ETV Bharat / technology

200MP কেমেৰা বৈশিষ্ট্যৰে মুকলি হ’ল Galaxy S25 Edge; ভাৰতত মূল্য কিমান ? - SAMSUNG GALAXY S25 EDGE LAUNCHED

200MP কেমেৰা আৰু কৰ্ণিং গৰিলা গ্লাছৰ সৈতে মুকলি হ’ল টেক জায়ান্ত ছেমছাঙৰ বহু চৰ্চিত শ্লীম স্মাৰ্টফোন Galaxy S25 Edge ৷ ফোনটোৰ বৈশিষ্ট্য, উপলব্ধতা জানো আহক...

samsung-galaxy-s25-edge-with-200mp-camera-corning-gorilla-glass-ceramic-2-launched-check-features-pricing
200MP কেমেৰা বৈশিষ্ট্যৰে মুকলি হ’ল Galaxy S25 Edge; মূল্য কিমান ? (Samsung)
author img

By ETV Bharat Tech Team

Published : May 13, 2025 at 9:37 AM IST

4 Min Read

হায়দৰাবাদ: বহু মাহৰ অপেক্ষা-উৎকণ্ঠাৰ অন্তত আজি ভাৰতত মুকলি হ’ল Galaxy S25 Edge ৷ কোম্পানীটোৱে ভাৰ্চুৱেলী আয়োজিত কৰা এক অনুষ্ঠানত এই স্মাৰ্টফোনটো মুকলি কৰে ৷ মুকলিৰ লগে লগে কোম্পানীটোৱে এই আল্ট্ৰা শ্লীম ফ্লেগশ্বিপ স্মাৰ্টফোন গেলাক্সি এছ 25 এজৰ বিভিন্ন বৈশিষ্ট্যৰ বিষয়ে প্ৰকাশ কৰিছে ৷ আশা কৰা ধৰণেই এই ফোনটোত 200 MP কেমেৰা দিয়া হৈছে ৷ দক্ষিণ কোৰিয়াৰ এই টেক জায়াণ্টটোৱে প্ৰথমবাৰৰ বাবে জানুৱাৰী মাহত গেলাক্সি আনপেকড ইভেণ্টত এই স্মাৰ্টফোনটো মুকলিৰ ইংগিত দিছিল । পৰৱৰ্তী সময়ত মোবাইল ৱৰ্ল্ড কংগ্ৰেছ (MWC)তো ইয়াক মুকলি কৰা হ’ব বুলি ইংগিত দিছিল, যাৰ ফলত ইয়াৰ শ্লীম ডিজাইন সন্দৰ্ভত সম্যক ধাৰণা পোৱা গৈছিল ।

ছেমছাঙে এই স্মাৰ্টফোনটো ‘Beyond Slim’ বুলি উল্লেখ কৰিছে ৷ Galaxy S25 Edge স্মাৰ্টফোনটোৰ ঘনত্ব 5.8 মি.মি. ৷ এই স্মাৰ্টফোনটোত গেলেক্সী প্ৰচেছৰৰ বাবে কোৱালকাম স্নেপড্ৰেগন 8 ইলাইট আৰু সুৰক্ষাৰ বাবে কৰ্ণিং গৰিলা গ্লাছৰ লেয়াৰৰ সৈতে 6.7 ইঞ্চি LTPO এম’ল্ড ডিছপ্লে আছে ৷ লগতে গেলেক্সীৰ বাবে কাষ্টমাইজ কৰা স্নেপড্ৰেগন 8 এলিট চিপছেট আছে ।

ডিজাইন

মাত্ৰ 163 গ্ৰাম ওজনৰ গেলাক্সি এছ 25 এজত টাইটানিয়াম ফ্ৰেম আছে, যিটো ডিভাইচৰ সন্মুখত কৰ্নিং গৰিলা গ্লাছ চিৰামিক 2 আৰু পিছফালে কৰ্নিং গৰিলা গ্লাছ ভিক্টাছ 2 ৰ সৈতে অধিক শক্তিশালী কৰা হৈছে । ধূলি আৰু পানী প্ৰতিৰোধৰ বাবে Galaxy S25 Edge IP68 ৰেটিং দিয়া হৈছে । ইয়াত ৱান ইউআই 7 চলি আছে, যিটো গেলাক্সি এআই আৰু জেমিনি ইন্টিগ্ৰেচনৰ দ্বাৰা চালিত ।

ছেমছাং গেলেক্সি S25 এজৰ কেমেৰা

ছেমছাং গেলেক্সি S25 এজত কোম্পানীটোৱে পিছফালৰ কোমেৰাটো 200 MP দিয়াৰ লগতে সমুখৰ কেমেৰাটো প্ৰদান কৰিছে 12 MP ৷ ইয়ে ইয়াকে বুজাই যে এই ফোনটোত কোম্পানীয়ে প্ৰ’ গ্ৰেড কেমেৰা প্ৰদান কৰিছে ৷

ছেমছাং গেলেক্সি S25 এজৰ বেটাৰী

samsung-galaxy-s25-edge-with-200mp-camera-corning-gorilla-glass-ceramic-2-launched-check-features-pricing
200MP কেমেৰা বৈশিষ্ট্যৰে মুকলি হ’ল Galaxy S25 Edge; মূল্য কিমান ? (Samsung)

এই ফোনটোত ছেমছাঙে 25W চাৰ্জিং সমৰ্থনৰ সৈতে 3900mAh বেটাৰী প্ৰদান কৰিছে ৷ কোম্পানীটোৱে দাবী কৰিছে যে এই ফোনটো মাত্ৰ 30 মিনিটতে 55 শতাংশ চাৰ্জ কৰিব পৰা যাব ৷

মূল্য, উপলব্ধতা, ৰং

আমেৰিকাত 1099 ডলাৰৰ পৰা আৰম্ভ হ’ব Galaxy S25 Edge । ইয়াৰ প্ৰি-অৰ্ডাৰ 13 মে’ৰ পৰা আৰম্ভ হ’ব ৷ 2025 চনৰ 23 মে’ৰ পৰা বিক্ৰীৰ বাবে উপলব্ধ হ’ব । গেলাক্সি এছ 25 এজ টাইটানিয়াম ছিলভাৰ, টাইটানিয়াম জেটব্লেক ৰঙৰ বিকল্প উপলব্ধ ।

ভাৰতত Samsung Galaxy S25 Edge ৰ মূল্য 12GB + 256GB বিকল্পৰ বাবে 1,09,999, আনহাতে 12GB + 512GB ভেৰিয়েন্টৰ মূল্য 1,21,999 টকা । বৰ্তমান এই হেণ্ডছেটটো ছেমছাং ইণ্ডিয়া ই-ষ্ট’ৰৰ জৰিয়তে দেশত প্ৰি-অৰ্ডাৰৰ বাবে উপলব্ধ ।

প্ৰি-অৰ্ডাৰ অফাৰ হিচাপে গ্ৰাহকে গেলাক্সি S25 এজৰ 512জিবি ভেৰিয়েণ্ট 256জিবি বিকল্প মূল্যতে লাভ কৰিব পাৰিব ।

ছেমছাং গেলেক্সি S25 এজ স্পেচিফিকেশন

Galaxy S25 Edge ত 6.7 ইঞ্চি Quad HD+ Dynamic AMOLED 2x ডিছপ্লে আছে যাৰ সহায়ত 120Hz ৰিফ্ৰেছ ৰেট (1~120Hz), Vision Booster, আৰু এডাপ্টিভ ৰঙৰ টোন আছে । ফোনটোৱে গেলাক্সিৰ বাবে কাষ্টমাইজ কৰা কোৱালকম স্নেপড্ৰেগন 8 এলিট চিপছেটৰ পৰা শক্তি আহৰণ কৰে, 12 জিবি ৰেম আৰু 256জিবি/ 512জিবি ষ্ট’ৰেজৰ সৈতে সংযোগ কৰা হৈছে । ইয়াক Android 15 ৰ ওপৰত ভিত্তি কৰি One UI 7 ৰ সৈতে প্ৰেৰণ কৰা হৈছে ।

ছেমছাং গেলেক্সি এছ 25 এজৰ এআই বৈশিষ্ট্য

Galaxy S25 Edge ত উন্নত Galaxy AI বৈশিষ্ট্যসমূহ পেক কৰা হৈছে, যেনে ব্যক্তিগতকৃত দৈনিক অন্তৰ্দৃষ্টিৰ বাবে Now Brief, Music Search, উন্নত কম পোহৰৰ ৰেকৰ্ডিঙৰ বাবে Night Video, শব্দ পৃথকীকৰণৰ বাবে Audio Eraser আৰু Drawing Assist আদি ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.