1 কোটিৰো অধিক ইউনিটৰ বিক্ৰীৰ পৰিসংখ্যা অতিক্ৰম কৰিলে Maruti Wagon R এ
বিশ্বজুৰি 1 কোটিৰো অধিক ইউনিটৰ বিক্ৰীৰ পৰিসংখ্যা অতিক্ৰম কৰিলে মাৰুতি ছুজুকিৰ হেচবেক Maruti Wagon R এ ।

Published : August 8, 2025 at 12:20 PM IST
হায়দৰাবাদ: মুকলিৰ পৰাই মাৰুতি ছুজুকিৰ হেচবেক মাৰুতি ৱেগন আৰে মানুহৰ হৃদয়ত স্থান দখল কৰিবলৈ আৰম্ভ কৰিছে । এই গাড়ীখনৰ কেৱল ভাৰততে নহয়, একাংশ আন্তঃৰাষ্ট্ৰীয় বজাৰতো চাহিদা আছে । এতিয়া ছুজুকি মটৰ কৰ্পৰেশ্যনে জনাইছে যে ইয়াৰ মুকলিৰ পিছৰে পৰা বিশ্বজুৰি 1 কোটিৰো অধিক মাৰুতি ৱেগন আৰ বিক্ৰী হৈছে ।
উল্লেখ্য যে, এই টলবয় হেচবেকখনে 1999 চনত ভাৰতত প্ৰৱেশ কৰাৰ পূৰ্বে জাপান আৰু ইউৰোপৰ দৰে বজাৰত দৃষ্টি আকৰ্ষণ কৰিছিল । 1993 চনৰ ছেপ্টেম্বৰ মাহত জাপানত এই প্ৰডাক্টটোৰ প্ৰাৰম্ভিক মুকলিৰ 31 বছৰ 9 মাহৰ পিছত এই কৃতিত্ব অৰ্জন কৰিছিল গাড়ী নিৰ্মাতা কোম্পানীটোৱে ।

মন কৰিবলগীয়া যে ভাৰতীয় বজাৰত 2023 চনৰ মে’ মাহত মাৰুতি ছুজুকি ৱেগন আৰয়ে 30 লাখ বিক্ৰীৰ সীমা অতিক্ৰম কৰিছে । মুকলিৰ পিছৰে পৰা ইয়াৰ চাহিদা প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে আৰু বহু লোকৰ বাবে বিশেষকৈ প্ৰথমবাৰৰ বাবে গাড়ী ক্ৰয় কৰা লোকৰ বাবে ই এক নিৰ্ভৰযোগ্য বিকল্প হিচাপে পৰিগণিত হৈছে । বছৰ বছৰ ধৰি এই গাড়ীখনে ছুজুকিৰ বিশ্বব্যাপী বিক্ৰী পৰ্টফলিঅ’ত অবিৰত অৰিহণা যোগাই আহিছে ৷ 1999 চনত মুকলি কৰাৰ পিছৰে পৰা ৱেগন আৰৰ জনপ্ৰিয়তাক বিবেচনা কৰিলে এই কৃতিত্বৰ এটা বৃহৎ অংশ ভাৰতৰ পৰাও আহিছে বুলি ক’ব পাৰি ।
1998 চনৰ অক্টোবৰ মাহত 10 লাখ ইউনিট আৰু 2002 চনৰ জানুৱাৰী মাহৰ ভিতৰত 20 লাখ ইউনিট বিক্ৰী হোৱাৰ পিছত মাৰুতি ৱেগন আৰ প্ৰথমে বিশ্বব্যাপী বিক্ৰীৰ মাইলৰ খুঁটি স্থাপন কৰিছিল । তাৰ পিছত 2005 চনত 30 লাখ, 2007 চনত 40 লাখ আৰু 2010 চনৰ আৰম্ভণিতে 50 লাখ ইউনিট বিক্ৰী হৈছিল ।

কোম্পানীটোৱে জনোৱা মতে এই গাড়ীখনে 2012 চনত 60 লাখ ইউনিট, 2015 চনত 70 লাখ আৰু 2018 চনত 80 লাখ ইউনিটৰ পৰিসংখ্যা অতিক্ৰম কৰিলে । 2022 চনৰ জানুৱাৰী মাহলৈকে এই গাড়ীখনৰ বিক্ৰী 90 লাখ হ’ল আৰু 2025 চনৰ জুন মাহলৈকে ইয়াৰ মুঠ বিক্ৰী এক কোটি ইউনিট অতিক্ৰম কৰিলে ।
ইয়াত উপলব্ধ ইঞ্জিন বিকল্পৰ কথা ক’বলৈ গ’লে মাৰুতি ছুজুকিয়ে ভাৰতত ৱেগন আৰ দুটা ইঞ্জিন বিকল্পৰ সৈতে বিক্ৰী কৰে - 1.0 লিটাৰ, তিনি চিলিণ্ডাৰ পেট্ৰ’ল ইঞ্জিন আৰু 1.2 লিটাৰ, চাৰি চিলিণ্ডাৰ কে ছিৰিজ পেট্ৰ’ল ইঞ্জিন । ইয়াৰ 1.2 লিটাৰৰ চাৰি চিলিণ্ডাৰ কে ছিৰিজ পেট্ৰ’ল ইঞ্জিনত ফেক্টৰীত ফিট কৰা এছ-চিএনজি বিকল্প আছে । দামৰ কথা ক’বলৈ গ’লে ইয়াক 5.78 লাখৰ পৰা 7.50 লাখ টকাৰ ভিতৰত বিক্ৰী কৰা হৈছে (এক্স শ্ব’ৰুম) ৷
লগতে পঢ়ক

