ETV Bharat / technology

অহা মাহত বজাৰলৈ 2025 বৰ্ষৰ Skoda Octavia RS; মূল্য কিমান ?

স্কোডা অটো ইণ্ডিয়াই নিশ্চিত কৰিছে যে পৰৱৰ্তী 2025 Skoda Octavia RS 17 অক্টোবৰৰ দিনা ভাৰতৰ বজাৰত মুকলি কৰা হ’ব ।

skoda-octavia-rs-set-be-launched-on-on-october-17-limited-to-100-units-for-2025
অহা মাহত বজাৰলৈ 2025 বৰ্ষৰ Skoda Octavia RS (Skoda)
author img

By ETV Bharat Tech Team

Published : September 25, 2025 at 5:22 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: গাড়ী নিৰ্মাতা কোম্পানী স্কোডা অটো ইণ্ডিয়াই নিশ্চিত কৰিছে যে আগন্তুক স্কোডা অক্টাভিয়া আৰ এছ অহা মাহত 17 অক্টোবৰত ভাৰতৰ বজাৰত মুকলি কৰা হ’ব আৰু ইয়াৰ মূল্য ঘোষণা কৰিব । চেক গাড়ী নিৰ্মাতা কোম্পানীটোৱে স্কোডা অক্টাভিয়া আৰ এছৰ প্ৰি-বুকিং আৰু ডেলিভাৰী কেতিয়া আৰম্ভ হ’ব, লগতে ভাৰতৰ বাবে আবণ্টিত ইউনিটৰ সংখ্যাও প্ৰকাশ কৰিছে ।

2025 চনৰ স্কোডা অক্টাভিয়া আৰ এছৰ বুকিং আৰু ডেলিভাৰী

6 অক্টোবৰ সোমবাৰে স্কোডা কোম্পানীয়ে ঘোষণা কৰিব যে তেওঁলোকে নতুন অক্টাভিয়া আৰ এছৰ অৰ্ডাৰ নিজৰ অফিচিয়েল ৱেবছাইটত গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিব । কোম্পানীটোৱে বিশ্বাস কৰে যে এই বুকিংসমূহ সোনকালে পূৰণ কৰা হ’ব, কিয়নো গাড়ী নিৰ্মাতা কোম্পানীটোৱে ভাৰতলৈ মাত্ৰ 100 ইউনিটহে আনিব । 17 অক্টোবৰত মূল্য প্ৰকাশ কৰা হ’ব আৰু 6 নৱেম্বৰৰ পৰা ডেলিভাৰী আৰম্ভ হ’ব ।

2025 Skoda Octavia RS মূল্য

skoda-octavia-rs-set-be-launched-on-on-october-17-limited-to-100-units-for-2025
অহা মাহত বজাৰলৈ 2025 বৰ্ষৰ Skoda Octavia RS (Skoda)

মূল্যৰ ক্ষেত্ৰত 2025 চনৰ নতুন অক্টাভিয়া আৰ এছৰ মূল্য ফক্সৱেগেন গ’ল্ফ জিটিআইৰ দৰেই হ’ব বুলি আশা কৰা হৈছে । বৰ্তমান ভাৰতৰ বজাৰত 50.91 লাখ মূল্যত বিক্ৰী হৈছে গলফ জিটিআই । গতিকে অক্টাভিয়া আৰ এছ স্কোডা ইণ্ডিয়াৰ বাবে হেলো মডেল হিচাপে কাম কৰিব বুলি আশা কৰা হৈছে ।

2025 Skoda Octavia RS ইঞ্জিন

ভাৰতত মুকলি কৰা হ’ব নতুন অক্টাভিয়া আৰ এছ ইউ কে-স্পেক সংস্কৰণ হিচাপে । ইয়াত EA888 2.0 লিটাৰ, টাৰ্বো-পেট্ৰল ইঞ্জিন ব্যৱহাৰ কৰা হৈছে যিয়ে 261 বিএইচপি আৰু 370 এনএম টৰ্ক উৎপাদন কৰে । এই ইঞ্জিনটোৰ সৈতে 7 স্পীড ডুৱেল ক্লাচ অটোমেটিক ট্ৰেন্সমিছন সংযোগ কৰা হৈছে, যিয়ে সন্মুখৰ চকালৈ শক্তি প্ৰেৰণ কৰে । গাড়ীখনে ঘণ্টাত 0-100 কিলোমিটাৰৰ পৰা 6.4 ছেকেণ্ডত গতি কৰে, আনহাতে ইয়াৰ শীৰ্ষ গতিবেগ 250 কিলোমিটাৰ ।

মন কৰিবলগীয়া যে UK-spec মডেলত উপলব্ধ নাই এটা অতিৰিক্ত বৈশিষ্ট্য Dynamic Chassis Control (DCC)। ডিচিচিয়ে ছাচপেনচন ডেম্পিং, ষ্টিয়াৰিং চিষ্টেম আৰু ট্ৰেন্সমিছন অবিৰতভাৱে সামঞ্জস্য কৰি অক্টাভিয়া আৰএছৰ ড্ৰাইভিং আচৰণ ফলপ্ৰসূভাৱে উন্নত কৰে । গতিকে ভাৰতত বিক্ৰী হোৱা 2025 চনৰ অক্টাভিয়া আৰ এছ মডেলে ডিচিচি প্ৰদান নকৰে ।

লগতে পঢ়ক