হায়দৰাবাদ: সমগ্ৰ ভাৰতত ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউপিআই) সেৱা বন্ধ হৈ থকাৰ বাবে ব্যৱহাৰকাৰীসকলে ডিজিটেল লেনদেন কৰাত সমস্যাৰ সন্মুখীন হৈছে । UPI ৰ কাম-কাজ চোৱাচিতা কৰা ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যনে (এনপিচিআই) এই বিষয়টো সন্দৰ্ভত এতিয়াও কোনো আনুষ্ঠানিক বক্তব্য প্ৰকাশ কৰা নাই যদিও ব্যৱহাৰকাৰীসকলে ধনৰ লেন-দেন কৰিব নোৱাৰাৰ লগতে একাউণ্টৰ বেলেঞ্চ পৰীক্ষা কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে ।
ETV Bharat এ সমগ্ৰ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকৰ সৈতে কথা পাতি এই সমস্যা ব্যাপক বুলি নিশ্চিত কৰিছে । ব্যৱহাৰকাৰীসকলে QR ক’ড স্কেনিঙৰ জৰিয়তে বা পোনপটীয়াকৈ ইউপিআই-লিংক কৰা ফোন নম্বৰ বা ইউপিআই আইডিলৈ প্ৰেৰণ কৰাৰ জৰিয়তে পেমেণ্ট কৰিবলৈ চেষ্টা কৰাৰ সময়ত সমস্যাৰ সন্মুখীন হৈছে । সমস্যাটো UPI চাৰ্ভাৰসমূহৰ সৈতে সংযুক্ত যেন ধাৰণা কৰা হৈছে ।
🚨UPI is down, Please carry your wallet#UPI #NPCI #DigitalPayments #Paytm #phonepe #gpay pic.twitter.com/E4OEfGsTvA
— Everyday Pursuits (@evrydaypursuit) April 12, 2025
এনপিচিআইয়ে X যোগে এই সমস্যাটো স্বীকাৰ কৰি কয়, "NPCI বৰ্তমান কাৰিকৰী সমস্যাৰ সন্মুখীন হৈছে, যাৰ ফলত ইউপিআইৰ লেনদেন আংশিকভাৱে হ্ৰাস হৈছে । ইয়াৰ ফলত হোৱা অসুবিধাৰ বাবে আমি দুঃখিত ।" এনপিচিআইয়ে লগতে কয় যে আমি সমস্যাটো সমাধানৰ বাবে কাম কৰি আছো আৰু আপোনালোকক অৱগত কৰি থাকিম ।
যোৱা মাহতো ইউপিআই সেৱা বন্ধ হৈ পৰিছিল । এনপিচিআইয়ে X ত এই সন্দৰ্ভত পোষ্ট দিয়াৰ কেইঘণ্টামানৰ ভিতৰতে এই সমস্যাটো সমাধান কৰিছিল ।
Facing trouble with #GPay, #PhonePe or #Paytm?
— Rohit Prasad ✨ (@RohitPrasa41090) April 12, 2025
You’re NOT alone — #UPI is down across India!
Users are flooding Downdetector with complaints.
Payments failing.#UPIDown #NPCI #DigitalIndia pic.twitter.com/MCboYX0hGB
Downdetector ৰ মতে, UPI চাৰ্ভাৰৰ সমস্যা আৰম্ভ হৈছিল প্ৰায় পুৱা 11:30 বজাত । ইউপিআই ব্যৱহাৰৰ ক্ষেত্ৰত ব্যৱহাৰকাৰীয়ে বাস্তৱ সময়ত সন্মুখীন হোৱা সমস্যা সংক্ৰান্তীয় অভিযোগো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । ডাউনডিটেক্টৰৰ মতে ইয়াৰ প্ৰভাৱ পৰিছে সমগ্ৰ দেশজুৰি । ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো ব্যৱহাৰকাৰীয়ে এই সমস্যাৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে ।
NPCI is currently facing intermittent technical issues, leading to partial UPI transaction declines. We are working to resolve the issue, and will keep you updated.
— NPCI (@NPCI_NPCI) April 12, 2025
We regret the inconvenience caused.
লগতে পঢ়ক
প্ৰেম, প্ৰতাৰণা আৰু লুণ্ঠন: কি এই ‘Pig butchering scam'?
UPI পেমেণ্টৰ দৰেই সহজ হৈ পৰিল আধাৰ কাৰ্ড ভেৰিফিকেশ্যন পদ্ধতি
সাৱধান ! চাইবাৰ অপৰাধীৰ টাৰ্গেটত নিবনুৱা, গৃহিণী...: গৃহ মন্ত্ৰণালয়
1 এপ্ৰিলৰ পৰা এইসমূহ নম্বৰৰ সৈতে সংযোগ হৈ থকা বেংক একাউণ্টৰ বন্ধ হৈ পৰিব UPI সেৱা !