হায়দৰাবাদ: ভাৰতীয় বজাৰত বিশেষ গুৰুত্ব আছে ৰয়েল এনফিল্ড মটৰ চাইকেলৰ । ভাৰতত এই বাইকখন অতি জনপ্ৰিয় । কোম্পানীটোৰ অন্যতম জনপ্ৰিয় বাইক হৈছে ৰয়েল এনফিল্ড ক্লাছিক 350 । শেহতীয়াকৈ কোম্পানীটোৱে 650 সংস্কৰণ বজাৰত মুকলি কৰিছে । ৰয়েল এনফিল্ড ক্লাছিক 350 ৰ কথা ক’বলৈ গ’লে কোম্পানীটোৰ পৰ্টফলিঅ’ত ই সৰ্বাধিক বিক্ৰী হোৱা মডেল ।
ইয়াৰ পাৱাৰট্ৰেইনৰ কথা ক’বলৈ গ’লে ইয়াত 349চিচি একক চিলিণ্ডাৰ ইঞ্জিন ব্যৱহাৰ কৰা হৈছে, যিয়ে 20.2 বিএইচপি শক্তি আৰু সৰ্বোচ্চ 27 এনএম টৰ্ক প্ৰদান কৰে । এই ইঞ্জিনটো 5 স্পীড গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে আৰু মটৰ চাইকেলখনৰ শীৰ্ষ গতিবেগ ঘণ্টাত 115 কিলোমিটাৰ ।
প্ৰতিমাহে এই মটৰ চাইকেলখনৰ বিক্ৰী অতি ভাল হোৱা দেখা গৈছে ৷ ইয়াৰ এক্স-শ্ব’ৰুম মূল্য 1.93 লাখৰ পৰা 2.30 লাখ টকাৰ ভিতৰত নিৰ্ধাৰণ কৰিছে কোম্পানীটোৱে । কিন্তু যদি আপুনি এই বাইকখনৰ এটা অতিৰিক্ত বিকল্প বিচাৰিছে, যিটো ইয়াতকৈ অধিক শক্তিশালী, তেন্তে ইয়াত আমি আপোনাক শীৰ্ষ পাঁচখন মটৰ চাইকেলৰ বিষয়ে জনাম, যিয়ে ৰয়েল এনফিল্ড ক্লাছিক 350 তকৈ অধিক শক্তি উৎপাদন কৰে । গতিকে এই তালিকাখন চাওঁ আহক...
- হোণ্ডা চিবি350
ৰেট্ৰ’ ক্লাছিক লুকত অহা এই মটৰ চাইকেলখন কোম্পানীটোৱে 2 লাখৰ পৰা 2.18 লাখ টকাৰ ভিতৰত বিক্ৰী কৰিছে । এই মটৰ চাইকেলখনত আছে 348.66 চিচি চিংগল চিলিণ্ডাৰ ইঞ্জিন, যিয়ে 20.7 বিএইচপি শক্তি আৰু সৰ্বোচ্চ 29.4 এনএম টৰ্ক প্ৰদান কৰে । এই ইঞ্জিনৰ সৈতে 5 স্পীড গিয়াৰবক্স সংযোগ কৰা হৈছে । এই মটৰ চাইকেলৰ সৰ্বোচ্চ গতি ঘণ্টাত 130 কিলোমিটাৰ ।

- জাভা 350
জাৱা মটৰ চাইকেলে এই বাইকখন মুঠ পাঁচটা ভেৰিয়েন্টত বিক্ৰী কৰিছে । কোম্পানীটোৱে এই মটৰ চাইকেলখন 1.99 লাখৰ পৰা 2.15 লাখ টকা (এক্স শ্ব’ৰুম) মূল্যত বিক্ৰী কৰিছে । ইয়াৰ ইঞ্জিনৰ কথা ক’বলৈ গ’লে কোম্পানীটোৱে ইয়াত 334 চিচি ইঞ্জিন ব্যৱহাৰ কৰিছে, যিয়ে 22.26 বিএইচপি শক্তি আৰু সৰ্বোচ্চ 28.1 এনএম টৰ্ক প্ৰদান কৰে । ইঞ্জিনৰ সৈতে 6 স্পীড গিয়াৰবক্স সংযোগ কৰা হৈছে আৰু এই বাইখনৰ গতিবেগ ঘণ্টাত 125 কিলোমিটাৰ ।

- হাৰ্লি ডেভিডছন x440
হাৰ্লি ডেভিডছনে ভাৰতীয় বজাৰত হিৰো মট’কৰ্পৰ আউটলেটৰ পৰা এই মটৰ চাইকেল বিক্ৰী কৰিছে । কোম্পানীটোৱে এই মটৰ চাইকেলখন মুঠ তিনিটা ভিন্নতাত বিক্ৰী কৰিছে - ডেনিম (বেছ), ভিভিড (মিড), আৰু এছ (টপ)। ইঞ্জিনৰ কথা ক’বলৈ গ’লে ইয়াত 440 চিচি ইঞ্জিন ব্যৱহাৰ কৰা হৈছে, যিয়ে 24 বিএইচপি শক্তি আৰু সৰ্বোচ্চ 38এনএম টৰ্ক প্ৰদান কৰে । এই মটৰ চাইকেলে ঘণ্টাত 135 কিলোমিটাৰ গতিবেগ লাভ কৰিব পাৰে । কোম্পানীটোৱে ইয়াক 2.40 লাখৰ পৰা 2.80 লাখ টকাৰ ভিতৰত বিক্ৰী কৰিছে (এক্স শ্ব’ৰুম)।

- হিৰো মেভ্ৰিক 440
থলুৱা দুচকীয়া বাহন নিৰ্মাতা কোম্পানী হিৰো মট’কৰ্পে নিজৰ প্ৰিমিয়াম মটৰ চাইকেল হিৰো মেভ্ৰিক 440 2 লাখৰ পৰা 2.25 লাখ টকা (এক্স শ্ব’ৰুম) মূল্যত বিক্ৰী কৰিছে । ইয়াক মুঠ তিনিটা ভেৰিয়েন্টত বিক্ৰী কৰা হৈছে - বেছ, মিড আৰু টপ । ইয়াত হাৰ্লি ডেভিডছন x440 ৰ 440cc ইঞ্জিন আছে যদিও শক্তি আৰু টৰ্ক আউটপুটৰ পাৰ্থক্য আছে । এই বাইকখনত এই ইঞ্জিনে 27 bhp শক্তি আৰু 36 Nm টৰ্ক প্ৰদান কৰে । ইয়াৰ সৈতে 6 স্পীড গিয়াৰবক্স সংযোগ কৰা হৈছে ।

- বি এছ এ গোল্ডষ্টাৰ 650
বিএছএ ইণ্ডিয়াই ভাৰতীয় বজাৰত এই মটৰ চাইকেলখন মুঠ 2 টা ভেৰিয়েন্ট আৰু 6 টা ৰঙৰ বিকল্পত বিক্ৰী কৰিছে । কোম্পানীটোৱে এই মটৰ চাইকেলখন 2.99 লাখৰ পৰা 3.35 লাখ টকা (এক্স শ্ব’ৰুম) মূল্যত বিক্ৰী কৰিছে । মটৰ চাইকেলখনৰ শক্তি 45.6bhp আৰু সৰ্বোচ্চ টৰ্ক 55Nm । এই ইঞ্জিনটো 5 স্পীড গিয়াৰবক্সৰ সৈতে সংযোগ কৰা হৈছে আৰু ইয়াৰ শীৰ্ষ গতিবেগ ঘণ্টাত 160 কিলোমিটাৰ ।

লগতে পঢ়ক