ETV Bharat / technology

কেতিয়া পৃথিৱীলৈ ঘূৰি আহিব সুনীতা উইলিয়ামছ আৰু উইলম'ৰ ?

মহাকাশত আৱদ্ধ মহাকাশচাৰী কেইগৰাকীক ঘূৰাই অনাৰ বাবে চলোৱা এক অভিযান বুধাবাৰে স্থগিত ৰাখিবলগীয়া হয় । কিন্তু কিয় ?

Butch Wilmore, Nick Hague and Sunita Williams
কেতিয়া পৃথিৱীলৈ ঘূৰি আহিব সুনীতা উইলিয়ামছ আৰু উইলম'ৰ (File Photo(AP))
author img

By ETV Bharat Assamese Team

Published : March 13, 2025 at 1:13 PM IST

3 Min Read
Choose ETV Bharat

কেপ কানেভেৰেল : আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰত (আইএছএছ) ৯ মাহৰো অধিক সময় ধৰি আৱদ্ধ আছে দুই মহাকাশচাৰী ক্ৰমে সুনীতা উইলিয়ামছ আৰু বাচ্চ উইলম'ৰ ৷ তেওঁলোক পৃথিৱীলৈ উভতি অহাৰ দিন ক্ৰমান্বয়ে বাঢ়ি গৈয়ে আছে ।

দুয়োগৰাকী মহাকাশচাৰীক পৃথিৱীলৈ ঘূৰাই অনাৰ বাবে কেইবাটাও পৰিকল্পনা কৰা হৈছে যদিও এতিয়ালৈ সেই পৰিকল্পনাবোৰ সফল হোৱা নাই । তাৰ মাজতে আন এক উদ্বেগজনক খবৰ ।

তেওঁলোকক ঘূৰাই অনাৰ বাবে নাছা-স্পেচএক্স ক্ৰু-১০ অভিযানক সফল কৰিবলৈ ফালকন ৯ ৰকেটটো বুধবাৰে সন্ধিয়া ৭:৪৮ বজাত (২৩৪৮ জিএমটি) ফ্লৰিডাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপন কৰিবলৈ সাজু কৰা হৈছিল । কিন্তু কাউণ্টডাউন আৰম্ভ হোৱাৰ প্ৰায় ৪৫ মিনিট বাকী থকা অৱস্থাতে কাৰিকৰী সমস্যাৰ বাবে উৎক্ষেপন স্থগিত ৰাখিবলগীয়া হয় ।

নাছাৰ উৎক্ষেপণ ভাষ্যকাৰ ডেৰল নেইলে কয়, "ভূমিৰ দিশত হাইড্ৰ'লিক প্ৰণালীৰ সৈতে এক সমস্যা আছিল । ৰকেট আৰু মহাকাশযানৰ ক্ষেত্ৰত সকলো ঠিকেই আছিল ।"

ফেডাৰেল এভিয়েচন এডমিনিষ্ট্ৰেচনৰ মহাকাশ পৰামৰ্শদাতাই উল্লেখ কৰিছে যে পৰৱৰ্তী উৎক্ষেপন দিন হিচাপে বৃহস্পতিবাৰ বা শুকুৰবাৰে ৰখা হৈছ । উল্লেখ্য যে বোয়িং ষ্টাৰলাইনাৰ মহাকাশযানৰ প্ৰপালচন সমস্যাৰ বাবে নাছাৰ মহাকাশচাৰী বাচ্চ উইলম'ৰ আৰু সুনীতা উইলিয়ামছ জুনৰ পৰা আইএছএছত আৱদ্ধ হৈ আছে ।

দুয়োকে প্ৰথমতে ৮ দিনীয়া অভিযানৰ বাবে বাছনি কৰা হৈছিল কিন্তু ছেপ্টেম্বৰত ইয়াৰ মহাকাশচাৰীসকল স্পেচএক্স ড্ৰেগনত উপস্থিত হোৱাৰ পিছতে মহাকাশযানত সমস্যাই দেখা দিছিল । শেহতীয়া সংবাদমেলত উইলম'ৰে কয়, "আমি কম সময়ৰ পৰিকল্পনাৰে আহিছিলো যদিও দীঘলীয়া সময়ৰ বাবে প্ৰস্তুত আছিলো । মানৱ মহাকাশ উৰণ কাৰ্যসূচী হৈছে অজ্ঞাত, অপ্ৰত্যাশিত আকস্মিক পৰিস্থিতিৰ বাবে পৰিকল্পনা কৰা ।"

ইফালে উইলম'ৰ আৰু উইলিয়ামছৰ সৈতে নাছাৰ মহাকাশচাৰী নিক হেগ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেক্সাণ্ডাৰ গৰ্বুনভও ড্ৰেগন কেপচুলত ঘূৰি আহিব ।

ৰাজনৈতিক বাক-বিতণ্ডা

উইলম'ৰ আৰু উইলিয়ামছ দীৰ্ঘদিন ধৰি মহাকাশত আৱদ্ধ হৈ থকা বিষয়টোৱে ৰাজনৈতিক মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু তেওঁৰ ঘনিষ্ঠ উপদেষ্টা ইলন মাস্কে প্ৰাক্তন ৰাষ্ট্ৰপতি জ' বিডেনৰ প্ৰশাসনৰ ওপৰত গুৰুতৰ অভিযোগ কৰিছে যে তেওঁলোকে এই মহাকাশচাৰী দুগৰাকীৰ ক্ষেত্ৰত অৱহেলা কৰিছে ।

স্পেচএক্সৰ গৰাকী মাস্কে নিৰ্দিষ্ট তথ্য প্ৰদান নকৰাকৈ পৰামৰ্শ দিছে যে তেওঁ বিডেনক নিয়মীয়া ক্ৰুৰ বাহিৰে উদ্ধাৰ অভিযানৰ প্ৰস্তাৱ দিছিল । অৱশ্যে ট্ৰাম্প শাসনলৈ অহাৰ লগে লগে মহাকাশচাৰীসকল মূল পৰিকল্পনা অনুসৰি উভতি আহিবলৈ সাজু হৈছে ।

মাস্কৰ অভিযোগক বহুতে সমালোচনাও কৰিছে । ডেনমাৰ্কৰ মহাকাশচাৰী এন্দ্ৰিয়াছ মোগেনছেন আৰু মাস্কৰ মাজত এই বিষয়টোক লৈ সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কও হৈছে । ইফালে মহাকাশত আৱদ্ধ উইলম'ৰে শেহতীয়াকৈ মাস্কক সমৰ্থন কৰা দেখা গৈছে ।

লগতে পঢ়ক :সাধাৰণ পেঞ্চিলডালো হৈ পৰিব লোহা সদৃশ: পৃথিৱীলৈ ঘূৰি অহাৰ পূৰ্বে আশংকা প্ৰকাশ সুনীতা-উইলম’ৰৰ - SUNITA WILLIAMS’S HOMECOMING