মহাকাশৰ পৰা পৃথিৱীলৈ ৰাওনা শুভাংশু শুক্লাসহ চাৰি মহাকাশচাৰী, চাওক ভিডিঅ'...
শুভাংশু শুক্লাকে ধৰি এক্সিয়াম মিছন ৪ৰ ক্ৰুৱে ১৫ জুলাইৰ বিয়লি প্ৰায় ৩:০০ বজাত কেলিফৰ্ণিয়াৰ উপকূলত অৱতৰণ কৰিব ।

Published : July 14, 2025 at 10:06 PM IST
|Updated : July 14, 2025 at 10:17 PM IST
হায়দৰাবাদ : ‘এক্সিয়াম মিছন ৪’ৰ বাবে মহাকাশলৈ যোৱা ভাৰতৰ শুভাংশু শুক্লাকে ধৰি চাৰিওজন মহাকাশচাৰীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ প্ৰত্যাৱৰ্তন কৰিছে । এক্সিয়াম মিছন ৪ আৰু শুভাংশু শুক্লাৰ ড্ৰেগন মহাকাশযানখন নিৰ্ধাৰিত উৎক্ষেপণৰ মাত্ৰ কেইমিনিটমানৰ পিছতে বিয়লি ৪:৩৫ বজাত কক্ষপথৰ লেবৰ পৰা পৃথক হৈ পৃথিৱীলৈ উভতনি যাত্ৰা আৰম্ভ কৰে ।
এই ক্ৰুত আছে মিছন পাইলট পেগি হুইটছন, মিছন বিশেষজ্ঞ পোলেণ্ডৰ স্লাওছ উজনানস্কি-উইছনিভস্কি আৰু হাংগেৰীৰ টিবৰ কাপু । তেওঁলোকে ড্ৰেগন মহাকাশযানত নিজ নিজ মহাকাশ চুট পিন্ধি পৃথিৱীলৈ আহিব । তেওঁলোকৰ যাত্ৰা প্ৰায় ২২.৫ ঘণ্টাৰ হ’ব ।
| তাৰিখ (IST) | সময় (IST) | কাৰ্যক্ৰম |
|---|---|---|
| ১৪ জুলাই | বিয়লি ২:৫০ বজাত | ড্ৰেগন হেচ বন্ধ |
| ১৪ জুলাই | বিয়লি ৪:৩৫ বজাত | ড্ৰেগনে আই এছ এছৰ পৰা আনডক কৰে |
| ১৪ জুলাই | বিয়লি ৪:৩৫ বজাত | প্ৰস্থান বাৰ্ন ০ |
| ১৪ জুলাই | বিয়লি ৪:৪০ বজাত | প্ৰস্থান বাৰ্ন ১ |
| ১৪ জুলাই | বিয়লি ৫:২৮ বজাত | প্ৰস্থান বাৰ্ন ২ |
| ১৪ জুলাই | বিয়লি ৬:১৫ বজাত | প্ৰস্থান বাৰ্ন ৩ |
| ১৫ জুলাই | বিয়লি ২:০৭ বজাত | পৃথিৱীৰ বাবে কক্ষপথৰ পৰা ওলাই অহাৰ প্ৰক্ৰিয়া আৰম্ভ... |
| ১৫ জুলাই | বিয়লি ২:২৬ বজাত | ট্ৰাংকটো ডিচছেম্বল কৰা হ’ব |
| ১৫ জুলাই | বিয়লি ২:৩০ বজাত | Nosecone বন্ধ কৰা হ'ব |
| ১৫ জুলাই | বিয়লি ২:৫৭ বজাত | ড্ৰাগ পেৰাচ্যুট খোল খাব |
| ১৫ জুলাই | বিয়লি ২:৫৮ বজাত | মূল পেৰাচ্যুট খোল খাব |
| ১৫ জুলাই | বিয়লি ৩:০০ বজাত | কেলিফৰ্ণিয়াৰ উপকূলৰ ওচৰত ড্ৰেগন স্প্লেছডাউন |
ভাৰতীয় সময় অনুসৰি দুপৰীয়া ২:৩৭ বজাত আন্তঃৰাষ্ট্ৰীয় মহাকাশ যানখনৰ সৈতে সংযুক্ত ড্ৰেগন গ্ৰেচ মহাকাশযানৰ হেচ্চ বন্ধ কৰা হয় । ইয়াৰ পিছত এই ক্ৰুৰ মহাকাশযানখন ভাৰতীয় সময় অনুসৰি ৪:৪৫ বজাত অৰ্বিটেল লেবৰেটৰীৰ পৰা ডক কৰি উলিয়ায় । মহাকাশ কেন্দ্ৰৰ পৰা আঁতৰি যোৱাৰ পিছত ড্ৰেগন কেপচুল নামৰ মহাকাশযানখনে কেইবাটাও প্ৰস্থান বাৰ্ন কৰিব আৰু ইতিমধ্যে প্ৰথম বাৰ্ন সম্পূৰ্ণ হৈছে । ইয়াৰ পিছত কেইবাটাও প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব, যাৰ সবিশেষ তলৰ তালিকাত দিয়া হৈছে ।

উল্লেখ্য যে, ওপৰৰ তালিকাত এই মহাকাশযানখনৰ উভতি অহাৰ সময়সীমা পূৰ্বতে নিৰ্ধাৰিত সময়সূচীৰ ভিত্তিত উল্লেখ কৰা হৈছে । এই টাইমলাইনত কেইমিনিটমানৰ পৰিৱৰ্তন হ’ব পাৰে, উদাহৰণস্বৰূপে, আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা মহাকাশযানখন আনডক কৰাৰ সময় ভাৰতীয় সময় অনুসৰি বিয়লি ৪:৩৫ বজাত নিৰ্ধাৰণ কৰা হৈছিল যদিও নিৰ্ধাৰিত সময়ৰ পৰা ১০ মিনিট পলম হৈছিল আৰু বিয়লি ৪:৪৫ বজাত আনডক কৰা হৈছিল । একেদৰে পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে নিৰ্ধাৰিত সময়ত কিছু পৰিৱৰ্তন হ’ব পাৰে ।
মহাকাশত কটোৱা ১৮ দিন
১৮ দিন মহাকাশ কেন্দ্ৰত থকাৰ পিছত এই চাৰিজন মহাকাশচাৰীৰ বাবে পৃথিৱীলৈ উভতি অহাৰ পূৰ্বে বিদায় অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানত সকলো দেশৰ মহাকাশচাৰীয়ে ভাষণ দিছিল আৰু সেই সময়ত ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাইও বিশেষ কথা কয় । ৪১ বছৰ পূৰ্বে ভাৰতৰ পৰা প্ৰথমবাৰৰ বাবে মহাকাশলৈ যোৱা ৰাকেশ শৰ্মাৰ কথা আওৰাই তেওঁ কয়, "ভাৰত এতিয়াও মহাকাশৰ পৰা বিশ্বৰ বাকী অংশতকৈ ভাল দেখা যায় ।"
Ax-4 Mission | Undocking https://t.co/9GBaHvpaAa
— Axiom Space (@Axiom_Space) July 14, 2025
তেওঁ কয়, "৪১ বছৰ আগতে এজন ভাৰতীয় মহাকাশলৈ গৈছিল আৰু তেওঁ আমাক মহাকাশৰ পৰা ভাৰত কেনেকুৱা দেখা যায় সেই কথা কৈছিল আৰু মই অনুভৱ কৰোঁ যে আজিও সকলোৱে জানিব বিচাৰিছে যে আজি ভাৰত কেনেকুৱা ।
অহা ১৫ জুলাইত ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাত আমেৰিকাৰ কেলিফৰ্ণিয়া চহৰৰ উপকূলত মহাকাশযানখনৰ স্প্লেছডাউন হ’ব । ঘূৰি অহাৰ পিছত চাৰিওজন মহাকাশচাৰীয়ে ৭ দিনীয়া পুনৰ্বাসন কাৰ্যসূচী সম্পূৰ্ণ কৰিব লাগিব । মহাকাশৰ পৰা উভতি অহা মহাকাশচাৰীসকলৰ বাবে এই কাৰ্যসূচী প্ৰয়োজনীয় কাৰণ তেওঁলোকৰ শৰীৰে মাইক্ৰ’গ্ৰেভিটিত জীয়াই থকাৰ অভ্যস্ত হৈ পৰে আৰু পুনৰ মহাকৰ্ষণীয় পৰিৱেশৰ লগত খাপ খুৱাবলৈ সময় লাগে ।
এই কাৰ্যসূচী সন্দৰ্ভত ইছৰোৱে কয় যে গগণযাত্ৰী (শুভাংশু শুক্লা)ক পৃথিৱীৰ মাধ্যাকৰ্ষণৰ লগত পুনৰ নিজকে খাপ খুৱাই লোৱাত সহায় কৰা হ’ব আৰু সেইবাবেই এই কাৰ্যসূচী আয়োজন কৰা হৈছে। এক্সিয়াম স্পেছে এক বিবৃতিত প্ৰকাশ কৰিছে যে শুভাংশু শুক্লা আৰু তেওঁৰ ক্ৰু সদস্যসকলে কক্ষপথ পৰীক্ষাগাৰত থাকি মহাকাশত প্ৰায় ১০০ লাখ কিলোমিটাৰ (৯৬.৫ লাখ কিলোমিটাৰ) অতিক্ৰম কৰি প্ৰায় ২৩০টা সূৰ্য উদয় দেখিছে ।

