ETV Bharat / technology

6,999 টকাতেই লাভ কৰক ছেমছাঙৰ 50 MP কেমেৰা আৰু 5000 mAh বেটাৰীযুক্ত ফোন

ছেমছাঙে ভাৰতত মুকলি কৰিছে তিনিটাকৈ নতুন ফোন য’ত বাজেট মূল্যত উপলব্ধ হৈছে 50 MP কেমেৰা আৰু 5000 mAh বেটাৰী ।

samsung-launches-galaxy-a07-f07-and-m07-in-india-with-50mp-camera-and-5000mah-battery
6,999 টকাতেই লাভ কৰক ছেমছাঙৰ 50 MP কেমেৰা আৰু 5000 mAh বেটাৰীযুক্ত ফোন (Samsung)
author img

By ETV Bharat Tech Team

Published : October 4, 2025 at 5:35 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ভাৰতত ছেমছাঙে মুকলি কৰিছে তিনিটাকৈ নতুন ফোন, এই সকলোবোৰৰ মূল্য বাজেট অনুৰূল । ছেমছাঙৰ নতুন তিনিটা ফোনৰ নাম হৈছে ছেমছাং গেলেক্সি A07, গেলেক্সি F07 আৰু গেলেক্সি M07 4G । এই ফোনসমূহত 50MP ৰিয়াৰ কেমেৰা ছেটআপ, 5,000mAh বেটাৰী, MediaTek Helio G99 চিপছেট আৰু 6.7 ইঞ্চি HD LCD স্ক্ৰীণ আছে । এই তিনিটা ছেমছাং ফোনৰ বিষয়ে জানো আহক ---

নতুন ছেমছাং ফোন তিনিটাৰ বৈশিষ্ট্য

এই তিনিটা নতুন ছেমছাং ফোনৰ নাম বেলেগ বেলেগ যদিও ইয়াৰ বৈশিষ্ট্য প্ৰায় একে । পাৰ্থক্য মাথোঁ এইটোৱেই যে কোম্পানীয়ে সেইবোৰ বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে বিক্ৰী কৰিব । গেলেক্সি A07 ছেমছাঙৰ ৱেবছাইটত, গেলাক্সি F07 এক্সক্লুছিভভাৱে ফ্লিপকাৰ্টত আৰু গেলাক্সি M07 এমাজনত এক্সক্লুছিভভাৱে উপলব্ধ হ’ব ।

samsung-launches-galaxy-a07-f07-and-m07-in-india-with-50mp-camera-and-5000mah-battery
নতুন ফোনটোৰ গেমিং ক্ষমতা (Samsung)

তিনিওটা ফোনতে 90Hz ৰিফ্ৰেছ ৰেটৰ সৈতে 6.7 ইঞ্চি HD+ LCD ডিছপ্লে আছে । এই ফোনসমূহৰ IP54 ৰেটিং আছে, যিয়ে ইয়াক পাতলীয়া বৰষুণ আৰু ধূলিৰ পৰা ৰক্ষা কৰাত সহায় কৰে । পৰিৱেশনৰ ফালৰ পৰা, এইকেইটা MediaTek Helio G99 চিপছেটৰ দ্বাৰা চালিত, যিয়ে দৈনন্দিন ব্যৱহাৰৰ বাবে মসৃণ পৰিৱেশন প্ৰদান কৰে ।

এই ফোনটো এণ্ড্ৰইড 15 ভিত্তিক One UI 7 ত চলিব । সৰ্বাধিক গুৰুত্বপূৰ্ণ কথাটো হ’ল ছেমছাঙে এই ফোনসমূহৰ বাবে ছয় বছৰৰ বাবে ছিকিউৰিটি আপডেট আৰু ছটা ডাঙৰ অ’এছ উন্নীতকৰণ আগবঢ়াইছে । ইমান দীঘলীয়া সময়ৰ আপডেট আৰু অপাৰেটিং ছিষ্টেম উন্নীতকৰণ বাজেট ফোনসমূহৰ বাবে বিৰল ।

samsung-launches-galaxy-a07-f07-and-m07-in-india-with-50mp-camera-and-5000mah-battery
নতুন ফোনটোৰ কেমেৰা (Samsung)

ফোনটোৰ কেমেৰা বিভাগৰ কথা ক’বলৈ গ’লে কোম্পানীটোৱে ডুৱেল ৰিয়াৰ কেমেৰা ছেটআপ প্ৰদান কৰিছে, য’ত আছে 50 MP প্ৰাইমেৰী কেমেৰা আৰু 2 MP ডেপথ চেন্সৰ । ফোনটোত ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 8MP ফ্ৰন্ট কেমেৰাও আছে । তদুপৰি, ফোনটোত 25W ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে 5000mAh বেটাৰী পেক কৰা হৈছে ।

তিনিওটা ফোনৰ মূল্য

samsung-launches-galaxy-a07-f07-and-m07-in-india-with-50mp-camera-and-5000mah-battery
নতুন ফোনটোৰ পানী প্ৰতিৰোধী ক্ষমতা (Samsung)
মডেল ভেৰিয়েণ্ট (ৰেম + ষ্টৰেজ) ৰং মূল্য (ভাৰত) উপলব্ধতা
Samsung Galaxy A07 4G 4GB + 64GBক’লা, সেউজীয়া, লাইট ভায়োলেট 8,999 টকা ছেমছাং অনলাইন ষ্ট’ৰ
Samsung Galaxy F07 4G 4GB + 64GB সেউজীয়া 7,699 টকা ফ্লিপকাৰ্ট এক্সক্লুছিভ
Samsung Galaxy M07 4G 4GB + 64GB ক’লা 6,999 টকা এমাজন এক্সক্লুছিভ

লগতে পঢ়ক

16,999 টকা আৰম্ভণি মূল্যত ভাৰতত মুকলি হ’ল Realme 15x 5G; জানক বৈশিষ্ট্যৰ বিষয়ে

থিৰাং হ’ল Oppo Find X9 ছিৰিজ মুকলিৰ দিন; কি কি আকৰ্ষণীয় বৈশিষ্ট্য থাকিব এই ছিৰিজত

অহা সপ্তাহত বজাৰলৈ Vivo V60e; 200 MP কেমেৰা চেন্সৰৰ লগতে থাকিব 6,500mAh বেটাৰী