডিভাইচটো নিষিদ্ধ কৰিব বিচাৰিছে ।
চলিত সপ্তাহৰ আৰম্ভণিতে গোচৰটো পুনৰ আৰম্ভ হোৱাৰ লগে লগে ড’জৰ এটৰ্নী ডেভিদ ডাহলকুইষ্টে কয়, "গুগলক নিজৰ ক্ৰ'ম ব্ৰাউজাৰ বিক্ৰী কৰিবলৈ হেঁচা দিয়াৰ সময় আহি পৰিছে । চাৰ্চ জগতত গুগলৰ একচেটিয়া অধিকাৰ কোম্পানীটোৰ এআই প্ৰডাক্টসমূহৰ উন্নতিৰ দ্বাৰাও লাভৱান হয়, যিবোৰ ব্যৱহাৰকাৰীক তেওঁলোকৰ চাৰ্চ ইঞ্জিনলৈ অনাৰ এক উপায় ।" গুগলে এই ৰায়ৰ বিৰুদ্ধে আবেদন কৰিব বুলি জনাইছে ।
ক্ৰ’ম ক্ৰয় কৰিবলৈ আগ্ৰহী বহু বৃহৎ কোম্পানী
যদি গুগলে ক্ৰ’ম ব্ৰাউজাৰ বিক্ৰী কৰে, তেন্তে বহু বৃহৎ কোম্পানীয়ে ইয়াক ক্ৰয় কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে । ইয়াৰ ভিতৰত আছে OpenAI, Yahoo আৰু Perplexity । আমেৰিকাৰ এআই গৱেষণা কোম্পানী অ’পেনএআইৰ এআই চেটবট চেটজিপিটিৰ মুৰব্বী নিক টাৰ্লিয়ে কয় যে যদি গুগলে ক্ৰ’ম ব্ৰাউজাৰ বিক্ৰী কৰে তেন্তে তেওঁলোকে ইয়াক ক্ৰয় কৰিবলৈ আগ্ৰহী ।
টাৰ্লিয়ে কয় যে তেওঁৰ কোম্পানীয়ে যোৱা বছৰৰ জুলাই মাহত গুগলৰ সৈতে চেটজিপিটিত গুগলৰ চাৰ্চ এপিআই ব্যৱহাৰ কৰাৰ বিষয়ে যোগাযোগ কৰিছিল । ৰয়টাৰৰ এক প্ৰতিবেদন অনুসৰি 2024 চনৰ আগষ্ট মাহত গুগলে ইয়াক নাকচ কৰি কয় যে ইয়াত অত্যধিক প্ৰতিযোগী জড়িত হ’ব । আনহাতে, ChatGPT ৰ ব্যৱহাৰকাৰীৰ 80% প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ নিজা প্ৰযুক্তি বা চাৰ্চ ইঞ্জিন থকাৰ পৰা বহু দূৰত ।
ইফালে আমেৰিকাৰ ৱেব চাৰ্চ ইঞ্জিন পাৰ্প্লেক্সিটিয়েও গুগলৰ চাৰ্চ ইঞ্জিন ক্ৰয় কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে । আনহাতে, প্ৰতিষ্ঠিত ছাৰ্চ ব্ৰেণ্ড য়াহুৱে নিজাকৈ ৱেব ব্ৰাউজাৰত কাম কৰি আছে । কোম্পানীটোৱে কয় যে যদি গুগলে ক্ৰ’ম ব্ৰাউজাৰ বিক্ৰী কৰে তেন্তে তেওঁলোকেও ক্ৰয় কৰিব বিচাৰিব । য়াহুৱে কয় যে ৱেব ব্ৰাউজাৰৰ মালিক হোৱাটো ছাৰ্চৰ বাবে গুৰুত্বপূৰ্ণ ।
য়াহু চাৰ্চৰ জেনেৰেল মেনেজাৰ ব্রায়ান প্ৰভষ্টে কয় যে প্ৰায় 60% চাৰ্চ ৱেব ব্ৰাউজাৰৰ জৰিয়তে কৰা হয় । বহুতে এড্ৰেছ বাৰৰ পৰা পোনপটীয়াকৈ সন্ধান কৰে । সেইবাবেই প্ৰভষ্টে কয় যে যোৱা গ্ৰীষ্মকালৰ পৰাই য়াহুৱে নিজৰ ব্ৰাউজাৰৰ প্ৰ’ট’টাইপ সক্ৰিয়ভাৱে প্ৰস্তুত কৰি আহিছে। নিজাকৈ ৱেব ব্ৰাউজাৰ আনিবলৈ আৰু ৬-৯ মাহ সময় লাগিব পাৰে। গতিকে যদি কোম্পানীয়ে ক্ৰ’ম ক্ৰয় কৰে তেন্তে কম সময়তে ইয়াক কাৰ্যকৰী কৰিব পাৰে ।
লগতে পঢ়ক
- ‘এডভান্সড চেট প্ৰাইভেচি’ - আপোনাৰ হোৱাটছএপৰ কথোপকথন সুৰক্ষিত কৰিবলৈ মুকলি হ’ল নতুন সুৰক্ষা বৈশিষ্ট্য
- চীন-আমেৰিকাৰ শুল্ক যুদ্ধ: ভাৰতত উৎপাদন হ’ব মাৰ্কিন বজাৰৰ বাবে প্ৰয়োজনীয় এপলৰ আইফোন
- শীঘ্ৰেই কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে লাভ কৰিব শ্বপিঙৰ অভিজ্ঞতা; ChatGPT য়ে কৰিব সহায় !
- অহা দশকৰ ভিতৰতে ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহাৰ হ’ব কৃত্ৰিম বুদ্ধিমত্তা

