12,999 টকা আৰম্ভণি মূল্যত ভাৰতত মুকলি হ’ল Samsung Galaxy Tab A1
ভাৰতত মুকলি কৰা হৈছে Samsung Galaxy Tab A1 । ইয়াত 8.7 ইঞ্চিৰ ডিছপ্লে আছে । ইয়াৰ সকলো বৈশিষ্ট্যৰ বিষয়ে জানো আহক ---

Published : September 24, 2025 at 2:57 PM IST
হায়দৰাবাদ: ভাৰতত মুকলি হৈছে Samsung Galaxy Tab A11 । অক্টা-কোৰ চিপছেটৰ দ্বাৰা চালিত ইয়াত 90 হাৰ্টজ ৰিফ্ৰেছ ৰেটৰ সৈতে 8.7 ইঞ্চি ডিছপ্লে আছে । এই ছেমছাং টেবলেটটোৱে 2023 চনত মুকলি কৰা গেলাক্সি টেব A9 ৰ পৰৱৰ্তী সংস্কৰণ । এই নতুন ছেমছাং টেবলেটটোৰ বিষয়ে জানো আহক ---
Samsung Galaxy Tab A11 স্পেচিফিকেশন
Samsung Galaxy Tab A11 ত 800×1340 পিক্সেল ৰিজ’লিউচন আৰু 90 হাৰ্টজৰ ৰিফ্ৰেছ ৰেটৰ সৈতে 8.7 ইঞ্চিৰ এইচডি+ টিএফটি ডিছপ্লে আছে । টেবলেটটোত অক্টা-কোৰ চিপছেট আছে যাৰ চিপিইউ স্পীড 2.2 গিগাহাৰ্টজ । অৱশ্যে এই টেবলেটত ব্যৱহৃত প্ৰচেছৰৰ বিষয়ে আনুষ্ঠানিক সবিশেষ এতিয়াও ছেমছাঙে প্ৰকাশ কৰা নাই ।
এই নতুন ছেমছাং টেবলেটটোৱে 8GB পৰ্যন্ত ৰেম আৰু 128GB ষ্ট’ৰেজ প্ৰদান কৰে, যিটো মাইক্ৰ’এছডি কাৰ্ডৰ জৰিয়তে 2TB পৰ্যন্ত বৃদ্ধি কৰিব পাৰি । কোম্পানীটোৱে ফোনটোৰ পিছফালে 8MP অটোফ’কাচ কেমেৰা প্ৰদান কৰিছে । ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবেও 5MP ফ্ৰন্ট কেমেৰা দিয়া হৈছে ।
সংযোগ বিকল্পসমূহৰ ভিতৰত আছে ৱাই-ফাই, 5G, ব্লুটুথ 5.3, জিপিএছ, গ্ল’নাছ, বেইডু, গেলিলিও, কিউজেডএছএছ, এটা ইউএছবি টাইপ-চি প’ৰ্ট আৰু এটা 3.5 মিমি অডিঅ’ জেক । এই ছেমছাং টেবলেটত ডলবি চালিত ডুৱেল স্পীকাৰো আছে ।
চেমচাং গেলেক্সি টেব A11 ৰ মূল্য ভাৰতত
- Samsung Galaxy Tab A11 দুটা মডেলত মুকলি কৰা হৈছে: এটা ৱাই-ফাই সংযোগৰ সৈতে আৰু আনটো চেলুলাৰ সংযোগৰ সৈতে অৰ্থাৎ 5G ।
- ৱাই-ফাই সংযোগৰ সৈতে প্ৰথমটো ভেৰিয়েন্টত 4GB ৰেম আৰু 64GB ষ্ট’ৰেজ আছে আৰু ইয়াৰ মূল্য 12,999 টকা ।
- ৱাই-ফাই সংযোগৰ সৈতে দ্বিতীয়টো ভেৰিয়েন্টত 4GB ৰেম আৰু 64GB ষ্ট’ৰেজ আছে আৰু ইয়াৰ মূল্য 17,999 টকা ।
- 5G কানেক্টিভিটিৰ সৈতে প্ৰথমটো ভেৰিয়েন্টত 4GB ৰেম আৰু 64GB ষ্ট’ৰেজ আছে আৰু ইয়াৰ মূল্য 15,999 টকা ।
- 5G কানেক্টিভিটিৰ সৈতে প্ৰথমটো ভেৰিয়েন্টত 8GB ৰেম আৰু 128GB ষ্ট’ৰেজ আছে আৰু ইয়াৰ মূল্য 20,999 টকা ।
- কোম্পানীটোৱে এই টেবলেটটো ধূসৰ আৰু ৰূপালী ৰঙত মুকলি কৰিছে ।
লগতে পঢ়ক

