ETV Bharat / technology

Spotify এ বৃদ্ধি কৰিলে প্ৰতিটো প্ৰিমিয়াম প্লেনৰ মূল্য

Spotify এ ভাৰতত নিজৰ প্ৰিমিয়াম প্লেন ব্যয়বহুল কৰি তুলিছে, এতিয়া সংগীত শুনিবলৈ ব্যয় কৰিব লাগিব অধিক ধন ।

spotify-hikes-premium-subscription-prices-in-india-check-new-rates-here
Spotify এ বৃদ্ধি কৰিলে প্ৰতিটো প্ৰিমিয়াম প্লেনৰ মূল্য (Spotify)
author img

By ETV Bharat Tech Team

Published : August 5, 2025 at 5:06 PM IST

|

Updated : August 5, 2025 at 5:17 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: যদি আপুনি সংগীত অনুৰাগী আৰু গান শুনিবৰ বাবে স্পটিফাই ব্যৱহাৰ কৰে তেন্তে এই খবৰে আপোনাৰ মনত দুখ দিব পাৰে । আচলতে সংগীত ক্ষেত্ৰৰ সৈতে জড়িত এটা বৃহৎ কোম্পানী স্পটিফাইয়ে সোমবাৰে ভাৰত, দক্ষিণ এছিয়া, মধ্যপ্ৰাচ্য, আফ্ৰিকা, ইউৰোপ আদি কিছুমান দেশত নিজৰ প্ৰিমিয়াম প্লেনৰ হাৰ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে । অৰ্থাৎ এতিয়া ব্যৱহাৰকাৰীয়ে স্পটিফাইৰ প্ৰিমিয়াম সেৱাৰ বাবে পূৰ্বতকৈ অধিক ধন খৰচ কৰিব লাগিব । এই সন্দৰ্ভত বিতংকৈ জানো আহক ---

কিয় spotify য়ে বৃদ্ধি কৰিলে দাম

স্পটিফাইয়ে কয় যে তেওঁলোকে প্ৰিমিয়াম চাবস্ক্ৰাইবাৰসকলক প্ৰিমিয়াম প্লেনৰ হাৰ বৃদ্ধিৰ বিষয়ে ইমেইলৰ জৰিয়তে অৱগত কৰিব । ৰেট বৃদ্ধিৰ পিছত ব্যৱহাৰকাৰীয়ে অধিক ধন খৰচ কৰি বিজ্ঞাপন নোহোৱাকৈ সংগীত শুনিব লাগিব, নিজৰ পছন্দ অনুসৰি গীতৰ প্লেলিষ্ট ছেট কৰিব লাগিব, যিকোনো গীত যিকোনো ক্ৰমত বজাব লাগিব আৰু উন্নত অডিঅ’ মানদণ্ডৰ গীত শুনিব লাগিব ।

ভাৰতত নতুন হাৰ কি কি?

ভাৰতত স্পটিফাইৰ নতুন ৰেটৰ কথা ক’বলৈ গ’লে ইয়াক স্পটিফাই এপত দেখিবলৈ পোৱা গৈছে । স্পটিফাই এপত চাৰি ধৰণৰ প্ৰিমিয়াম প্লেন আছে - ব্যক্তিগত, যুটীয়া, পৰিয়াল আৰু ছাত্ৰ । এই চাৰিটা প্ৰিমিয়াম প্লেনৰ মূল্য বৃদ্ধি কৰা হৈছে । আমি ওপৰত কোৱাৰ দৰে স্পটিফাই মিউজিক এপত চাৰি ধৰণৰ প্ৰিমিয়াম প্লেন আছে । পূৰ্বে ব্যৱহাৰকাৰীয়ে Individual Premium plan ৰ বাবে প্ৰতিমাহে 119 টকা খৰচ কৰিব লাগিছিল, কিন্তু এতিয়া তেওঁলোকে 20 টকা বেছিকৈ অৰ্থাৎ 139 টকা খৰচ কৰিব লাগিব ।

প্লেনৰ নামপুৰণি মূল্য (₹/মাহ)নতুন মূল্য (₹/মূল্য)
ব্যক্তিগত113 টকা139 টকা
যুটীয়া149 টকা179 টকা
পৰিয়াল179 টকা229 টকা
ছাত্ৰ59 টকা69 টকা

Duo প্লেনৰ বাবে ব্যৱহাৰকাৰীয়ে আগতে 149 টকা খৰচ কৰিব লাগিছিল যদিও এতিয়া 30 টকা অৰ্থাৎ 179 টকা অধিক ব্যয় কৰিব লাগিব । আনহাতে পৰিয়াল প্লেনৰ বাবে ব্যৱহাৰকাৰীয়ে মাহে 179 টকা আগতে খৰচ কৰিব লাগিছিল যদিও এতিয়া 40 টকা অধিক অৰ্থাৎ 229 টকা খৰচ কৰিব লাগিব । ইয়াৰ বাহিৰেও ছাত্ৰৰ বাবে উপলব্ধ প্লেনৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে আগতে প্ৰতিমাহে 59 টকা খৰচ কৰিব লাগিছিল, কিন্তু এতিয়া তেওঁলোকে 10 টকা অধিক অৰ্থাৎ 69 টকা খৰচ কৰিব লাগিব ।

স্পটিফাইয়ে কয় যে তেওঁলোকে নিজৰ সামগ্ৰীসমূহ উন্নত কৰাৰ বাবে কাম কৰি আছে যাতে ইয়াৰ ব্যৱহাৰকাৰীসকলক গীত আদি শুনাৰ বাবে এক সুন্দৰ অভিজ্ঞতা প্ৰদান কৰিব পৰা যায় ।বৰ্তমানৰ স্পটিফাই ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ পৰৱৰ্তী বিলিং চক্ৰত নতুন ৰেটসমূহ দেখিব, আনহাতে নতুন ব্যৱহাৰকাৰীসকলে নতুন অৰ্থাৎ আৰম্ভণিৰে পৰা বৃদ্ধি কৰা ৰেটৰ সৈতে এটা ছাবস্ক্ৰিপচন কিনিব লাগিব ।

স্পটিফাই প্ৰিমিয়ামত উপলব্ধ বৈশিষ্ট্যমিনি প্লেনঅন্যান্য প্ৰিমিয়াম প্লেন (ব্যক্তিগত, যুটীয়া, পৰিয়াল, ছাত্ৰ)
এড ফ্ৰী সংগীতৰ অভিজ্ঞতা উপলব্ধউপলব্ধ
অফলাইনত শুনাৰ ব্যৱস্থা উপলব্ধউপলব্ধ
যিকোনো ক্ৰমত সংগীত শুনা উপলব্ধউপলব্ধ
হাই-কোৱালিটী অডিঅ’ উপলব্ধউপলব্ধ
বাস্তৱ সময়ত বন্ধুৰ সৈতে উপভোগ কৰা উপলব্ধউপলব্ধ
শুনিব বিচৰা গানৰ ক্ৰম সৃষ্টি উপলব্ধউপলব্ধ
গান শুনা সম্বন্ধীয় অভ্যাসৰ সূচনা উপলব্ধউপলব্ধ

লগতে পঢ়ক

Last Updated : August 5, 2025 at 5:17 PM IST