মহাকাশ ভ্ৰমণ : মহাকাশচাৰীৰ স্বাস্থ্যত কেনে প্ৰভাৱ পৰে ? - Astronauts immune systems
Space travel side Effects: সকলো লোকে মহাকাশলৈ যাত্ৰা কৰিব নোৱাৰে । মহাকাশ ভ্ৰমণৰ পূৰ্বে মহাকাশচাৰীৰ স্বাস্থ্য পৰীক্ষা কৰা হয় । মহাকাশ ভ্ৰমণে এগৰাকী মহাকাশচাৰীৰ স্বাস্থ্যত কেনে প্ৰভাৱ পেলায় আপুনি জানেনে ? এই প্ৰতিবেদনযোগে জানো আহক...

Published : September 4, 2024 at 10:16 AM IST
নিউজ ডেস্ক, 4 ছেপ্টেম্বৰ: মহাকাশচাৰীৰ মহাকাশ ভ্ৰমণৰ পিছত তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা গভীৰভাৱে প্ৰভাৱিত হয় । এয়া আমি কোৱা কথা নহয়, শেহতীয়াকৈ এক অধ্যয়নত এই কথা পোহৰলৈ আহিছে । এই যাত্ৰাৰ জৰিয়তে শৰীৰত সংক্ৰমণ বাঢ়ি যায় আৰু লগতে ৰোগো বিয়পি পৰে । গৱেষকসকলৰ মতে, আভ্যন্তৰীণ শৰীৰৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰে । শৰীৰৰ অভ্যন্তৰীণ অংগবোৰে কাম কৰা বন্ধ কৰিলে সংক্ৰমণ হয় ।
এই গৱেষণাৰ বাবে বিজ্ঞানীসকলে ব্যৱহাৰ কৰিছিল নিগনি ৷ পৃথিৱীৰ কক্ষপথত তিনিমাহৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (ISS)ত ৰাখিছিল । এই শৃংখলাত তেওঁলোকৰ অন্ত্ৰ আৰু যকৃতৰ পৰিৱৰ্তনৰ ওপৰত অধ্যয়ন কৰা হৈছিল । বিজ্ঞানীসকলে এই জীৱবোৰৰ আন্ত্ৰিক বেক্টেৰিয়াৰ পৰিৱৰ্তন পৰ্যবেক্ষণ কৰে । ইয়াৰ সমান্তৰালকৈ যকৃত আৰু অন্ত্ৰও আক্ৰান্ত হোৱা দেখা গৈছিল । অধ্যয়নত দেখা গৈছে যে মহাকাশ ভ্ৰমণে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ক্ষতি কৰে আৰু বিপাকীয় ক্ৰিয়াত পৰিৱৰ্তন ঘটায় ।
Space Medicine আলোচনীত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মহাকাশত অধিক সময় কটোৱা মহাকাশচাৰীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰভাৱিত হয় । মহাকাশলৈ যোৱাৰ পূৰ্বে মহাকাশচাৰীৰ পৰা তেজৰ নমুনা সংগ্ৰহ কৰা হৈছিল । মহাকাশৰ পৰা উভতি অহাৰ পিছত তেজৰ নমুনা সংগ্ৰহ কৰি পুনৰ পৰীক্ষা কৰা হয় । ফলত মহাকাশলৈ যোৱাৰ পাছত উক্ত মহাকাশচাৰীৰ শ্বেত ৰক্তকণিকা কমিছে । যিটো ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় । এই কোষবোৰে মানুহৰ শৰীৰত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়ে । যাৰ বাবে মহাকাশচাৰীসকলৰ শৰীৰ মহাকাশত ঠাণ্ডা হৈ পৰে ।
গৱেষক ড° ছাৰা জ’নে কয়, "আমি এই বিষয়ত গুৰুত্ব দিব লাগিব । কাৰণ যিকোনো মহাকাশ অভিযানৰ বাবে মহাকাশচাৰীয়ে মহাকাশত বহু সময় কটাবলগীয়া হয় । কিন্তু এই সময়ছোৱাত তেওঁলোকৰ শৰীৰত বিৰূপ প্ৰভাৱ পৰে । সেয়েহে মহাকাশচাৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি, আমি কিছুমান কৌশল বিকশিত কৰিব লাগিব । আমি মহাকাশচাৰীসকলক দীৰ্ঘম্যাদী অভিযানত যোৱাৰ সময়ত কেনেকৈ সুস্থ কৰি ৰাখিব পাৰি তাৰ ওপৰত কাম কৰিব লাগিব ।"
এই সমস্যা দূৰ কৰিবলৈ মহাকাশত থকা মহাকাশচাৰীসকলৰ বাবে বিশেষ অনুশীলনৰ কথা চিন্তা কৰিছে গৱেষকসকলে । যিয়ে তেওঁলোকক সুস্থ কৰি ৰাখিব পাৰে । গৱেষকসকলে কয়, "মানৱ শৰীৰত মাইক্ৰ’গ্ৰেভিটিৰ প্ৰভাৱ সম্পূৰ্ণৰূপে বুজিবলৈ, লগতে ফলপ্ৰসূ সমাধান উলিয়াবলৈ অধিক গৱেষণাৰ প্ৰয়োজন । আমি মহাকাশ অন্বেষণৰ সীমাবদ্ধতাক ঠেলি দিয়াৰ লগে লগে আমাৰ মহাকাশচাৰীসকলৰ স্বাস্থ্য আৰু কুশলে থকাটো শীৰ্ষ অগ্ৰাধিকাৰ হৈয়েই আছে । মহাকাশত ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাৰ ৰহস্য উন্মোচন কৰিলে ভৱিষ্যতৰ অভিযান অধিক সফল হ’ব ।"

