ETV Bharat / technology

10 মিনিটৰ ভিতৰতে লাভ কৰক পছন্দৰ স্মাৰ্টফোনটো; দেশৰ 10 খন চহৰত উপলব্ধ এই সেৱা

10 মিনিটৰ ভিতৰত ভাৰতত স্মাৰ্টফোন ডেলিভাৰী আৰম্ভ কৰিছে Swiggy Instamart য়ে । 10 খন চহৰত আৰম্ভ এই সেৱা ৷ আপোনাৰ চহৰখন আছেনে এই তালিকাত ...

swiggy-instamart-launches-10-minute-smartphone-delivery-service-in-select-indian-cities
10 মিনিটৰ ভিতৰতে লাভ কৰক পছন্দৰ স্মাৰ্টফোনটো; দেশৰ 10 খন চহৰত উপলব্ধ এই সেৱা (Swiggy)
author img

By ETV Bharat Tech Team

Published : March 26, 2025 at 11:05 AM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰতত এক জনপ্ৰিয় অনলাইন ডেলিভাৰী এপ ছুইগি ইনষ্টামাৰ্ট ৷ ভাৰতত প্ৰডাক্ট অফাৰ সম্প্ৰসাৰণ কৰি শেহতীয়াকৈ ছুইগি ইনষ্টামাৰ্টে 10 মিনিটত স্মাৰ্টফোন ডেলিভাৰী সেৱা ঘোষণা কৰে । ইয়াৰ পূৰ্বে কোম্পানীটোৱে চাৰ্জিং কেবল, পাৱাৰ বেংক, পাকঘৰৰ সঁজুলি, ঘৰুৱা সঁজুলি, ইয়াৰবাড আৰু স্মাৰ্টৱাচৰ দৰে ইলেক্ট্ৰনিক ডিভাইচ কম সময়ৰ ভিতৰত ডেলিভাৰী দিছিল । এতিয়া ই এই সেৱাত স্মাৰ্টফোন অন্তৰ্ভুক্ত কৰি ইলেক্ট্ৰনিক ডিভাইচৰ পৰ্টফলিঅ’ আৰু অধিক সম্প্ৰসাৰণ কৰিছে ।

স্মাৰ্টফোন ডেলিভাৰী সেৱা

ছুইগি ইনষ্টামাৰ্টে 25 মাৰ্চৰ দিনা ঘোষণা কৰে যে এতিয়াৰে পৰা আগ্ৰহী ক্ৰেতাই ছেমছাং গেলেক্সি এম35, ৱানপ্লাছ নৰ্ড চিই আৰু ৰেডমি 14চিৰ দৰে জনপ্ৰিয় এণ্ড্ৰইড স্মাৰ্টফোন 10 মিনিটত গ্ৰাহকক ডেলিভাৰী দিব পাৰিব । ইয়াৰ উপৰিও ছেমছাং, ৱানপ্লাছ, ভিভ’, অ’প্প’, মটৰ’লা আৰু ৰিয়েলমি আদি কোম্পানীৰ আন স্মাৰ্টফোনসমূহো 10 মিনিটত উপলব্ধ হ’ব । উল্লেখযোগ্য যে নতুনকৈ মুকলি কৰা আইফোন 16 ও ক্ৰেতাৰ বাবে Swiggy Instamart ৰ জৰিয়তে উপলব্ধ হ’ব ।

অৰ্ডাৰত 5 শতাংশ তৎক্ষণাত ৰেহাই

10 মিনিটৰ স্মাৰ্টফোন ডেলিভাৰীৰ লগতে ছুইগি ইনষ্টামাৰ্টে 5 শতাংশ তৎক্ষণাত ৰেহাই (সৰ্বোচ্চ 4000 টকা) 11,499 টকাতকৈ অধিক মূল্যৰ সকলো অৰ্ডাৰত প্ৰদান কৰিছে । এই ৰেহাই আইচিআইচিআই বেংকৰ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৰা ক্ৰয়ৰ ক্ষেত্ৰত প্ৰযোজ্য । বৰ্তমান দেশৰ 10 খন চহৰত এই সেৱা উপলব্ধ । ইয়াৰ ভিতৰত আছে দিল্লী, মুম্বাই, চেন্নাই, বেংগালুৰু, ফৰিদাবাদ, নয়দা, গুৰুগ্ৰাম, কলকাতা, হায়দৰাবাদ আৰু পুনে । শীঘ্ৰে দেশৰ অন্যান্য চহৰলৈও এই সেৱা সম্প্ৰসাৰণ কৰা হ’ব বুলি নিশ্চিত কৰিছে Swiggy Instamart য়ে ।

উল্লেখযোগ্য যে শেহতীয়াকৈ জেপ্ট’ই 10 মিনিটৰ ভিতৰত ভিভ’ স্মাৰ্টফোন ডেলিভাৰী আৰম্ভ কৰাৰ কথা ঘোষণা কৰাৰ পিছত এই পদক্ষেপ লোৱা হৈছে । ইয়াৰ পিছত জেপ্ট’ই ঘোষণা কৰিছিল যে দেশৰ নিৰ্বাচিত স্থানত আইফোন, এয়াৰপড আৰু এপল ৱাটচকে ধৰি এপলৰ সামগ্ৰী ডেলিভাৰী কৰিব । ইয়াৰ উপৰিও চলিত বৰ্ষৰ জানুৱাৰী মাহত ব্লিংকিটেও ঘোষণা কৰিছিল যে তেওঁলোকে ন’কিয়া আৰু ছাইঅ’মি স্মাৰ্টফোন আৰু ফিচাৰ ফোন ক্ৰেতাক 10 মিনিটৰ ভিতৰত অৰ্ডাৰ কৰা সামগ্ৰীবিধ ডেলিভাৰী কৰিব ।

লগতে পঢ়ক