ETV Bharat / technology

15,999 টকা আৰম্ভণি মূল্যত ভাৰতত মুকলি হ’ল Tecno Pova Curve 5G - TECNO POVA CURVE 5G LAUNCHED

ভাৰতত মুকলি কৰা হৈছে মিডিয়াটেক ডাইমেনচিটি 7300 আলটিমেট প্ৰচেছৰৰ সৈতে Tecno Pova Curve 5G । এই ফোনটোৰ বিষয়ে জানক বিতংকৈ ---

tecno-pova-curve-5g-launched-in-india-at-rs-dot-15999-check-specs-features-and-more
15,999 টকা আৰম্ভণি মূল্যত ভাৰতত মুকলি হ’ল Tecno Pova Curve 5G (Tecno)
author img

By ETV Bharat Tech Team

Published : May 29, 2025 at 5:10 PM IST

3 Min Read

হায়দৰাবাদ: টেকন’ই ভাৰতত আজি মুকলি কৰিলে এটা নতুন স্মাৰ্টফোন ৷ এই স্মাৰ্টফোনটোৰ নাম Tecno Pova Curve 5G ৷ এই ফোনটোত 5500mAh বেটাৰী, 45W ফাষ্ট চাৰ্জিং, কাৰ্ভড এম’ল্ড ডিছপ্লে’, মেডিয়াটেক ডাইমেনচিটী চিপছেট, হাইপাৰ কুলিং ঠিষ্টেম আৰু 64 MP ৰিয়াৰ কেমেৰা ছেটআপৰ লগতে আন বহু বৈশিষ্ট্য আছে ৷

Tecno Pova Curve 5G ত 6.78 ইঞ্চি কাৰ্ভড এম’ল্ড স্ক্ৰীণ আছে ৷ য’ত সম্পূৰ্ণ HD প্লাছৰ ৰিজ’লিউশ্যনৰ লগতে 144 ৰিফ্ৰেজ ৰেট আৰু 1300 নিটছ শীৰ্ষ উজ্জ্বলতা আছে ৷ এই ফোনটোত প্ৰচেছৰৰ বাবে মেডিয়াটেক ডাইমেনচিটী 7300 আল্টিমেট চিপছেট আছে ৷ যিটো 8 GB ৰেম আৰু 128 GB ষ্টৰেজৰ সৈতে উপলব্ধ ৷ এই ফোনত থকা 4nm চিপছেটৰ সৈতে গ্রাফিক্সৰ বাবে Mali-G615 MC2 GPU দিয়া হৈছে ।

Tecno Pova Curve 5G মূল্য আৰু উপলব্ধতা

Tecno Pova Curve 5G তিনিটা আকৰ্ষণীয় ৰঙত মুকলি কৰা হৈছে: মেজিক ছিলভাৰ, নিয়ন চাইয়ান আৰু গীক ব্লেক । 6GB + 128GB ভেৰিয়েন্টৰ বাবে Pova Curve 5G ৰ আৰম্ভণি মূল্য 15,999 টকা, আনহাতে 8GB+128GB সংস্কৰণৰ মূল্য হ’ব 16,999 টকা । 2025 চনৰ 5 জুনত ফ্লিপকাৰ্টত লাইভ হ’ব এই স্মাৰ্টফোনটোৰ বিক্ৰী ।

tecno-pova-curve-5g-launched-in-india-at-rs-dot-15999-check-specs-features-and-more
15,999 টকা আৰম্ভণি মূল্যত ভাৰতত মুকলি হ’ল Tecno Pova Curve 5G (Tecno)
ভেৰিয়েণ্টমূল্য
6GB + 128GB15,999 টকা
8GB+128GB16,999 টকা

টেকন’ই প’ভা কাৰ্ভ ৫জিৰ বাবে প্ৰি-বুক অফাৰো আগবঢ়াইছে। ক্ৰেতাসকলে ৰয়েল এনফিল্ড মটৰ চাইকেল, স্কুটাৰ, বিনামূলীয়া স্ক্ৰীণ সলনি কৰা, বৰ্ধিত ৱাৰেণ্টী, ভাউচাৰ, আৰু বহুতো জিকাৰ সুযোগৰ লগতে একচেটিয়া সুবিধা আৰু নিশ্চিত উপহাৰ লাভ কৰিব পাৰে।

কেমেৰা, বেটাৰী আৰু অন্যান্য বৈশিষ্ট্য

Tecno Pova Curve 5G ৰ চাৰ্জিং (Tecno)

ডুৱেল ৰিয়াৰ কেমেৰা প্ৰদান কৰা হৈছে এই টেকন’ ফোনটোৰ পিছফালে ৷ ইয়াৰ প্ৰধান কেমেৰাটো 64 MP ছ’নী IMX682 ছেঞ্চৰৰ সৈতে উপলব্ধ ৷ এইবোৰৰ উপৰিও আন এটা বেক কেমেৰা আৰু LED ফ্লেছ লাইটো এই ফোনটোত প্ৰদান কৰা হৈছে ৷ ইয়াৰোপৰি, এটা 13 MP কেমেৰাও প্ৰদান কৰা হৈছে ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে ৷ 45 W ফাষ্ট চাজিঙৰ সৈতে এই ফোনটোত প্ৰদান কৰা হৈছে 5500mAh বেটাৰী ৷

এই ফোনটোত আন বহুতো বৈশিষ্ট্য আছে য’ত আছে চাইড মাউণ্টেড ফিংগাৰপ্ৰিণ্ট চেন্সৰ, 3.5 মিমি অডিঅ’ জেক, ধূলি আৰু পানীৰ টোপালৰ পৰা হাত সাৰিবলৈ IP69 ৰেটিং । এই ফোনটোৰ ডাঠতা 7.45 মিমি । এই ফোনটো এণ্ড্ৰইড 15 ভিত্তিক হাইঅ’এছত চলিব । এই ফোনটোত বহুতো এআই ভিত্তিক বৈশিষ্ট্য দিয়া হৈছে য’ত আছে এআই কল এচিষ্টেণ্ট, এআই ভইচপ্ৰিণ্ট চাপ্ৰেচন, এআই অটো কল এন্সাৰিং, এআই ফটো ছলভাৰ, চাৰ্কল টু চাৰ্চ, এআই স্মাৰ্ট এচিষ্টেণ্ট আৰু এআইজিচি প’ৰ্ট্ৰেইট 2.0 ।

সংযোগৰ বাবে এই ফোনটোত VoWiFi Dual Pass, Wifi 6, Bluetooth 5.4, আৰু এটা Intelligent Signal Hub Systemকে ধৰি বহুতো বিশেষ বৈশিষ্ট্য আছে, যাৰ বাবে কোম্পানীটোৱে দাবী কৰিছে যে ই দুৰ্বল নেটৱৰ্ক পৰিস্থিতিতো ভাল সংযোগ প্ৰদান কৰে ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.