ETV Bharat / technology

মুকলিৰ পূৰ্বেই Skoda Kylaq এ লাভ কৰিছে 10,000 বুকিং

স্কোডা অটো ইণ্ডিয়াই প্ৰথমখন কমপেক্ট এছ ইউ ভি স্কোডা কাইলাকৰ বাবে লাভ কৰিছে 10 হাজাৰ ইউনিটৰ বুকিং । অহা 27 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ডেলিভাৰী।

skoda-kylaq-production-begins-suv-gets-10000-booking-milestone-delivery-will-begin-soon
মুকলিৰ পূৰ্বেই Skoda Kylaq এ লাভ কৰিছে 10,000 বুকিং (Skoda Auto India)
author img

By ETV Bharat Tech Team

Published : December 14, 2024 at 4:27 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ: শেহতীয়াকৈ স্কোডা অটো ইণ্ডিয়াই ভাৰতত প্ৰথমখন কমপেক্ট SUV Skoda Kylaq মুকলি কৰিছে । শেহতীয়া তথ্য অনুসৰি কোম্পানীটোৱে পুনেৰ চাকানত থকা নিজৰ কাৰখানাত নতুন Skoda Kylaq চাব-ফোৰ মিটাৰ এছ ইউ ভিৰ উৎপাদন আৰম্ভ কৰিছে । এই গাড়ীখন কোম্পানীটোৰ MQB-A0-IN প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে, যাৰ ভিত্তিত স্কোডা কুছাক আৰু স্লাভিয়াও নিৰ্মাণ কৰা হৈছে ।

কোম্পানীটোৱে 7.89 লাখ টকা (এক্স শ্ব’ৰুম) মূল্যত মুকলি কৰিছে Skoda Kylaq । এছ ইউ ভিৰ বিশেষ কথাটো হ’ল কাইলাকৰ বুকিং আৰম্ভ কৰাৰ মাত্ৰ 10 দিনৰ পিছতে স্কোডা অটো ইণ্ডিয়াই এই গাড়ীখনৰ বাবে 10 হাজাৰ বুকিং লাভ কৰিছে । তথ্য অনুসৰি কোম্পানীয়ে 2025 চনৰ 27 জানুৱাৰীৰ পৰা এই গাড়ীখনৰ ডেলিভাৰী আৰম্ভ কৰিব ।

ইয়াৰ পূৰ্বে স্কোডা অটোৱে 13 ডিচেম্বৰৰ পৰা এই এছ ইউ ভিৰ সৈতে ‘ইণ্ডিয়া ড্ৰিম ট্যুৰ’ আৰম্ভ কৰিব, য’ত স্কোডা কাইলাকৰ তিনিটা ইউনিটে সমগ্ৰ দেশ ভ্ৰমণ কৰিব আৰু তাৰ পিছত 25 জানুৱাৰীত চাকান প্লাণ্টলৈ উভতি যাব । এই ভ্ৰমণত এই গাড়ীসমূহে পুনে, মুম্বাই, কোল্হাপুৰ, আহমেদাবাদ, চুৰাট, উদয়পুৰ, ভোপাল, কয়ম্বাটুৰ, কোচি, দিল্লী, ৰাঁচী, ত্ৰিবেন্দ্ৰম, চণ্ডীগড়, কলকাতা, চেন্নাই, জম্মু, মাণ্ডী, আগ্ৰা, গুৱাহাটী আদি বহু চহৰ ভ্ৰমণ কৰিব ।

ইয়াৰ জৰিয়তে গ্ৰাহকে 2025 চনৰ 27 জানুৱাৰী, অৰ্থাৎ ডেলিভাৰী আৰম্ভ হোৱাৰ পূৰ্বে ব্যক্তিগতভাৱে নতুন স্কোডা কাইলাকৰ অভিজ্ঞতা ল’ব পাৰিব । মন কৰিবলগীয়া যে এই গাড়ীখন 2025 চনৰ ইণ্ডিয়া মবিলিটি এক্সপ’তো প্ৰদৰ্শিত হ’ব । স্কোডাই কাইলাকৰ বাবে বুকিং গ্ৰহণ কৰি আছে যদিও এণ্ট্ৰি লেভেল ক্লাছিক ভেৰিয়েণ্টৰ প্ৰক্ৰিয়া বন্ধ কৰা হৈছে ।

স্কোডা কাইলাকৰ ইঞ্জিনৰ কথা ক’বলৈ গ’লে ইয়াত আছে 1.0 লিটাৰৰ, টিএছআই টাৰ্বো-পেট্ৰ’ল ইঞ্জিন, যিটো 6 স্পীড মেনুৱেল আৰু অটোমেটিক ট্ৰেন্সমিছনৰ সৈতে সংযুক্ত কৰা হৈছে । ভাৰতীয় বজাৰত এই গাড়ীখনে টাটা নেক্সন আৰু মাৰুতি ব্ৰেজাৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব বুলি আশা কৰা হৈছে ।

নতুন স্কোডা কাইলাকৰ বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে এই গাড়ীখনত আছে ইলেক্ট্ৰিক ছানৰুফ, ভেণ্টিলেটেড ফ্ৰন্ট চিট, অল-এলইডি লাইটিং, মেচিনেৰে নিৰ্মিত এলয় হুইল, ছিক্স-ৱে ইলেক্ট্ৰিকলি এডজাষ্টেবল ফ্ৰন্ট চিট, অটোমেটিক ক্লাইমেট কণ্ট্ৰ’ল, এম্বিয়েণ্ট লাইটিং আৰু ছটা এয়াৰবেগ ।

লগতে পঢ়ক: Skoda এ মুকলি কৰিব CNG চালিত গাড়ী

স্কোডাৰ নতুন SUVৰ নামকৰণ প্ৰতিযোগিতাত জয়ী প্ৰতিযোগীয়ে লাভ কৰিব SUV গাড়ী : কোন সেই সৌভাগ্যবান? - Skoda’s new suv Kylaq