আইফোন ব্যৱহাৰকাৰীসকলৰ বাবে বৃহৎ ঘোষণা: আজিৰে পৰা উপলব্ধ নহ’ব কল ৰেকৰ্ডিং বৈশিষ্ট্য
আইফোন ব্যৱহাৰকাৰীৰ বাবে Truecaller এ গ্ৰহণ কৰিছে এটা ডাঙৰ সিদ্ধান্ত । আইফোনত কল ৰেকৰ্ডিং বৈশিষ্ট্য বন্ধ কৰাৰ কথা ঘোষণা কৰিছে কোম্পানীটোৱে ।

Published : August 5, 2025 at 5:02 PM IST
হায়দৰাবাদ: আইফোনত কল ৰেকৰ্ডিং বৈশিষ্ট্য বন্ধ কৰাৰ কথা ঘোষণা কৰিছে Truecaller-এ । প্ৰতিবেদন অনুসৰি ট্ৰুকলাৰে 30 ছেপ্টেম্বৰৰ পৰা আইফোনত কল ৰেকৰ্ডিং ফিচাৰ বন্ধ কৰিব । অৰ্থাৎ আইফোন ব্যৱহাৰকাৰীয়ে যদি ইতিমধ্যে তেওঁলোকৰ ফোনত ট্ৰুকলাৰ এপত কলৰ ৰেকৰ্ডিং চেভ কৰিছে তেন্তে 30 ছেপ্টেম্বৰৰ পিছত তেওঁলোকে ইয়াত প্ৰৱেশ কৰিব নোৱাৰিব ।
আচলতে ট্ৰুকলাৰৰ এই সিদ্ধান্তৰ বিষয়ে প্ৰথমে ৰিপ’ৰ্ট দিছিল টেকক্ৰাঞ্চে । প্ৰতিবেদন অনুসৰি কোম্পানীটোৱে 30 ছেপ্টেম্বৰৰ পৰা আইফোনত কল ৰেকৰ্ডিং বৈশিষ্ট্য নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে ।এই বিষয়ে কোৱাৰ সময়ত ট্ৰুকেলাৰৰ আই অ’ এছৰ প্ৰডাক্ট ডাইৰেক্টৰ নকুল কাব্ৰাই জনাইছে যে কোম্পানীটোৱে এতিয়া কল ৰেকৰ্ডিং বৈশিষ্ট্যৰ পৰা ভুৱা কলৰ বিৰুদ্ধে যুঁজ দিয়া মূল বৈশিষ্ট্যসমূহৰ উন্নতিৰ দিশত গুৰুত্ব আৰোপ কৰিছে ।
ভুৱা কলৰ বিৰুদ্ধে যুঁজ দিয়াত গুৰুত্ব দিয়া হ’ব
আইফোনত ভুৱা কলৰ পৰা হাত সাৰিবলৈ আৰু যুঁজিবলৈ ট্ৰুকলাৰে এই বৈশিষ্ট্যসমূহ উন্নত কৰাৰ বাবে কিছু বিশেষ পৰিকল্পনা কৰিছে । ইয়াৰ ভিতৰত তলত উল্লেখ কৰা কেইটামান অন্তৰ্ভুক্ত ।
- লাইভ কলাৰ আইডি: ট্ৰুকলাৰৰ এই বৈশিষ্ট্যৰ জৰিয়তে কলাৰক বাস্তৱ সময়ত অৰ্থাৎ কলৰ সময়ত চিনাক্ত কৰা হয় । কোম্পানীটোৱে এই বৈশিষ্ট্য আৰু অধিক উন্নত কৰাৰ চেষ্টা কৰিছে ।
- ভুৱা কল স্বয়ংক্ৰিয়ভাৱে ব্লক কৰা: Truecaller এ ভুৱা কলসমূহ স্বয়ংক্ৰিয়ভাৱে ব্লক কৰিব পৰা বৈশিষ্ট্যসমূহৰ ওপৰতো কাম কৰি আছে ।
আইফোনত ৰেকৰ্ডিংবোৰৰ কথা কি ক’ব?
যদি আপুনি এজন আইফোন ব্যৱহাৰকাৰী আৰু আপোনাৰ Truecaller এপত কল ৰেকৰ্ডিং কৰিছে, তেন্তে এই প্ৰশ্নটো নিশ্চয় আপোনাৰ মনলৈ আহিছে যে সেই ৰেকৰ্ডিংবোৰৰ কি হ’ব । এই প্ৰশ্নৰ উত্তৰ কওঁ । Truecaller এ ইয়াৰ সমৰ্থন পৃষ্ঠাত ব্যৱহাৰকাৰীসকলক তিনিটা বিকল্প দিছে, যিবোৰ নিম্নলিখিত:
- ব্যৱহাৰকাৰীয়ে ৰেকৰ্ডিংসমূহ ডাউনলোড কৰি নিজৰ ফোনত চেভ কৰিব পাৰে ।
- ব্যৱহাৰকাৰীয়ে ইমেইল বা যিকোনো মেছেজিং এপৰ জৰিয়তে ৰেকৰ্ডিং শ্বেয়াৰ কৰিব পাৰে ।
- ব্যৱহাৰকাৰীয়ে ট্ৰুকেলাৰৰ পৰা আইক্লাউডলৈও ৰেকৰ্ডিং স্থানান্তৰ কৰিব পাৰে ।
ট্ৰুকলাৰ কল ৰেকৰ্ডিং বৈশিষ্ট্য: আইফোন বনাম এণ্ড্ৰ’ইড
ট্ৰুকলাৰত কল ৰেকৰ্ডিং ফিচাৰে আইফোন আৰু এণ্ড্ৰইড দুয়োটা ডিভাইচতে বেলেগ ধৰণে কাম কৰে আৰু আইফোনত ৰেকৰ্ডিং ফিচাৰটো অলপ কঠিন । আইফোনত ট্ৰুকলাৰৰ জৰিয়তে কল ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰকাৰীয়ে প্ৰথমে ৰেকৰ্ডিং লাইন খুলিব লাগিব আৰু তাৰ পিছত কলসমূহ মাৰ্জ কৰিব লাগিব । এণ্ড্ৰ’ইড ফোনত ট্ৰুকলাৰৰ জৰিয়তে কল ৰেকৰ্ড কৰিবলৈ ব্যৱহাৰকাৰীয়ে মাত্ৰ ডায়েলাৰৰ এটা বুটাম টিপিব লাগিব, তাৰ পিছত ৰেকৰ্ডিং আৰম্ভ হয় ।
কিন্তু যদি কিছুমান ব্যৱহাৰকাৰীয়ে আইফোনৰ ডিফল্ট ডায়েলাৰৰ পৰা কল কৰে, তেন্তে তাৰ বাবে এটা ফ্লটিং একচন বুটাম (FAB)ও আছে, কিন্তু এই সকলোবোৰ পদ্ধতিয়ে 30 ছেপ্টেম্বৰৰ পিছত কাম নকৰে, কাৰণ তেতিয়া আইফোনত ৰেকৰ্ডিংৰ সুবিধা সম্পূৰ্ণৰূপে বন্ধ হৈ যাব । অৱশ্যে এণ্ড্ৰ’ইড ফোনত কল ৰেকৰ্ডিং ফিচাৰ বন্ধ হ’ব নে নহয় সেই বিষয়ে এতিয়াও তথ্য দিয়া নাই Truecaller-এ ।
লগতে পঢ়ক

