ETV Bharat / technology

TRAI এ সলালে ছিম কাৰ্ড সক্ৰিয় ৰখাৰ নিয়ম; গ্ৰাহকৰ বাবে বিশেষ সকাহ

আপোনাৰো আছে নেকি দুখন ছিম কাৰ্ড ৷ তেন্তে এতিয়া মাত্ৰ 20 টকাতে 120 দিনৰ বাবে সক্ৰিয় কৰি ৰাখিব পাৰিব আনখন ছিম । কেনেকৈ জানো আহক...

trai-new-rule-allows-user-to-extend-sim-validity-for-30-days-for-just-rs-20-per-month-recharge-details-in-assamese
TRAI এ সলালে ছিম কাৰ্ড সক্ৰিয় ৰখাৰ নিয়ম; গ্ৰাহকৰ বাবে বিশেষ সকাহ (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : January 22, 2025 at 11:34 AM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰতৰ টেলিকম ৰেগুলেটৰী অথৰিটিৰ নতুন নিয়মে ভাৰতৰ টেলিকম ব্যৱহাৰকাৰীসকলৰ বাবে কঢ়িয়াই আনিছে সকাহৰ খবৰ । আচলতে জিঅ’, এয়াৰটেল, ভোডাফোন-আইডিয়া বা বিএছএনএলৰ টেলিকম ব্যৱহাৰকাৰীয়ে এতিয়া 20 টকাৰ প্ৰিপেইড ৰিচাৰ্জেৰে ছিম কাৰ্ড সক্ৰিয় কৰি ৰাখিব পাৰিব । TRAI ৰ এই নতুন নিয়ম সম্বন্ধে জানো আহক---

ট্ৰাইৰ কঠোৰ নিৰ্দেশ

আচলতে ট্ৰাইয়ে জিঅ’, এয়াৰটেল, ভোডাফোন ইণ্ডিয়া, বিএছএনএলকে ধৰি ভাৰতৰ সকলো টেলিকম অপাৰেটৰক নিজৰ নম্বৰ ধৰি ৰখা আঁচনি মানি চলিবলৈ কৈছে । TRAI ৰ নিয়ম অনুসৰি যদি আপুনি 90 দিন পৰ্যন্ত আপোনাৰ ছিমখন ব্যৱহাৰ নকৰে তথা কল, ডাটা, এছএমএছ বা আন কোনো সেৱা ব্যৱহাৰ নকৰে আৰু ছিমখনত কোনো সক্ৰিয় ৰিচাৰ্জ প্লেন নাথাকে, তেন্তে আপোনাৰ ছিম নিষ্ক্ৰিয় হৈ যাব । এনে পৰিস্থিতিত আপোনাৰ টেলিকম অপাৰেটৰে আপোনাৰ নামৰ নম্বৰ আঁতৰাই আন এজন গ্ৰাহকৰ নামত উক্ত নম্বৰটো ইছ্যু কৰিব পাৰে ।

শেহতীয়াকৈ TRAI এ এই সন্দৰ্ভত এক নতুন নিৰ্দেশনা জাৰি কৰিছে ৷ TRAI ৰ নতুন নিয়ম অনুসৰি কমেও 20 টকা ৰিচাৰ্জ কৰি আগন্তুক অতিৰিক্ত 30 দিনৰ বাবে আপোনাৰ প্ৰিপেইড নম্বৰ সক্ৰিয় কৰি ৰাখিব পাৰিব । এতিয়া 90 দিনৰ পিছত প্ৰতিমাহে আপোনাৰ একাউণ্টৰ পৰা 20 টকা স্বয়ংক্ৰিয়ভাৱে কৰ্তন হ’ব আৰু আপোনাৰ ছিমখন সক্ৰিয় হৈ থকাৰ ম্যাদ বৃদ্ধি পাব অনাগত 30 দিনলৈ । ইয়াৰ পুনৰাবৃত্তি হ’ব যেতিয়া আপোনাৰ পৰ্যাপ্ত প্ৰিপেইড বেলেঞ্চ নাথাকে । যদি আপোনাৰ হাতত পৰ্যাপ্ত বেলেঞ্চ নাথাকে তেন্তে টপ আপ কৰিবলৈ 15 দিনৰ গ্ৰেচ পিৰিয়ড পাব । তাৰ পিছতো যদি আপুনি ৰিচাৰ্জ নকৰে তেন্তে আপোনাৰ টেলিকম কোম্পানীয়ে আপোনাৰ ছিমখন বন্ধ কৰি দিব ।

2013 চনৰ মাৰ্চ মাহত এই নিয়ম প্ৰণয়ন কৰা হৈছিল

উল্লেখ্য যে, এয়া ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি (TRAI)ৰ নতুন নিয়ম নহয় । ট্ৰাইয়ে 2013 চনৰ মাৰ্চ মাহত নিজেই এই নিয়ম প্ৰণয়ন কৰিছিল যদিও ভাৰতৰ টেলিকম কোম্পানীসমূহে এই নিয়ম মানি চলা নাছিল আৰু ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ ছিম সক্ৰিয় কৰি ৰাখিবলৈ বেচ প্লেন সক্ৰিয় কৰি ৰাখিবলৈ বাধ্য কৰাইছিল । এতিয়া ট্ৰাইয়ে কঠোৰতা প্ৰদৰ্শন কৰি সকলো টেলিকম কোম্পানীক এই নিয়ম মানি চলিবলৈ নিৰ্দেশ দিছে ।

লগতে পঢ়ক: ষ্টাৰলিংক আৰু ৰিলায়েন্স জিঅ’ৰ মাজত বৃদ্ধি বিবাদ: হেঁচা প্ৰয়োগ TRAI ৰ ওপৰত

জিঅ’ নে এয়াৰটেল-200 টকাতকৈ কম মূল্যত কোনে প্ৰদান কৰিছে উন্নত ৰিচাৰ্জ প্লেন ?

জিঅ’, এয়াৰটেলৰ দৰে এতিয়াৰে পৰা BSNL তো উপলব্ধ এই সুবিধাবোৰ