ETV Bharat / technology

10 লাখ টকাৰ ভিতৰতে ক্ৰয় কৰক ছয়টা এয়াৰবেগযুক্ত চাৰিচকীয়াখন

সুৰক্ষাক অধিক গুৰুত্ব দি আপুনিও ক্ৰয় কৰিব বিচাৰিছে নেকি এখন চাৰিচকীয়া, যাৰ মূল্য 10 লাখ টকাৰ ভিতৰত ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ---

top-5-cars-in-india-with-6-airbags-feature-under-rs-10-lakh
Hyundai Grand i10 Nios (Hyundai Motor India)
author img

By ETV Bharat Tech Team

Published : April 23, 2025 at 6:56 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰত চৰকাৰে যান-বাহনৰ সুৰক্ষা বৈশিষ্ট্য আৰু ক্ৰেতাৰ মাজত সুৰক্ষা বৈশিষ্ট্যৰ প্ৰতি সজাগতাৰ বাবে জাৰি কৰা নিৰ্দেশনাৰ বাবে বহু গাড়ী নিৰ্মাতাই নিজৰ গাড়ীত ছয়টা এয়াৰবেগৰ বৈশিষ্ট্য প্ৰদান কৰিছে আৰম্ভণি মডেলটোৰ পৰাই । ইয়াৰ লগতে কোম্পানীসমূহে তেওঁলোকৰ মডেল লাইনত অধিক উন্নত সুৰক্ষা বৈশিষ্ট্য প্ৰদান কৰিছে । ইয়াত আমি আপোনালোকক এনেধৰণৰ 5 খন গাড়ীৰ বিষয়ে ক'ম, য'ত 6 টা এয়াৰবেগ আছে আৰু ইয়াৰ দাম 10 লাখ টকাতকৈও কম---

1/ মাৰুতি চুজুকি আলটো K10

top-5-cars-in-india-with-6-airbags-feature-under-rs-10-lakh
Maruti Suzuki Alto K10 (Maruti Suzuki)

6 এয়াৰবেগ ছেফটি ফিচাৰ আপডেটৰ জৰিয়তে কোম্পানীটোৱে 16 হাজাৰ টকা পৰ্যন্ত মূল্যও বৃদ্ধি কৰিছে । ইয়াৰ পিছতো মাৰুতি আলটো K10 ভাৰতৰ ভিতৰত 6টা এয়াৰবেগযুক্ত সস্তা গাড়ী । এই গাড়ীখন 4.23 লাখৰ পৰা 6.20 লাখ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে (এক্স শ্ব’ৰুম)। ইয়াত 1.0 লিটাৰৰ পেট্ৰ’ল ইঞ্জিন পোৱা যায়, যিয়ে 66বিএইচপি শক্তি প্ৰদান কৰে । ইয়াৰ উপৰিও ইয়াক ফেক্টৰীত ফিট কৰা চিএনজি ভেৰিয়েণ্টত উপলব্ধ কৰা হৈছে ।

2/ মাৰুতি চুজুকি ইকো

এই গাড়ীখনেই হৈছে থলুৱা গাড়ী নিৰ্মাতা কোম্পানীটোৰ একমাত্ৰ এমপিভি আৰু এপ্ৰিলৰ আৰম্ভণিতে কোম্পানীয়ে এই গাড়ীখন 6টা এয়াৰবেগৰ সৈতে আপডেট কৰিছিল, যাৰ ফলত ইয়াৰ মূল্য 25,500 টকা বৃদ্ধি পাইছিল । এই গাড়ীখন 5.69 লাখৰ পৰা 6.95 লাখ টকাৰ ভিতৰত বিক্ৰীৰ বাবে উপলব্ধ । ইয়াত 1.2 লিটাৰৰ পেট্ৰ’ল ইঞ্জিন পোৱা যায়, যিয়ে 79বিএইচপি শক্তি উৎপাদন কৰে । চিএনজিৰ একেটা ইঞ্জিনে 69 বিএইচপি শক্তি প্ৰদান কৰে ।

top-5-cars-in-india-with-6-airbags-feature-under-rs-10-lakh
Maruti Suzuki Eeco (Maruti Suzuki)

3/ চুজুকি ছুইফট

দেশৰ সৰ্বাধিক ইন্ধন সঞ্চয়ী পেট্ৰ’ল গাড়ী মাৰুতি চেলেৰিঅ’ও 6টা এয়াৰবেগ লৈ বজাৰত বিক্ৰী হোৱাৰ লগতে তৃতীয় সৰ্বাধিক ইক’নমিক গাড়ীও । এই আপডেটৰ জৰিয়তে ইয়াৰ মূল্য 32,500 টকা পৰ্যন্ত বৃদ্ধি পাইছে আৰু এতিয়া ইয়াৰ মূল্য 5.64 লাখ টকাৰ পৰা আৰম্ভ হৈ 7.37 লাখ টকা (এক্স-শ্ব’ৰুম)লৈ বৃদ্ধি পাইছে । এই গাড়ীখনত আছে 1.0 লিটাৰৰ ইঞ্জিন, যিয়ে পেট্ৰ’লত 66 বিএইচপি শক্তি আৰু 89 এনএম টৰ্ক দিয়ে, আনহাতে চিএনজিত এই ইঞ্জিনে 56 বিএইচপি শক্তি আৰু 82.1 এনএম টৰ্ক দিয়ে ।

top-5-cars-in-india-with-6-airbags-feature-under-rs-10-lakh
Maruti Suzuki Celerio (Maruti Suzuki)

4/ মাৰুতি চুজুকি ৱেগন আৰ

মাৰুতি চুজুকিয়েও 6 টা এয়াৰবেগৰ সৈতে মডেল আপডেট কৰিছে । শেহতীয়াকৈ এই আপডেটটো লাভ কৰিছে মাৰুতি চুজুকি ৱেগনআৰে, য’ত প্ৰদান কৰা হৈছে 6 টা এয়াৰবেগ । ইয়াৰ মূল্যও 14 হাজাৰ টকা বৃদ্ধি পাইছে, তাৰ পিছত এতিয়া ইয়াৰ মূল্য 5.79 লাখৰ পৰা 7.62 লাখ টকাৰ ভিতৰত হৈছে ।

top-5-cars-in-india-with-6-airbags-feature-under-rs-10-lakh
Maruti Suzuki Wagon R (Maruti Suzuki)

এই গাড়ীখনত দুটা পেট্ৰ’ল ইঞ্জিন বিকল্প দিয়া হৈছে 1.0 লিটাৰ আৰু 1.2 লিটাৰ পেট্ৰ’ল ইঞ্জিন । ইয়াত প্ৰথম ইঞ্জিনে 68bhp শক্তি প্ৰদান কৰে, আনহাতে দ্বিতীয় ইঞ্জিনে 89bhp শক্তি উৎপাদন কৰে । এই ইঞ্জিনৰ সৈতে মেনুৱেল আৰু এএমটি গিয়াৰবক্স বিকল্প দিয়া হৈছে । আন মাৰুতি মডেলৰ দৰে ইয়াতো চিএনজি ভেৰিয়েণ্ট পোৱা যায় ।

5/ হুণ্ডাই গ্ৰেণ্ড i10 Nios

কোৰিয়াৰ নিৰ্মাতা কোম্পানীটোৰ হুণ্ডাই গ্ৰেণ্ড i10 Nios ৰ বিক্ৰী হৈছে 5.98 লাখৰ পৰা 8.62 লাখ টকাৰ ভিতৰত (এক্স শ্ব’ৰুম)। এই গাড়ীখন ভাৰতত 6 টা এয়াৰবেগ লৈ বিক্ৰী কৰা হৈছে, যিখন আটাইতকৈ সস্তা গাড়ীৰ ভিতৰত অন্যতম । যোৱা অক্টোবৰ মাহত গাড়ী নিৰ্মাতা কোম্পানীটোৱে 6 টা এয়াৰবেগৰ সৈতে নিজৰ সকলো ভেৰিয়েণ্ট আপডেট কৰিছিল ।

গ্ৰেণ্ড i10 Nios ত ব্যৱহাৰ কৰা হৈছে 1.2 লিটাৰ পেট্ৰ’ল ইঞ্জিন, যিয়ে 82bhp শক্তি আৰু 114Nm টৰ্ক উৎপাদন কৰে । এই ইঞ্জিনটো 5 স্পীড মেনুৱেল বা এএমটি গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে । কোম্পানীটোৱে এই গাড়ীখন ডুৱেল চিলিণ্ডাৰ টেংক চিএনজি ফিচাৰৰ সৈতেও আগবঢ়াইছে । এই গাড়ীখনৰ প্ৰতিদ্বন্দ্বী হ’ল টাটা টিয়াগো আৰু মাৰুতি ছুইফট ।

top-5-cars-in-india-with-6-airbags-feature-under-rs-10-lakh
Hyundai Grand i10 Nios (Hyundai motor India)

লগতে পঢ়ক