50MP ট্ৰিপল ৰিয়াৰ কেমেৰাৰ সৈতে ভাৰতত মুকলি হ’ল Samsung Galaxy S25 FE
ভাৰতত আজি ছেমছাঙে মুকলি কৰিলে Galaxy S25 FE ৷ ফোনটোৰ কেমেৰা বৈশিষ্ট্যৰ লগতে আন আন বৈশিষ্ট্যবোৰৰ বিষয়ে জানো আহক ---

Published : September 4, 2025 at 5:16 PM IST
হায়দৰাবাদ: ছেমছাঙে গেলেক্সি ইভেণ্ট 2025 ত Galaxy S25 FE মুকলি কৰি Galaxy S25 FE সম্প্ৰসাৰণ কৰিছে । নতুন Galaxy S25 FE ত আছে 120 হাৰ্টজ এফ এইচ ডি+ ডাইনামিক এমোলেড 2X ডিছপ্লে, এক্সিন’ছ 2400 এছ অ’ চি, 8GB ৰেম, 512 GB পৰ্যন্ত ষ্ট’ৰেজ, 50MP ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ আৰু 4900mah 45W চাৰ্জিং সমৰ্থনৰ সৈতে বেটাৰী । ইয়াত এণ্ড্ৰইড 16ৰ ওপৰত ভিত্তি কৰি OneUI 8 চলি আছে ।
Samsung Galaxy S25 FE: মূল্য, উপলব্ধতা
ছেমছাং ইউ এছ ৱেবছাইট অনুসৰি, Galaxy S25 FE দুটা ষ্ট’ৰেজ কনফিগাৰেচনত আছে: 128 GB আৰু 256 GB । 8 GB ৰেম + 128 GB ষ্ট’ৰেজৰ মূল্য 650 ডলাৰ (প্ৰায় 57,000 টকা) আৰু 8GB ৰেম + 256 GB ষ্ট’ৰেজ ভেৰিয়েণ্টৰ মূল্য 710 ডলাৰ (প্ৰায় 62,000 টকা)। ই আইচিব্লু, জেটব্লেক, নেভি আৰু হোৱাইট ৰঙত উপলব্ধ ।
This is the official Galaxy S25 FE introduction film. With Galaxy S25 FE and Galaxy AI, capture, create, and edit with a camera that unlocks endless possibilities—and makes everyday moments more fun.
— Samsung India (@SamsungIndia) September 4, 2025
Know more: https://t.co/6FYKLLAYf2#GalaxyAI #GalaxyS25 FE #Samsung pic.twitter.com/cjEJ7GAFG3
উল্লেখযোগ্য যে ছেমছাঙে এই কথা উল্লেখ কৰিছে যে Galaxy S25 FE ৰ মূল্য স্থান অনুযায়ী ভিন্ন হ’ব । ভাৰতীয় মডেলৰ মূল্যৰ সবিশেষ শীঘ্ৰে ঘোষণা হোৱাৰ সম্ভাৱনা আছে ।

ছেমছাং গেলেক্সি S25 FE: স্পেচিফিকেশন
নতুনকৈ মুকলি কৰা Galaxy S25 FE ত 6.7 ইঞ্চিৰ FHD+Dynamic AMOLED 2X ডিছপ্লেৰ সৈতে 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট আৰু ভিজন বুষ্টাৰ আছে । ইয়াত 4nm Exynos 2400 চিপছেট আছে, 8GB ৰেম আৰু 512GB পৰ্যন্ত ষ্ট’ৰেজৰ সৈতে সংযোগ কৰা হৈছে । ডিভাইচটোত ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ আছে, য’ত আছে অপটিকেল ইমেজ ষ্টেবিলাইজেচন (OIS) সমৰ্থনৰ সৈতে 50MP মূল কেমেৰা, 12MP আল্ট্ৰা-ৱাইড লেন্স আৰু 3x অপটিকেল জুম আৰু OIS সমৰ্থনৰ সৈতে 8MP টেলিফটো কেমেৰা । ইয়াৰ সন্মুখত ছেলফি আৰু ভিডিঅ’ কলৰ বাবে 12MP কেমেৰা আছে ।

হেণ্ডছেটটোত 45W দ্ৰুত তাঁৰযুক্ত চাৰ্জিং আৰু WPC-কম্পেটিবল বেতাঁৰ চাৰ্জিঙৰ সমৰ্থনৰ সৈতে 4,900mAh বেটাৰী পেক কৰা হৈছে । ই এণ্ড্ৰ’ইড 16 ৰ ওপৰত ভিত্তি কৰি OneUI 4 ত চলিব আৰু ইয়াত সাত বছৰৰ অপাৰেটিং ছিষ্টেম আৰু ছিকিউৰিটি আপডেট আছে ।
Galaxy S25 FE ত ধূলি আৰু পানী প্ৰতিৰোধৰ বাবে IP68 ৰেটিং দিয়া হৈছে । ইয়াৰ সৈতে ছমাহৰ বাবে গুগল এআই প্ৰ’ৰ বিনামূলীয়া ব্যৱহাৰ আছে । ডিভাইচটোত অন্তৰ্ভুক্ত কৰা আন এআই বৈশিষ্ট্যসমূহ হ’ল গুগলৰ চাৰ্কল টু চাৰ্চ, জেমিনি লাইভ, নাও বাৰ, নাও ব্ৰিফ, কম শব্দ মোড, জেনেৰেটিভ এডিট, ইনষ্টেণ্ট স্লো-মো, অডিঅ’ ইৰেজাৰ, অটো ট্ৰিম আৰু বহুতো ।

| বৈশিষ্ট্য | বিৱৰণ |
|---|---|
| ডিছপ্লে’ | 6.7 ইঞ্চি FHD+ Dynamic AMOLED 2X, 120Hz ৰিফ্ৰেছ ৰেট |
| প্ৰচেছৰ | 4nm Exynos 2400 চিপছেট |
| ৰেম আৰু ষ্ট’ৰেজ | 8GB ৰেম, 512GB পৰ্যন্ত ইণ্টাৰনেল ষ্টোৰেজ |
| ৰিয়াৰ কেমেৰা | তিনিটা কেমেৰা: মূল কেমেৰা 50MP + 12MP আল্টা্ৰ ৱাইড + 8MP টেলিফটো (3x জুম) |
| সমুখৰ কেমেৰা | 12MP ছেলফি কেমেৰা |
| বেটাৰী | 4900mAh, 45W ফাষ্ট চাৰ্জিং সমৰ্থিত |
| অপাৰেটিং ছিষ্টেম | OneUI 8 (এণ্ড্ৰ’ইড 16 ৰ ভিত্তিত ) |
| আপডেট | 7 বছৰ পৰ্যন্ত OS और ছিকুৰিটী আপডেট |
| সুৰক্ষা ৰেটিং | IP68 ৰেটিং (ধূলি আৰু পানী প্ৰতিৰোধী) |
লগতে পঢ়ক

