ETV Bharat / technology

60 লাখ দুচকীয়া বাহন উৎপাদনৰ ৰেকৰ্ড গঢ়িলে Suzuki Access 125 এ

চুজুকি মটৰ চাইকেল ইণ্ডিয়াই নিজৰ ফ্লেগশ্বিপ স্কুটাৰ চুজুকি এক্সেছ 125 ৰ 60 লাখ ইউনিট উৎপাদনৰ মাইলৰ খুঁটি অৰ্জন কৰিছে ।

suzuki-access-125-sales-hit-6-million-unit-milestone-ahead-of-facelift-launch
60 লাখ দুচকীয়া বাহন উৎপাদনৰ ৰেকৰ্ড গঢ়িলে Suzuki Access 125 এ (Suzuki)
author img

By ETV Bharat Tech Team

Published : December 30, 2024 at 5:09 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: মাৰুতি চুজুকি ইণ্ডিয়াৰ ‘Access 125’ স্কুটাৰে এক বিৰল কৃতিত্ব অৰ্জন কৰিছে । এই মডেলটো ভাৰতীয় বজাৰত অতি জনপ্ৰিয় হৈ পৰিছে আৰু কোম্পানীটোৰ বিক্ৰী বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । কোম্পানীটোৱে নিজৰ উদ্যোগসমূহত এই মডেলৰ 60 লাখ ইউনিটৰ উৎপাদন সম্পূৰ্ণ কৰি এক নতুন অভিলেখ গঢ়ি তুলিছে । ইয়াৰ লগে লগে কোম্পানীটোৰ ইতিহাসত সৰ্বাধিক চাহিদা থকা স্কুটাৰ হিচাপে পৰিগণিত হৈছে ‘Access 125’ । চুজুকি মটৰচাইকেল ইণ্ডিয়াৰ পৰিচালন সঞ্চালক কেনিচি উমেডাই এই সাফল্যত সুখ প্ৰকাশ কৰে ।

‘Suzuki Access 125’ পাৱাৰট্ৰেইন

2006 চনত ভাৰতীয় বজাৰত মুকলি কৰা এই স্কুটাৰখন কোম্পানীয়ে 125cc ছেগমেণ্টত মুকলি কৰিছিল । এই স্কুটিখনত 124CC, একক চিলিণ্ডাৰ ইঞ্জিন আছে । ই 8.6 বিএইচপি শক্তি আৰু 10 NM সৰ্বোচ্চ টৰ্ক উৎপন্ন কৰে ।

চুজুকি এক্সেছ 125: মূল্য আৰু ৰং

চুজুকি এক্সেছ 125 তিনিটা ৰঙৰ বিকল্পত উপলব্ধ- ষ্টেণ্ডাৰ্ড, স্পেচিয়েল, আৰু ৰাইড কানেক্ট এডিচন । ষ্টেণ্ডাৰ্ড ভেৰিয়েন্টত গ্ৰাহকে ডিস্ক আৰু ড্ৰাম ব্ৰেকৰ মাজৰ পৰা এটা বাছি ল’ব পাৰে । ষ্টেণ্ডাৰ্ড ডিস্ক ব্ৰেক ভেৰিয়েন্টৰ মূল্য 85,601 টকা, আনহাতে ড্ৰাম ব্ৰেক ভেৰিয়েণ্টৰ মূল্য 80,700 টকা (এক্স শ্ব’ৰুম, দিল্লী)।

বৈশিষ্ট্য

ইয়াৰ বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে এই স্কুটাৰত আছে চুজুকি ইকো পাৰফৰমেন্স (SEP) প্ৰযুক্তি, উন্নত ইন্ধন ইনজেকচন, ইকো এছিষ্ট ইলুমিনেটৰ । এইবোৰৰ লগতে ই 22.3 লিটাৰ বৃহৎ আণ্ডাৰ-চিট ষ্ট’ৰেজ, চুজুকি ইজি ষ্টাৰ্ট চিষ্টেম, দীঘল আসন আৰু বহল ফ্ল’ৰব’ৰ্ডৰ দৰে বৈশিষ্ট্য সংযুক্ত ৷ ইয়াৰ লগতে উন্নত পৰিৱেশন আৰু আৰাম প্ৰদান কৰে ।

'Suzuki Access 125' হৈছে হাই গ্ৰাউণ্ড ক্লিয়াৰেন্সৰ সৈতে লঘু স্কুটাৰ ৷ ইয়াত আৰামদায়ক আৰু উপভোগ্য ৰাইডৰ ব্যৱস্থা আছে । ইয়াৰ উপৰিও ইয়াত ফ্ৰন্ট ষ্টীল ফেণ্ডাৰ, ৱান-পুছ চেণ্ট্ৰেল লক, ব্ৰেকিং চিষ্টেমৰ দৰে সুৰক্ষা বৈশিষ্ট্য আছে । সেইবাবেই বিগত 18 বছৰে দুচকীয়া বাহনখন গ্ৰাহকৰ প্ৰিয় পছন্দ হৈ পৰিছে ।

লগতে পঢ়ক: দেশত বৃদ্ধি দুচকীয়া বাহনৰ চাহিদা; এমাহতেই বিক্ৰী হৈছে 19 লাখতকৈ অধিক বাহন - 5 best selling two wheeler brands

ভাৰতীয় বজাৰত মুকলি হ’ল Suzuki GSX-8R - Suzuki new sports bike Launched