এয়া আছিল সমগ্ৰ দেশৰ অভিযান: এক্সিয়াম অভিযান সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত ক’লে মহাকাশচাৰী শুভাংশু শুক্লাই
ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ লগতে ইছৰোৰ অধ্যক্ষৰ সৈতে এক সংবাদ মেলত অংশগ্ৰহণ কৰে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই ৷

Published : August 21, 2025 at 2:30 PM IST
হায়দৰাবাদ: ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই আজি সম্বোধন কৰে এক সংবাদ মেলৰ ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙেও ৷ লগতে উপস্থিত আছিল ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ধীৰেন্দ্ৰ ওঝা আৰু গ্ৰুপ কেপ্তেইন প্ৰসন্ত বালকৃষ্ণন নায়াৰ । উল্লেখ্য যে নায়াৰ এক্সিয়াম-4 ৰ বেকআপ মহাকাশচাৰীও । সংবাদমেলখনত অংশগ্ৰহণ কৰি ভাৰতৰ গগনযান অভিযান সন্দৰ্ভত উল্লেখ কৰে ভাৰতীয় মহাকাশচাৰী তথা এক্সিয়াম অভিযানৰ অংশ শুভাংশু শুক্লাই ।
ইছৰোৰ অধ্যক্ষ ড০ ভি নাৰায়ণনৰ সৈতে হোৱা যৌথ সংবাদ মেলৰ সময়ত শুক্লাই কয়, "মহাকাশ উৰণস্থল প্ৰশিক্ষণস্থলীতকৈ পৃথক আৰু এই অভিযান সম্ভৱপৰ কৰি তোলাৰ বাবে ভাৰত চৰকাৰ, ইছৰো আৰু গৱেষকসকলৰ প্রতি আমি কৃতজ্ঞ ৷"
তেওঁ লগতে কয়, "এয়া আছিল সমগ্ৰ ভাৰতীয়ৰ মিছন । আপুনি প্ৰশিক্ষণত যি আয়ত্ত কৰে তাতকৈ অভিজ্ঞতা সম্পূৰ্ণ পৃথক । ই আছিল এক অবিশ্বাস্য অভিজ্ঞতা ।"
মহাকাশচাৰীগৰাকীয়ে তেওঁৰ বিস্তৃত প্ৰশিক্ষণৰ বিষয়ে বিতংভাৱে উল্লেখ কৰি কয়, "এই মিছনত মোৰ দায়িত্ব আছিল মিছন পাইলট হিচাপে । ক্ৰু ড্ৰেগনত চাৰিখন আসন আছে । মই মিছন পাইলট আছিলো আৰু মই কমাণ্ডাৰৰ সৈতে কাম কৰিবলগীয়া হৈছিল আৰু ক্ৰু ড্ৰেগনৰ ব্যৱস্থাসমূহৰ সৈতে যোগাযোগ কৰিবলগীয়া হৈছিল ।"
তেওঁ লগতে কয়, "মানুহৰ সহায়ৰ বাবে কৃতজ্ঞ । মহাকাশত প্ৰথম কেইদিনমান প্ৰত্যাহ্বানমূলক আছিল । মাধ্যাকৰ্ষণৰ সৈতে পুনৰ নিজকে খাপ খুৱাই লোৱাটো এটা প্ৰত্যাহ্বান আছিল । অতি সোনকালে, আমি কোনোবাই আমাৰ কেপচুলৰ পৰা, আমাৰ ৰকেটৰ পৰা, আমাৰ মাটিৰ পৰা যাত্ৰা কৰিম ।"
ইছৰোৰ অধ্যক্ষৰ মন্তব্য
সংবাদ মাধ্যমৰ লগত ভাগ-বতৰাত অংশগ্ৰহণ কৰি ইছৰোৰ অধ্যক্ষ ড০ নাৰায়ণনে 2015 চনৰ পৰা 2025 চনলৈকে ইছৰোৰ অভিযানসমূহ 2005 চনৰ পৰা 2015 চনৰ ভিতৰত সম্পূৰ্ণ হোৱা অভিযানৰ প্ৰায় দুগুণ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি ড০ নাৰায়ণনে বিগত ছমাহত তিনিটা মূল অভিযান সফলভাৱে সম্পূৰ্ণ কৰাকে ধৰি শেহতীয়া সাফল্যৰ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
উল্লেখ কৰা প্ৰয়োজন যে আজিৰ সংবাদ মেলৰ পূৰ্বে শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ সফল অভিযানৰ অন্তত দিল্লীত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে । সোমবাৰে শুক্লাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰিছিল ।
উল্লেখ্য যে, 25 জুনত ফ্ল'ৰিডাৰ পৰা উৰা মাৰি 26 জুনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত উপস্থিত হৈছিল শুক্লাসহ এক্সিয়াম-4 মহাকাশ অভিযানৰ অংশগ্ৰহণকাৰীসকলে । 15 জুলাইত তেওঁ পৃথিৱীলৈ উভতি আহিছিল । আজিৰ সংবাদ মেলত উক্ত অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে ভাৰতীয় মহাকাশচাৰীগৰাকীয়ে ৷
গগনযান অভিযান হৈছে ইছৰোৰ মানৱ মহাকাশ অভিযান । এই কাৰ্যসূচীৰ অধীনত 2027 চনত বায়ুসেনাৰ তিনিজন পাইলটক মহাকাশলৈ প্ৰেৰণ কৰা হ’ব ।
লগতে পঢ়ক
75,000 কিলোগ্ৰাম ওজনৰ উপগ্ৰহ উৎক্ষেপণৰ বাবে প্ৰস্তুতি চলাইছে ইছৰোৱে
মহাকাশচাৰী শুভাংশু শুক্লাই সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীক, মোদীয়ে উষ্ম আলিংগনেৰে জনায় আদৰণি
সফল মহাকাশভিযানৰ পাচত প্ৰথমবাৰৰ বাবে কাইলৈ ভাৰতত উপস্থিত হ’ব গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা

