ৰাজধানী দিল্লীত মুকলি কৰা হ’ব মাৰ্কিন ধনকুবেৰ ইল’ন মাস্কৰ টেছলাৰ দ্বিতীয়টো শ্ব’ৰুম
মুম্বাইৰ পাচত ৰাজধানী দিল্লীত মাৰ্কিন ইলেকট্ৰিক গাড়ী নিৰ্মাতা কোম্পানী টেছলাই মুকলি কৰিবলৈ ওলাইছে দ্বিতীয়টো শ্ব’ৰুম ।

Published : August 5, 2025 at 4:05 PM IST
হায়দৰাবাদ: আমেৰিকাৰ ইলেক্ট্ৰিক কাৰ জায়াণ্ট টেছলাই টেছলা মডেল ৱাইৰ জৰিয়তে ভাৰতীয় বজাৰত প্ৰৱেশ কৰিছে । কিছুদিন পূৰ্বে কোম্পানীটোৱে মুম্বাইত শ্ব’ৰুম মুকলি কৰি বজাৰত আত্মপ্ৰকাশ কৰিছিল । এতিয়া জানিব পৰা গৈছে যে বৈদ্যুতিক গাড়ী নিৰ্মাতা কোম্পানীটোৱে দেশত দ্বিতীয়টো শ্ব’ৰুম খুলিবলৈ সাজু হৈছে আৰু ইয়াৰ তাৰিখো প্ৰকাশ কৰিছে ।
মন কৰিবলগীয়া যে 15 জুলাইত টেছলাই বিত্তীয় ৰাজধানী মুম্বাইত প্ৰথমটো শ্ব’ৰুম মুকলি কৰে । এতিয়া জানিব পৰা গৈছে যে কোম্পানীটোৱে 11 আগষ্টত দিল্লীত শ্ব’ৰুম খুলি কাম আৰম্ভ কৰিব । জানিব পৰা মতে, নতুন দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ ৱৰ্ল্ডমাৰ্ক অৱ এৰোচিটিত স্থাপন কৰা হ’ব টেছলাৰ নতুন চেণ্টাৰটো ।
The first Tesla Superchargers in India are now live ⚡️
— Tesla India (@Tesla_India) August 4, 2025
📍Mumbai, One BKC pic.twitter.com/qaQAQgY5iM
টেছলাই মডেল ৱাইৰ জৰিয়তে আত্মপ্ৰকাশ কৰে
উল্লেখ্য যে টেছলাই আনুষ্ঠানিকভাৱে ভাৰতৰ বজাৰত জুলাই মাহত ইয়াৰ অন্যতম জনপ্ৰিয় গাড়ী টেছলা মডেল Y ৰ সৈতে আত্মপ্ৰকাশ কৰিছিল । কোম্পানীটোৱে এই ইলেক্ট্ৰিক এছ ইউ ভিখন 59.99 লাখ টকা (এক্স শ্ব’ৰুম) মূল্যত মুকলি কৰিছে ।
কোম্পানীটোৱে এই ইলেক্ট্ৰিক গাড়ীখন ভাৰতীয় বজাৰত ষ্টেণ্ডাৰ্ড আৰু লং ৰেঞ্জ দুয়োটা বিকল্পতে মুকলি কৰিছে । গাড়ীখনৰ ৰেঞ্জৰ কথা ক’বলৈ গ’লে WLTP চক্ৰ অনুসৰি ইয়াৰ ষ্টেণ্ডাৰ্ড 60 কিলোৱাট ঘণ্টাৰ বেটাৰী পেক ভেৰিয়েণ্টে 500 কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ প্ৰদান কৰে, আনহাতে গাড়ীখনৰ লং ৰেঞ্জ 75 কিলোৱাট ঘণ্টাৰ বেটাৰী মডেলে প্ৰতি চাৰ্জত 622 কিলোমিটাৰ পৰ্যন্ত ৰেঞ্জ দিব পাৰে ।

ইয়াৰ উপৰিও কোম্পানীটোৱে প্ৰথম ছেটটোও মুকলি কৰে
সোমবাৰে মুম্বাইত গ্ৰাহকৰ বাবে ছুপাৰচাৰ্জাৰৰ যোগান ধৰা হৈছে । এই ছুপাৰচাৰ্জাৰটো বিকেচিত স্থাপন কৰা হৈছে, য’ত চাৰিটা ডিচি ফাষ্ট চাৰ্জাৰ আৰু চাৰিটা এচি চাৰ্জাৰ স্থাপন কৰা হৈছে । কোম্পানীটোৱে জনোৱা মতে ইয়াৰ পিছত নৱী মুম্বাই, ল’ৱাৰ পেৰেল আৰু থানেত অধিক চাৰ্জিং পইণ্ট মুকলি কৰা হ’ব ।

উল্লেখ্য যে, টেছলাই ইতিমধ্যে মুম্বাই, পুনে, দিল্লী আৰু গুৰুগ্ৰামক চাৰিখন চহৰ হিচাপে চিহ্নিত কৰিছে য’ত গ্ৰাহকে অগ্ৰাধিকাৰ ডেলিভাৰী পাব আৰু ফ্লেট বেড ট্ৰাকৰ জৰিয়তে পোনপটীয়াকৈ গ্ৰাহকৰ ঘৰলৈ গাড়ীসমূহ ডেলিভাৰী কৰা হ’ব ।

কেৱল এয়াই নহয়, কোম্পানীটোৱে নিজৰ ৱেবছাইটটোও আপডেট কৰি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত বাহন পঞ্জীয়নৰ অনুমতি দিছে, যাৰ ফলত প্ৰাৰম্ভিক মুকলি চহৰৰ বাহিৰলৈও ইয়াৰ প্ৰসাৰতা বৃদ্ধি পাইছে । টেছলাই নিজৰ সম্পূৰ্ণ ছেল্ফ ড্ৰাইভিং (এফ এছ ডি) বৈশিষ্ট্যক অপশ্যনেল এক্সট্ৰা হিচাপে 6 লাখ টকাত তালিকাভুক্ত কৰিছে যদিও এই উন্নত ক্ষমতা পৰৱৰ্তী সময়ত ভাৰতত মুকলি কৰা হ’ব ।
লগতে পঢ়ক

