ETV Bharat / technology

‘ঘিবলী’ জ্বৰত আক্ৰান্ত চেলিব্ৰিটীৰ পৰা কেন্দ্ৰীয় চৰকাৰ;অন্য ৰূপত প্ৰধানমন্ত্ৰী মোদী - STUDIO GHIBLI STYLE PHOTOS

ইণ্টাৰনেটত খলকণি তুলিছে প্ৰধানমন্ত্ৰী মোদীৰ একাংশ ফটোৱে । আপুনিও বিচাৰে নেকি তেনে বেকগ্ৰাউণ্ডত ফটো তুলিবলৈ । জানক কি এই এপ তথা ইয়াৰ ব্যৱহাৰ---

studio-ghibli-style-portrait-trend-is-trending-on-social-media-here-how-you-can-make-it-for-free
‘ঘিবলী’ জ্বৰত আক্ৰান্ত চেলিব্ৰিটীৰ পৰা কেন্দ্ৰীয় চৰকাৰ;অন্য ৰূপত প্ৰধানমন্ত্ৰী মোদী (Etv Bharat)
author img

By ETV Bharat Tech Team

Published : March 29, 2025 at 2:15 PM IST

4 Min Read

হায়দৰাবাদ: বৰ্তমান ছ’চিয়েল মিডিয়া দখল কৰিছে এক নতুন ট্ৰেণ্ডে । ইয়াৰ নাম ঘিবলী ষ্টাইল ! চেলিব্ৰিটিৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈকে সকলোৱে এই ধাৰাত যোগদান কৰা দেখা গৈছে । জাপানী ষ্টুডিঅ’ ঘিবলীৰ ৰঙীন আৰু যাদুকৰী এনিমেচন শৈলীৰ পৰা অনুপ্ৰাণিত এই ফটোসমূহৰ প্ৰতি নেটিজেন আকৰ্ষিত হোৱা দেখা গৈছে । আনকি কেন্দ্ৰীয় চৰকাৰও আকৰ্ষিত হৈছে এই ধাৰাটোৰ প্ৰতি ৷ প্ৰধানমন্ত্ৰী মোদীৰ 15 খন বিশেষ ঘিবলী ষ্টাইলৰ ফটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । এই ফটোবোৰত দেখা গৈছে বিগত কেইবছৰমানৰ গুৰুত্বপূৰ্ণ সময়ৰ ফটো । যদি আপুনিও এনেকুৱা ফটো বনোৱাৰ প্ৰতি আগ্ৰহী তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে....

ঘিবলী ষ্টাইল কি?

আজিকালি সকলোতে ‘ঘিবলী’ৰ চৰ্চা চলা দেখা গৈছে যদিও এই ষ্টাইল প্ৰকৃততে হয়নো কি ? সংবাদ মাধ্যমৰ খবৰ অনুসৰি ঘিবলী শৈলী জাপানী এনিমেচন ষ্টুডিঅ’ গিবলীৰ কলা শৈলীৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে । এই শৈলী ৰঙীন, যাদুকৰী আৰু কাৰ্টুনৰ দৰে ডিজাইনৰ বাবে বিখ্যাত । এই শৈলীয়ে ফটোক এক অনন্য আৰু আকৰ্ষণীয় ৰূপ দিয়ে ।

প্ৰধানমন্ত্ৰী মোদীৰ ঘিবলী ষ্টাইলৰ ফটো

MyGovIndia ৰ X (Twitter) একাউণ্টে শেহতীয়াকৈ শ্বেয়াৰ কৰিছে একাংশ ফটো । এই ফটোসমূহত প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিৰংগ পতাকা হাতত লৈ, ড’নাল্ড ট্ৰাম্প আৰু ইমানুৱেল মেক্ৰ’নক সাক্ষাৎ কৰা তথা বিভিন্ন ঐতিহাসিক অনুষ্ঠানত সেনাবাহিনীৰ ইউনিফৰ্ম পৰিধান কৰা ফটোবোৰ দেখা গৈছে । প্ৰতিখন ফটোত কেপচন দিয়া হৈছে ।

এয়া কাৰ সৃষ্টি?

এই Ghibli শৈলীৰ ধাৰা AI chatbot ChatGPT 4O ৰ সহায়ত সম্ভৱ । এই চেটবটে Ghibli শৈলীৰ ইমেজ বৈশিষ্ট্য সংযোগ কৰিছে, যিয়ে সকলোকে আকৰ্ষিত কৰিছে । বৰ্তমান, এই বৈশিষ্ট্য ChatGPT Plus, Pro আৰু Team চাবস্ক্ৰিপচন থকা ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ । অ’পেনএআইৰ শীৰ্ষ কাৰ্যবাহী বিষয়া ছেম অল্টমেনে কয় যে এই AI ৰ দ্বাৰা সৃষ্টি হোৱা ছবিসমূহে মানুহৰ পৰা বিপুল সঁহাৰি লাভ কৰিছে । এই বৈশিষ্ট্য অতি সোনকালে বিনামূলীয়া ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ হোৱাৰ সম্ভাৱনা আছে ।

ChatGPT চাবস্ক্ৰিপচনৰ মূল্য

যদি আপুনিও Ghibli ষ্টাইলৰ ফটো তৈয়াৰ কৰিব বিচাৰে তেন্তে ChatGPT Plus ৰ বাবে প্ৰতিমাহে 20 ডলাৰ (প্ৰায় 1711.17 টকা) আৰু Pro ৰ বাবে 200 ডলাৰ (প্ৰায় 17,111.74 টকা) খৰচ কৰিব লাগিব । কমেও 1711 টকাৰ প্লেন ক্ৰয় কৰি এই ট্ৰেণ্ডত যোগদান কৰিব পাৰিব

বিনামূলীয়াকৈ সম্ভৱনে

তথ্যৰ বাবে জনাওঁ যে বেছিভাগ প’ৰ্ট্ৰেইট ChatGPT ৰ ইমেজ জেনেৰেচন টুলৰ দ্বাৰা সৃষ্টি কৰা হৈছে । অৱশ্যে ইয়াৰ বাবে আপুনি ChatGPT ত ধন দিব লাগিব । কিন্তু ইয়াৰ বাহিৰেও আৰু কেইবাটাও উপায় আছে, যাৰ সহায়ত আপুনি সেইবোৰ বিনামূলীয়াকৈ বনাব পাৰে । এই বৈশিষ্ট্য শেহতীয়াকৈ ChatGPT ত যোগ কৰা হৈছে, কিন্তু কেৱল পেইড গ্ৰাহকেহে ইয়াক ব্যৱহাৰ কৰিব পাৰিব । কোম্পানীটোৱে কয় যে ইয়াক বিনামূলীয়া ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ কৰিবলৈ কিছু সময় লাগিব পাৰে । কিন্তু আন কিছুমান AI সঁজুলিও আছে যিবোৰ আপুনি Studio Ghibli শৈলীৰ প’ৰ্ট্ৰেইট তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে । কিন্তু বিভিন্ন এআই মডেলৰ ডাটাবেছ বেলেগ বেলেগ, গতিকে ফলাফলত সামান্য পাৰ্থক্য দেখা যাব পাৰে । ইয়াৰ বাবে আপুনি জেমিনী বা গুগল ডিপমাইণ্ডও ব্যৱহাৰ কৰিব পাৰে।

ঘিবলী ষ্টাইলৰ ফটো কেনেকৈ বনাব?

ChatGPT 4O ৰ চাবস্ক্ৰিপচনৰ সৈতে, আপুনি আপোনাৰ ফটোসমূহক এটা Ghibli ষ্টাইলৰ প্ৰভাৱ দিব পাৰে । মাত্ৰ আপোনাৰ ফটোখন আপলোড কৰক আৰু AI সঁজুলিটোক Ghibli ষ্টাইললৈ ৰূপান্তৰিত কৰিবলৈ কওক । এই ট্ৰেণ্ড ইমানেই জনপ্ৰিয় হৈ পৰিছে যে ছ’চিয়েল মিডিয়াত ঘিবলী ষ্টাইলৰ ফটো ট্ৰেণ্ডিং হ’বলৈ আৰম্ভ হৈছে ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.