ETV Bharat / technology

1 এপ্ৰিলৰ পৰা এইসমূহ নম্বৰৰ সৈতে সংযোগ হৈ থকা বেংক একাউণ্টৰ বন্ধ হৈ পৰিব UPI সেৱা !

শীঘ্ৰেই এনপিচিআইয়ে কাৰ্যকৰী কৰিবলৈ ওলাইছে নতুন নিয়ম । আপোনাৰ বেংক একাউণ্টৰ সৈতে লিংক কৰা মোবাইল নম্বৰটো নিষ্ক্ৰিয় হৈ থাকিলে সেইটো আঁতৰাই দিয়া হ’ব ।

upi-new-rules-bank-to-remove-inactive-mobile-numbers-from-april-1
1 এপ্ৰিলৰ পৰা এইসমূহ নম্বৰৰ সৈতে সংযোগ হৈ থকা বেংক একাউণ্টৰ বন্ধ হৈ পৰিব UPI সেৱা ! (Getty Images)
author img

By ETV Bharat Tech Team

Published : March 23, 2025 at 7:23 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আজিকালি লেনদেনৰ ক্ষেত্ৰত সকলোৰে প্ৰথম পছন্দ অনলাইন পেমেণ্ট । দেশৰ অধিকাংশ লোকে এতিয়া ইউ পি আইৰ জৰিয়তে ধনৰ লেনদেন কৰি আছে । ই বহুসময়ত আমাৰ জীৱন অতি সহজ কৰি তোলাৰ সমান্তৰালভাৱে এই সংক্ৰান্তীয় চাইবাৰ অপৰাধৰ গোচৰো বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । চাইবাৰ প্ৰৱঞ্চকে অতি সহজেই বেংকৰ জৰিয়তে বিভিন্ন প্ৰৱঞ্চনা তথা বিত্তীয় অপৰাধ সংঘটিত কৰি আহিছে । এই কথা মনত ৰাখি ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে 2025 চনৰ 1 এপ্ৰিলৰ পৰা নতুন নিয়ম কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লৈছে ।

কিয় মুকলি কৰা হৈছে এই নিয়ম ?

এন পি চি আইৰ মতে, ইউ পি আই আই ডিৰ সৈতে সংযুক্ত নিষ্ক্ৰিয় মোবাইল নম্বৰে নিৰাপত্তাজনিত বিপদৰ সৃষ্টি কৰে । মোবাইল নম্বৰ সলনি বা নিষ্ক্ৰিয় কৰা ব্যৱহাৰকাৰীসকলে প্ৰায়ে তেওঁলোকৰ বেংক ৰেকৰ্ড আপডেট বা ইউপিআই আইডি আঁতৰোৱাত ব্যৰ্থ হয়, যাৰ ফলত প্ৰৱঞ্চনাৰ আশংকা বৃদ্ধি পায় । যদি এই নম্বৰসমূহ নতুন ব্যৱহাৰকাৰীক দিয়া হয়, তেন্তে প্ৰৱঞ্চকে নম্বৰসমূহ অপব্যৱহাৰ কৰাৰ আশংকা অধিক ।

এই সমস্যাৰ সমাধানৰ বাবে এনপিচিআইয়ে বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰীসকলক গুগল পে, ফোনপে আৰু পেটিএমৰ সৈতে জড়িত নিষ্ক্ৰিয় মোবাইল নম্বৰৰ সৈতে সংযুক্ত ইউপিআই আইডি আঁতৰাবলৈ নিৰ্দেশ দিছে । বেংকিং ব্যৱস্থাত হোৱা কাৰিকৰী ভুল হ্ৰাস কৰাৰ লগতে নিৰাপত্তা বৃদ্ধিৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

কোনসকল ব্যৱহাৰকাৰী প্ৰভাৱিত হ’ব?

  • যিসকলে নতুন মোবাইল নম্বৰলৈ চুইচ কৰিছে, কিন্তু বেংকৰ ৰেকৰ্ড আপডেট কৰা নাই ।
  • যিসকল ব্যক্তিয়ে নিষ্ক্ৰিয় বা পুনৰ জাৰি কৰা নম্বৰৰ সৈতে ইউপিআই ব্যৱহাৰ কৰি থাকে ।
  • যিজন ব্যৱহাৰকাৰীৰ মোবাইল নম্বৰ দীৰ্ঘদিন ধৰি কল, এছএমএছ বা বেংকিং সেৱাৰ বাবে সক্ৰিয় কৰা হোৱা নাই ।

ইউ পি আইৰ ব্যাঘাতৰ সৈতে কেনেকৈ মোকাবিলা কৰিব?

ইউ পি আই সেৱাসমূহলৈ নিৰৱচ্ছিন্ন সেৱা নিশ্চিত কৰিবলৈ, এনপিচিআই ব্যৱহাৰকাৰীসকলে 1 এপ্ৰিলৰ আগতে নিম্নলিখিত পদক্ষেপসমূহ ল'ব লাগিব ।

  • বেংক একাউণ্টৰ সৈতে লিংক কৰা মোবাইল নম্বৰটো সক্ৰিয় হৈ থকাটো নিশ্চিত কৰক ।
  • যদি পঞ্জীয়নভুক্ত নম্বৰ সলনি হৈছে তেন্তে বেংকৰ ৰেকৰ্ডসমূহ নতুন নম্বৰেৰে আপডেট কৰক ।
  • নিষ্ক্ৰিয় মোবাইল নম্বৰৰ সৈতে সংযুক্ত কোনো অব্যৱহৃত একাউণ্ট আছে নেকি পৰীক্ষা কৰক আৰু প্ৰয়োজন হ’লে পুনৰ সক্ৰিয় কৰক ।

লগতে পঢ়ক