Samsung Galaxy S25 লৈ অভূতপূৰ্ব সঁহাৰি; বৰ্তমান পৰ্যন্ত লাভ কৰিলে 4 লাখতকৈ অধিক প্ৰি-অৰ্ডাৰ
শেহতীয়াকৈ ফ্লেগশ্বিপ স্মাৰ্টফোন ছিৰিজৰ 4 লাখতকৈ অধিক প্ৰি-অৰ্ডাৰ লাভ কৰি গেলেক্সি এছ 24 ছিৰিজৰ অভিলেখ ভংগ কৰিছে Galaxy S25 এ ।

Published : February 8, 2025 at 2:24 PM IST
হায়দৰাবাদ: ছেমছাঙে নতুন ফ্লেগশ্বিপ স্মাৰ্টফোন ছিৰিজ মুকলি কৰাৰ পিছৰে পৰা ছেমছাঙৰ নতুন ফোন ছিৰিজটোৱে শিৰোনাম দখল কৰি আহিছে । এই ছিৰিজৰ নাম হৈছে Samsung Galaxy S25 । শেহতীয়াকৈ কোম্পানীটোৱে নিজৰ গেলেক্সি আনপেকড ইভেণ্টত এই ফোন ছিৰিজটো মুকলি কৰিছে, য’ত আছে 3 টা স্মাৰ্টফোন - ছেমছাং গেলেক্সি S25, গেলেক্সি S25 প্লাছ আৰু গেলেক্সি S25 আল্ট্ৰা । এই ফোনটো মুকলিৰ পৰাই প্ৰি-বুকিঙৰ বাবে উপলব্ধ কৰা হৈছিল আৰু এই ফোন ছিৰিজে ভাৰতত প্ৰি-বুকিঙৰ ক্ষেত্ৰত এক নতুন অভিলেখ গঢ়ি তুলিছে ।
প্ৰি-বুকিঙৰ ক্ষেত্ৰত অভিলেখ গঢ়িলে ছেমছাঙে
যোৱা শুকুৰবাৰে ছেমছাঙে জনাইছে যে ভাৰতত নিৰ্মিত গেলেক্সি S25 ছিৰিজৰ স্মাৰ্টফোনে দেশত 4,30,000 প্ৰি-অৰ্ডাৰ লাভ কৰিছে । যোৱা বছৰ মুকলি কৰা ছেমছাং গেলেক্সি S24 ছিৰিজৰ প্ৰি-বুকিঙৰ তুলনাত 20% বেছি । উল্লেখ্য যে, ছেমছাঙে নিজৰ নয়ডা ফেক্টৰীত ভাৰতৰ বাবে গেলেক্সি S25 ছিৰিজ নিৰ্মাণ কৰি আছে ।
এই সন্দৰ্ভত ছেমছাং ইণ্ডিয়াৰ MX বিভাগৰ জ্যেষ্ঠ উপ-সভাপতি ৰাজু পুলানে কয়, “গেলেক্সি S25 আল্ট্ৰা, গেলেক্সি S25+ আৰু গেলেক্সি S25-এ ছেমছাঙৰ আশ্চৰ্যকৰ AI অভিজ্ঞতাৰ সৈতে এক নতুন মানদণ্ড স্থাপন কৰিছে, যিটো পূৰ্বতে কেতিয়াও হোৱা নাছিল ।”
যুৱ প্ৰজন্মৰ আকৰ্ষণ আছিল গেলাক্সি AI
তেওঁ লগতে কয়, "আমি গেলেক্সি AI ব্যৱহাৰৰ ক্ষেত্ৰত আগৰণুৱা যুৱ টেক অনুৰাগীসকলৰ মাজত ছেমছাং গেলেক্সি এছ 25 ছিৰিজৰ সৰ্বাধিক চাহিদা দেখিছো । গুগলৰ জেমিনি লাইভ ভাৰতৰ গেলাক্সি এছ 25 গ্ৰাহকৰ বাবেও আৰম্ভণিৰে পৰা হিন্দী ভাষাত উপলব্ধ হ'ব । ইয়াৰ পৰাই বুজা যায় যে ছেমছাঙৰ বাবে ভাৰত কিমান গুৰুত্বপূৰ্ণ ।"
ভাৰতত এই নতুন ছেমছাং ফ্লেগশ্বিপ ফোনসমূহৰ প্ৰথম বিক্ৰী আৰম্ভ হৈছে 2025 চনৰ 7 ফেব্ৰুৱাৰীৰ পৰা । কোম্পানীয়ে ইয়াক ছেমছাঙৰ ৱেবছাইট আমাজনকে ধৰি সকলো অনলাইন আৰু অফলাইন ষ্ট’ৰতে বিক্ৰীৰ বাবে উপলব্ধ কৰিছে । ৰাজু পুলানে কয়, “এই বছৰ আমি দেশৰ 17 হাজাৰ আউটলেটত আমাৰ ফ্লেগশ্বিপ স্মাৰ্টফোন বিক্ৰী কৰিম ।”
লগতে পঢ়ক

