এক্সিয়াম-4 মিছন: পুনৰ সলনি হ’ল উৎক্ষেপণৰ সময়
একাধিক পলমৰ সন্মুখীন হ’বলগীয়া হৈছে এক্সিয়াম-4 অভিযান ৷ শেহতীয়াকৈ পুনৰ নিৰ্ধাৰণ কৰা হৈছে এই অভিযানৰ সময়সীমা ৷

Published : June 18, 2025 at 10:01 AM IST
হায়দৰাবাদ: পুনৰ সালসলনি কৰা হ’ল ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাৰ এক্সিয়াম-4 অভিযান ৷ পঞ্চমবাৰৰ বাবে নিৰ্ধাৰিত কৰা হৈছিল এই সময়সীমা আৰু সেই দিনটো পুনৰবাৰ পিছুৱাই দিয়া হৈছে বুলি নাছা, এক্সিয়াম স্পেচ আৰু স্পেচএক্সে জনায় ৷ 19 জুলাইৰ পৰিৱৰ্তে পৰৱৰ্তী দিনটো নিৰ্ধাৰণ কৰা হৈছে 22 জুন ৷ নাছা, এক্সিয়াম স্পেচ আৰু স্পেচএক্সে এতিয়া 22 জুন দেওবাৰৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ চতুৰ্থটো ব্যক্তিগত মহাকাশচাৰী অভিযানৰ বাবে উৎক্ষেপণৰ লক্ষ্য লৈছে, যিটো এক্সিয়াম মিছন 4 নামেৰে জনাজাত । ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰত থকা লঞ্চ কমপ্লেক্স 39 A ৰ পৰা উৰা মাৰিবলগীয়া স্পেচএক্স ড্ৰেগন মহাকাশযানখনত উঠিব এই ক্ৰুৱে ।
স্পেচ এক্সৰ লগতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাইও X যোগে এটা পোষ্টত এই অভিযানৰ বিলম্বৰ কথা ঘোষণা কৰে ।
Teams from @isro, Poland, and Hungary engaged in a detailed discussion with @Axiom_Space regarding the probable launch timeline of Axiom Mission 4. Following this, @Axiom_Space held consultations with @NASA and @SpaceX to assess multiple readiness parameters.
— ISRO (@isro) June 18, 2025
Based on the…
পঞ্চমবাৰৰ বাবে পিছুৱাই দিয়া হ’ল অভিযানৰ সময়
মূলতঃ 29 মে’ত অনুষ্ঠিত হ’বলগীয়া এই উৎক্ষেপণটো ফেলকন 9 ৰ বুষ্টাৰত ধৰা পৰা তৰল অক্সিজেন লিক হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ বয়সীয়াল ৰাছিয়ান মডিউলৰ সমস্যাৰ বাবে একাধিকবাৰ পিছুৱাই দিয়া হৈছিল । জুন মাহৰ 8, তাৰ পিছত 10 জুন আৰু 11 জুনৰ দিনটো নিৰ্ধাৰণ কৰাৰ পাচত শেহতীয়াকৈ 19 জুনৰ দিনটো উৎক্ষেপণৰ বাবে নিশ্চিত কৰিছিল নাছাই ।
এক্সিয়াম স্পেছে সামাজিক মাধ্যমত উল্লেখ কৰে যে সকলো চিকিৎসা আৰু সুৰক্ষাৰ প্ৰট’কল মানি চলিবলৈ এক্স4ৰ ক্ৰুৱে ফ্ল’ৰিডাত কোৱাৰেণ্টাইনত আছে । তেওঁলোকে জনোৱা মতে, ক্ৰুসকলৰ স্বাস্থ্য ভালে থকাৰ লগতে আগন্তুক উৎক্ষেপণৰ বাবে মনোবল অটুট আছে ।
ক’ত, কেনেদৰে প্ৰত্যক্ষ কৰিব পাৰিব এই অভিযান
এই মিছনৰ এটা লাইভ ৱেবকাষ্ট লিফ্ট অফৰ প্ৰায় দুঘণ্টা পূৰ্বে আৰম্ভ হ'ব, যিটো সকলোৱে Spacex ৰ ৱেবছাইটলৈ গৈ অথবা X @SpaceX ত চাব পাৰিব । নতুন এক্স টিভি এপতো ৱেবকাষ্ট চাব পাৰিব ।
The #Ax4 crew remains in quarantine in Florida to maintain all medical and safety protocols. The crew is in good health and high spirits and looks forward to launch! https://t.co/0HLGPhJm0I pic.twitter.com/aCdmj2In03
— Axiom Space (@Axiom_Space) June 18, 2025
কোন কি ধৰণে জড়িত এই অভিযানৰ সৈতে
এক্সিয়াম-4 বাণিজ্যিক অভিযানৰ কমাণ্ডাৰ মহাকাশচাৰী পেগী হুইটছন, ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই পাইলট আৰু হাংগেৰীৰ টিবৰ কাপু আৰু পোলেণ্ডৰ স্লাওছ উজনানস্কি-উইছনিউস্কিয়ে অভিযান বিশেষজ্ঞ হিচাপে কাম কৰিব । ফ্ল’ৰিডাৰ নাছাৰ কেনেডি স্পেচ চেণ্টাৰৰ পৰা স্পেচএক্স ফেলকন 9 ৰকেটত উৎক্ষেপণ কৰিব এই দলটোৱে । কক্ষপথত চলা পৰীক্ষাগাৰত থকা সময়ছোৱাত এই দলটোৱে মানৱ গৱেষণা, পৃথিৱী পৰ্যবেক্ষণ আৰু জীৱন, জৈৱিক আৰু বস্তু বিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰি 60 টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষা চলোৱাৰ লগতে প্ৰদৰ্শন কৰিব ।
লগতে পঢ়ক

