হায়দৰাবাদ: ভাৰতৰ যাত্ৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনটো অটোমোবাইল কোম্পানীয়ে আটাইতকৈ নিৰাপদ গাড়ী প্ৰদানৰ বাবে বিখ্যাত তথা জনপ্ৰিয় বুলি সুধিলে সকলোৱে টাটা মটৰছৰ নামটো উল্লেখ কৰিব । গ্ল’বেল এনচিএপিৰ ক্ৰেচ টেষ্টত সৰ্বোচ্চ ৰেটিং লাভ কৰা ব্ৰেণ্ডটোৱেই হৈছে টাটা - যিয়ে ভাৰতক আত্মবিশ্বাস দিছে যে টাটা এখন নিৰাপদ গাড়ী ।
টাটা গাড়ীসমূহে এতিয়া আকৰ্ষণীয় ইণ্টেৰিয়ৰ, প্ৰযুক্তিগত বৈশিষ্ট্য আৰু প্ৰিমিয়াম ফিনিচিঙৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডত উপনীত হৈছে । মহিন্দ্ৰা, হুণ্ডাই আৰু কিয়াৰ দৰে শক্তিশালী প্ৰতিদ্বন্দ্বী থাকিলেও ইয়াৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ভাল বিক্ৰীৰ পৰিসংখ্যা লাভ কৰিবলৈ সক্ষম হৈছে টাটাই । এই পটভূমিত অধিক গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এই এপ্ৰিল মাহত নিজৰ গাড়ীত বিপুল ৰেহাই আগবঢ়াইছে ।
বিশেষ ৰেহাই
2025 চনৰ এপ্ৰিল মাহত টাটা মটৰ্ছে গ্ৰাহকসকলক বিপুল সকাহ প্ৰদানৰ বাবে বহুতো অফাৰ ঘোষণা কৰিছিল । এই মাহত কোম্পানীটোৱে 1.50 লাখ টকা পৰ্যন্ত ৰেহাইৰ ব্যৱস্থা কৰিছে । 85 হাজাৰ টকা পৰ্যন্ত প্ৰত্যক্ষ গ্ৰাহকৰ ৰেহাই আৰু 50 হাজাৰ টকা পৰ্যন্ত স্ক্ৰেপেজ বা এক্সচেঞ্জ বোনাছ । 2024 বৰ্ষৰ মডেল গাড়ীৰ ষ্টক ক্লিয়াৰ কৰাৰ লক্ষ্যৰে পুৰণি মডেলৰ গাড়ী ক্ৰয়ৰ ক্ষেত্ৰত ক্ৰেতাই লাখ লাখ টকাৰ ৰেহাই লাভ কৰিব ।
ইয়াৰ উপৰিও 2024 চনৰ কেলেণ্ডাৰ বৰ্ষত ভাৰতৰ ভিতৰতে সৰ্বাধিক বিক্ৰী হোৱা টাটা পাঞ্চৰ অফাৰ আছে । 2025 চনৰ এপ্ৰিল মাহৰ বাবে টাটাই MY24 ষ্টকত 1.5 লাখ টকা পৰ্যন্ত ৰেহাই আগবঢ়াইছে । টাটা পাঞ্চ গাড়ীত 25 হাজাৰ টকা পৰ্যন্ত ৰেহাই আগবঢ়াইছে । 2024 আৰু 2025 মডেলৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য । এই ৰেহাই সকলো পেট্ৰ’ল আৰু চিএনজি ইঞ্জিনৰ ভেৰিয়েন্টত উপলব্ধ ।
যিসকলে টাটা টিয়াগো কিনিব বিচাৰে তেওঁলোকৰ বাবে এই সময়খিনি উন্নত । কোম্পানীটোৱে এণ্ট্ৰি লেভেল হেচবেক টিয়াগো 2024 মডেলত সৰ্বোচ্চ 35 হাজাৰ টকা ৰেহাই দিছে । ই সকলো পেট্ৰ’ল আৰু চিএনজি ভেৰিয়েণ্টতে উপলব্ধ । বেচ এক্স ই ভেৰিয়েন্টৰ বাহিৰে সকলো ভেৰিয়েন্টতে টাটাই 25 হাজাৰ টকাৰ ৰেহাই দিছে । টিয়াগো কিনিব বিচৰাসকলে এই মাহত 45 হাজাৰ টকাৰ ৰেহাই সুবিধা লাভ কৰিব ।
লগতে পঢ়ক
নতুন ৰঙৰ বিকল্পৰ সৈতে বজাৰত মুকলি হ’ল 2025 হোণ্ডা CB350 ছিৰিজ
অনলাইনযোগে কেনেকৈ আবেদন কৰিব পাৰিব ড্ৰাইভিং লাইচেন্সখনৰ বাবে?
সাৱধান ! 1 এপ্ৰিলৰ পৰা বন্ধ হৈ পৰিব পাৰে আপোনাৰ বাবে গুৰুত্বপূৰ্ণ ড্ৰাইভিং লাইচেন্সখন
ভাৰতীয় বজাৰত মুকলি হ’ল তৃতীয় প্ৰজন্মৰ এষ্টন মাৰ্টিন ভেংকুইছ; জানক দাম, বৈশিষ্ট্যৰ বিষয়ে
বৈদ্যুতিক মটৰ চাইকেল ক্ৰয়ৰ পৰিকল্পনা পুহি ৰাখিছে নেকি - তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে