88,942 টকা আৰম্ভণি মূল্যত বজাৰত মুকলি TVS Jupiter 125 DT SXC
TVS এ ভাৰতীয় বজাৰত মুকলি কৰিলে জুপিটাৰ 125 DT SXC ৷ বহু আকৰ্ষণীয় বৈশিষ্ট্যযুক্ত এই স্কুটাৰখন বজাৰত মুকলি কৰা হৈছে দুটাকৈ ৰঙৰ বিকল্পত ৷

Published : May 30, 2025 at 10:35 AM IST
হায়দৰাবাদ: TVS জুপিটাৰে শেহতীয়াকৈ TVS জুপিটাৰ 125 মুকলি সন্দৰ্ভত ইংগিত দিছিল ৷ এই টিজাৰ মুকলিৰ পাচতেই 29 মে’ৰ দিনা ভাৰতীয় বজাৰত মুকলি কৰা হয় TVS জুপিটাৰ 125 DT SXC ৷ কোম্পানীয়ে এই দুচকীয়াখন 88,942 টকা(এক্স-শ্ব’ৰুম)ত মুকলি কৰিছে ৷ বৰ্তমান দুচকীয়াখনৰ আৰম্ভণি মূল্য 80,740 (এক্স-শ্ব’ৰুম) ৷ এই স্কুটাৰখন বৰ্তমান টপ এণ্ড স্মাৰ্টএক্সকানেক্টৰ লগতে 4 টা ভেৰিয়েণ্টত উপলব্ধ ৷ এই top-end SmartXconnect ভেৰিয়েণ্টৰ মূল্য 92,001 টকা ৷
TVS জুপিটাৰ 125 DT SXC ভেৰিয়েণ্টৰ নতুনত্ব কি ?
মন কৰিবলগীয়া যে এই নতুন ভেৰিয়েন্টৰ মূল্য মিড স্পেক ডিস্ক ভেৰিয়েন্টতকৈ 3500 টকা বেছি আৰু ইয়াত ৰঙীন এলচিডি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰৰ দৰে নতুন বৈশিষ্ট্য আছে । ইয়াত ব্লুটুথ সংযোগৰ বৈশিষ্ট্য আছে আৰু ই টাৰ্ণ-বাই-টাৰ্ণ নেভিগেচন সমৰ্থন কৰে । লগতে ইয়াত নতুনকৈ ডিজাইন কৰা ছিট দিয়া হৈছে, লগতে ইয়াৰ ভিত্তিত নিৰ্মাণ কৰা ভেৰিয়েন্টত আছে এল ই ডি হেডলেম্প । ইয়াত উপলব্ধ সম্পূৰ্ণ ডিজিটেল ৰিভাৰ্ছ এলচিডি ক্লাষ্টাৰৰ জৰিয়তে কল আৰু এছএমএছ নটিফিকেশ্যন, ৰিয়েল-টাইম আৰু গড় ইন্ধন কাৰ্যক্ষমতাৰ সূচক, কম ইন্ধনৰ সতৰ্কবাণী, ট্ৰিপ মিটাৰকে ধৰি আন বহু দেখুৱাই দিয়ে ৷
TVS জুপিটাৰ 125 DT SXC ৰ পাৱাৰট্ৰেইন

এইবোৰৰ লগতে এই স্কুটাৰখনত ডুৱেল টোন ৰং প্ৰদান কৰা হৈছে - আইভ’ৰী ব্ৰাউন আৰু আইভ’ৰী গ্ৰে’ ৷ অৱশ্যে যান্ত্ৰিক ক্ষেত্ৰত ই পূৰ্বৰ দৰেই একেই আছে ৷ এই স্কুটাৰখনত একেই 124CC, 6500rpm ত 8.3 bhp পাৱাৰ উৎপাদিত ছিংগল চিলিণ্ডাৰ ইঞ্জিন আছে আৰু 4,500rpm ত সৰ্বোচ্চ টৰ্ক 11.1Nm (সহায়ৰ সৈতে)।
TVS জুপিটাৰ 125 DT SXC ৰ হাৰ্ডৱেৰ
এইবোৰৰ উপৰিও স্কুটাৰখনৰ সমুখভাগত টেলিস্কোপিক ফৰ্কছ আৰু পিছফালে আছে টুইন শ্বক এবজৰ্বাৰ । ইয়াৰ ওজন 108 কিলোগ্ৰাম আৰু গ্ৰাউণ্ড ক্লিয়াৰেন্স 163 মিলিমিটাৰ । টিভিএছ জুপিটাৰ 125 ত 33 লিটাৰ আণ্ডাৰচিট ষ্ট’ৰেজ আৰু সন্মুখত দুই লিটাৰৰ অতিৰিক্ত ষ্ট’ৰেজ আছে ।
বৰ্তমান এই ভেৰিয়েণ্টটো টিভিএছৰ জুপিটাৰ লাইন আপৰ ওপৰৰ মিড টিয়াৰত আছে আৰু ইয়াৰ মূল্য ৰেঞ্জ টপিং স্মাৰ্টএক্সকানেক্ট ভেৰিয়েণ্টতকৈ 3 হাজাৰ টকা কম ।
TVS জুপিটাৰ 125 DT SXC ৰ প্ৰতিদ্বন্দী
ভাৰতীয় বজাৰত টিভিএছ জুপিটাৰ 125 য়ে চুজুকি এক্সেছ 125, হিৰো ডেষ্টিনি 125, হোণ্ডা এক্টিভা 125 আৰু ইয়ামাহা ফেচিনোৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰে ।
লগতে পঢ়ক
- বজাৰত শীঘ্ৰে মুকলিৰ দিশে TVS জুপিটাৰ 125; কোম্পানীয়ে মুকলি কৰিলে টিজাৰ
- TVS এ শীঘ্ৰে বজাৰত মুকলি কৰিব 2025 বৰ্ষৰ TVS Sport; মুকলি কৰিলে টিজাৰ
- ভাৰত মবিলিটি এক্সপ’ 2025 ত মুকলি হ’ল চিএনজি চালিত টিভিএছ জুপিটাৰ
- দেশত বৃদ্ধি দুচকীয়া বাহনৰ চাহিদা; এমাহতেই বিক্ৰী হৈছে 19 লাখতকৈ অধিক বাহন - 5 best selling two wheeler brands

