ETV Bharat / technology

মহাকাশত আৱদ্ধ মহাকাশচাৰীক ঘূৰাই আনিবলৈ মাস্কক আহ্বান ট্ৰাম্পৰ

আমেৰিকাৰ মহাকাশ সংস্থা নাছাই ঘোষণা কৰিছিল যে স্পেচএক্সে ফেব্ৰুৱাৰী মাহত ক্ৰুসকলক ঘৰলৈ লৈ আহিব ৷ উক্ত সময় পিছুৱাই বৰ্তমান মাৰ্চৰ শেষ পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে।

trump-asks-musks-spacex-to-bring-back-stranded-astronauts-sunita-williams-butch-wilmore
মহাকাশত আৱদ্ধ মহাকাশচাৰীক ঘূৰাই আনিবলৈ মাস্কক আহ্বান ট্ৰাম্পৰ (AP)
author img

By ETV Bharat Tech Team

Published : January 29, 2025 at 2:07 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইলন মাস্কৰ কোম্পানী স্পেচএক্সক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত কেইবামাহো ধৰি আবদ্ধ হৈ থকা দুজন আমেৰিকান মহাকাশচাৰীক ঘূৰাই পঠোৱাৰ অভিযান শীঘ্ৰে আৰম্ভ কৰিবলৈ কয় ।

মহাকাশচাৰী বাচ্চ উইলম'ৰ আৰু সুনীতা উইলিয়ামছে জুন মাহত বয়িঙৰ ষ্টাৰলাইনাৰত উঠি আই এছ এছত উপস্থিত হৈছিল আৰু কক্ষপথত চলা পৰীক্ষাগাৰত মাত্ৰ আঠ দিনহে কটাবলগীয়া আছিল যদিও মহাকাশযানখনৰ কাৰিকৰী সমস্যাৰ বাবে নাছাই পৰিকল্পনা সলনি কৰিবলৈ বাধ্য হৈছিল ।

আমেৰিকাৰ মহাকাশ সংস্থাটোৱে আগষ্ট মাহত ঘোষণা কৰিছিল যে বয়িঙৰ প্ৰতিদ্বন্দ্বী স্পেচএক্সে ফেব্ৰুৱাৰী মাহত ক্ৰুসকলক ঘূৰাই লৈ আহিব আৰু তাৰ পিছত স্পেচএক্সে নতুন মহাকাশযান প্ৰস্তুত কৰাৰ বাবে তেওঁলোকৰ উভতি অহাটো মাৰ্চৰ শেষলৈ আৰু পিছুৱাই দিয়া হয় । ট্ৰাম্পে নিজৰ ট্ৰুথ ছ’চিয়েল প্লেটফৰ্মত লিখিছে, "ইলনে অতি সোনকালে এই কামত হাত দিব । আশাকৰোঁ, সকলো নিৰাপদে হ'ব । শুভকামনা ইলন !!!" অৱশ্যে এই মিছন কেতিয়া হ’ব সেই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই ট্ৰাম্পে ।

ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰত যথেষ্ট ধন ব্যয় কৰা মাস্কে X ত লিখিছে যে ৰাষ্ট্ৰপতিগৰাকীয়ে স্পেচএক্সৰ মহাকাশচাৰী দুজনক “যথাসম্ভৱ সোনকালে” ঘৰলৈ আনিবলৈ কৈছে ।

মাস্কে X যোগে কয়, "@POTUS এ @SpaceX য়ে @Space_Station ত আবদ্ধ হৈ থকা 2 জন মহাকাশচাৰীক অতি সোনকালে ঘৰলৈ ঘূৰাই আনিবলৈ কৈছে । আমি তেনেকুৱা কৰিম । চিন্তনীয় বিষয় যে যে বাইডেন প্ৰশাসনে তেওঁলোকক ইমান দিনে মহাকাশত এৰি থৈ গৈছিল ।"

চলিত মাহৰ আৰম্ভণিতে উইলম’ৰ আৰু উইলিয়ামছে পৃথিৱীৰ ওপৰত আবদ্ধ হৈ থকাৰ পিছতো তেওঁলোকৰ মনোবল এতিয়াও উচ্চ বুলি কয় আৰু লগতে কয় যে তেওঁলোকৰ হাতত প্ৰচুৰ পৰিমাণে খাদ্য আছে আৰু মহাকাশ কেন্দ্ৰত সময় উপভোগ কৰি আছে ।

তেওঁলোকৰ দীৰ্ঘদিনীয়া অৱস্থান উল্লেখযোগ্য যদিও ই এতিয়াও ফ্ৰেংক ৰুবিঅ’ৰ আই এছ এছত থকা অভিলেখ ভংগকাৰী 371 দিন অতিক্ৰম কৰিব পৰা নাই, যিটো তেওঁ 2023 চনত সম্পূৰ্ণ কৰিছিল ৷ কাৰণ তেওঁৰ উভতি অহাৰ বাবে নিৰ্দিষ্ট কৰা ৰাছিয়াৰ মহাকাশযানখনত শীতল পদাৰ্থৰ লিক হৈছিল ।

লগতে পঢ়ক: বিৰল কৃতিত্ব: মহাকাশত খোজ কাঢ়িলে মহাকাশচাৰী সুনীতা উইলিয়ামছে

মহাকাশত বৰদিন: মহাকাশৰ পৰাই বিশ্ববাসীলৈ বৰদিনৰ শুভেচ্ছা মহাকাশচাৰীৰ

মাৰ্চৰ পূৰ্বে ঘূৰি অহাৰ সম্ভাৱনা ক্ষীণ মহাকাশত আবদ্ধ নাছাৰ দুই মহাকাশচাৰীৰ